Logo
image

কংসৰ কাৰাগাৰে দৈৱকীৰ উদৰে...

বাংলাদেশতো পালন জন্মাষ্টমী

আমাৰ অসম, ২০ আগষ্টঃ ‘কংসৰ কাৰাগাৰে ঘোৰ অন্ধকাৰে জন্ম লৈলা তুমি হৰি দৈৱকীৰ উদৰে... শিলা বৃষ্টি, ঘোৰ অন্ধকাৰত কংসৰ কাৰাগাৰত ভাদমাহৰ অষ্টমী তিথিত দুষ্টক দমন আৰু সন্তক পালন কৰিবলৈ জগতৰ সৃষ্টিকৰ্তা শ্ৰীকৃষ্ণই এই ধৰা ধামত উপজিছিল৷ আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷ জগতৰ সৃষ্টিকৰ্তা শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ হৈ পৰে দেশ তথা ৰাজ্যৰ চৌদিশ৷ শুকুৰবাৰে পুৱাৰ পৰা মথুৰা, বৃন্দাবনৰ লগতে সমগ্ৰ দেশ তথা ৰাজ্যত এক উছৱ মুখৰ পৰিবেশ বিৰাজ কৰে৷ এইবাৰ বাংলাদেশতো বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷ বাংলাদেশত থকা হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে জন্মাষ্টমী পালন কৰে৷ বৃহস্পতিবাৰে বাংলাদেশৰ বিভিন্ন জিলাৰ সনাতন ধৰ্মাৱলম্বীসকলে জন্মাষ্টমী পালন কৰাৰ লগতে শুকুৰবাৰে পৃথিৱীৰ পৰা অশুভ শক্তিৰ বিনাশ ঘটাবলৈ তথা কল্যাণ আৰু ন্যায়ৰ বাবে শ্ৰীকৃষ্ণৰ আৰাধনা কৰে৷ এই উপলক্ষে বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হয়৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ আৰু প্ৰধানমন্ত্ৰী শেখ হাচিনাই সকলোকে শুভেচ্ছা জনায়৷ লগতে জন্মাষ্টমী উপলক্ষে শুকুৰবাৰে বাংলাদেশত চৰকাৰী বন্ধ দিয়া হয়৷ ইফালে সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমীৰ আয়োজন কৰা হয়৷ ঠাই বিশেষে দুই, তিনি দিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী আৰু নন্দ উৎসৱৰ আয়োজন কৰা হৈছে৷ শুকুৰবাৰে পুৱাৰে পৰা নিশা পৰ্যন্ত শ্ৰীকৃষ্ণৰ নাম, ভাগৱত পাঠ, কৃষ্ণৰূপৰ প্ৰতিযোগিতা, চিত্ৰাংকণ প্ৰতিযোগিতা, বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ ইফালে নামঘৰ, কৃষ্ণ মন্দিৰ সমূহতো আই সকলৰ নাম, বাপ সকলৰ ভাগৱত পাঠৰ আয়োজন কৰা হয়৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো নামঘৰ, মন্দিৰ সমূহত শ্ৰীকৃষ্ণৰ জন্মষ্টমীৰ আয়োজন কৰা হয়৷ উত্তৰ-গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰৰ লগতে গুৱাহাটীৰ আমবাৰীস্থিত গোপাল কৃষ্ণ নামঘৰত ভাদ মাহৰ নামৰ লগতে শ্ৰীকৃষ্ণৰ জম্মাষ্টমী, ৰূপনগৰ উন্নয়ন সমিতিৰ নামঘৰত দময়ন্তী ডেকাৰ পৰিচালনাত নাম প্ৰসংগ, দিহানাম পৰিবেশন কৰা হয়, পল্টনবজাৰস্থিত শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ নামঘৰ, ফাঁচি বজাৰৰ সীতাৰম ঠাকুৰবাৰী, বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ফাঁচিবজাৰৰ সাংঘানেৰীয়া ধৰ্মশালা আদিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷ ইফালে ইস্কন গুৱাহাটীৰ উদ্যোগত উলুবাৰীস্থিত মন্দিৰ প্ৰাংগণত ১৯ আৰু ২০ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ অয়োজন কৰা হৈছে৷ শুকুৰবাৰে পুৱাৰে পৰা মন্দিৰৰ দুৱাৰ খোলা হয় আৰু পুৱাৰ প্ৰাৰ্থনা, নাম, ভজন, কীৰ্তন, অভিষেক কৰা হয়৷ শুকুৰবাৰে মন্দিৰ প্ৰাংগণত প্ৰায় ২৫ হাজাৰ ভক্তৰ সমাগম হয় বুলি মন্দিৰ কতৃৰ্পক্ষই জানিবলৈ দিয়ে৷ আনহাতে, হৰেকৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ উদ্যোগত উত্তৰ-গুৱাহাটীস্থিত মন্দিৰ প্ৰাংগণত ১৮ আগষ্টৰ পৰা ২০ আগষ্টলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে৷ বিশ্ব হিন্দু পৰিষদৰ দক্ষিণ কামৰূপ জিলাৰ উদ্যোগত বিজয় নগৰ বাটৰহাট দুৰ্গা মন্দিৰ প্ৰাঙ্গণতো শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ পুৱা ধৰ্ম ধবজা উত্তোলন, গোমাতা পূজন, ধৰ্মীয় শুভাযাত্ৰা, বালক কৃষ্ণ প্ৰতিযোগিতা, ধৰ্ম সভা অনুষ্ঠিত হয়৷ জিলাৰ সভাপতি লক্ষ্মীকান্ত শৰ্মা, উপ-সভাপতি পৰাগ দাস আৰু জয়ন্ত কুমাৰ নাথ, সম্পাদক সীমান্ত নাথ, সহ সম্পাদক দ্বিপেন নাথ, কোষাধ্যক্ষ পঙ্কজ কুমাৰ নাথ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক কাৰ্যকৰ্তা মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰ্তা আৰু গাৱৰক্ষী বাহিনীৰ কাৰ্যকৰ্তাৰ প্ৰচেষ্টাত কাৰ্যক্ৰম সুন্দৰভাৱে সম্পাদন কৰা হয়৷ ধৰ্ম সভাত বক্তব্য প্ৰদান কৰে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ সহ সম্পাদক বিধান চন্দ্ৰ দেবৰায়ে৷ আনহাতে বিশ্ব হিন্দু পৰিষদে সমগ্ৰ বিশ্বতে শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগতে বিশ্ব হিন্দু পৰিষদৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে উদযাপন কৰে৷ পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ অন্তৰ্গত বিভিন্ন জিলাটো উলহ মালহেৰে জন্মাষ্টমী আৰু প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ লগতে পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে প্ৰান্তীয় সহ সেৱা প্ৰমুখ মুনীন্দ্ৰ ডেকা [মুন]ৰ সম্পাদনাত জন্মাষ্টমী শীৰ্ষক স্মৃতি গ্ৰন্থ প্ৰকাশ কৰা হয়৷ নুনমাটি প্ৰখণ্ডয়ো দিনজোৰা কাৰ্যসূচীৰে উত্তৰ নুনমাটি সৰ্বজনীন পূজা সমিতিৰ প্ৰাঙ্গণত উদ্‌যাপন কৰে৷ কাৰ্যসূচী অনুযায়ী পুৱা জ্জ্ব বজাত নুনমাটি অঞ্চলৰ ভবাণীপুৰৰ পৰা এক বিশাল শোভাযাত্ৰা প্ৰায় তিনি কিলোমিটাৰ শক্তিপীঠলৈ উলিওৱা হয়৷ পুৱা জ্ঝ.৩০ বজাত ধৰ্মধবজ্জা উত্তোলন কৰে নুনমাটি প্ৰখণ্ডৰ সভাপতি ড॰ পঙ্কজ দেৱশৰ্মাই৷ বন্তিপ্ৰজ্ব লন কৰে পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ নৰেন ৰয়ে৷ পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ মঠ মন্দিৰ প্ৰমুখ দিলীপ চক্ৰৱৰ্তীৰ সভাপতিত্বত এখন ধৰ্ম সভা অনুষ্ঠিত হয়৷ সভাত আংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ গুৱাহাটী মহানগৰৰ বিষয়া শংখপানি ভৰালীয়ে গুৰুত্ব পূৰ্ণ বক্তব্য আগবঢ়ায়৷ আন এগৰাকী বিশিষ্ট বক্তা পৰিষদৰ মহানগৰ সমিতিৰ উপদেষ্টা তথা হিন্দু জাগৰণ মঞ্চৰ অসম প্ৰান্তৰ প্ৰাক্তন সভাপতি ডম্বৰুধৰ তালুকদাৰে সাৰুৱা ভাষণ আগবঢ়ায়৷ অনুষ্ঠানত আয়তী সকলৰ নাম কীৰ্তনৰ উপৰিও শিশু সকলৰ মাজত কৃষ্ণৰ নৃত্য গীত আদি পৰিৱেশন কৰে৷ শেষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে পৰিষদৰ তৰফৰ পৰা প্ৰমাণ-পত্ৰ দিয়া হয়৷ অসম হিন্দু পৰিষদ, গুৱাহাটীৰ উদ্যোগত জু-ৰোড নবীন নগৰস্থিত সনাতন ধৰ্মসভা প্ৰাঙ্গণত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী উৎসৱ উদযাপনৰ আয়োজন কৰা হয়৷ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীত ৯.৩০ বজাৰ পৰা ক্ৰমে শ্ৰীকৃষ্ণৰ প্ৰতিচ্ছবি স্থাপন, মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, শ্ৰীকৃষ্ণৰ ৰূপ প্ৰদৰ্শন, গীতা শ্লোক আবৃত্তি পাঠ আৰু আই-মাতৃ সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হ’ব৷ দুপৰীয়া ধৰ্মালোচনা সভা অনুষ্ঠিত হয়৷ বিগত দুবছৰ ধৰি ক’ভিড পৰিস্থিতিৰ বাবে কেৱল পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আয়োজন কৰা হৈছিল যদিও এইবাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ পৱিত্ৰ ভাদমাহ, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আয়োজন কৰা হয়৷ পুৱাৰে পৰা নিশা পৰ্যন্ত বহু সংখ্যক ভক্তই শ্ৰীকৃষ্ণৰ আশিস দেশৰ দহৰ মংগল কামনা কৰে৷

ডুমুনীত কৃষ্ণ জন্মাষ্টমী পালন

বাগ্‌সা জিলাৰ ডুমুনী চাহ বাগিচাৰ ৰ নং লাইনৰ ৰাধা গোবিন্দ মন্দিৰত ১৮ আগষ্টৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্ব হিন্দু পৰিষদৰ দিহিৰা শাখাৰ সৌজন্যত আৰু ৰাধা গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰা হৈছে৷ উদ্‌যাপন সমিতিৰ সভাপতি সুৰপতি দাসাধিকাৰী,  কাৰ্যকৰী সভাপতি কানাইলাল চাহ আৰু সম্পাদক অৰবিন্দ তাঁতীৰ নেতৃত্বত কালিৰে পৰা কাৰ্যসূচী মতে, ধৰ্মীয় পতাকা উত্তোলন,  বৃক্ষৰোপণ,  চিত্ৰাংকন প্ৰতিযোগিতা,  ধৰ্মমূলক বক্তৃতা প্ৰতিযোগিতা, সান্ধ্য আৰতি আৰু ভাগৱত পাঠৰ পাছত ১৯ আগষ্টত প্ৰভাতী কীত্তৰ্ন,  মংগল আৰতি,  ধৰ্মীয় শোভাযাত্ৰা,  ধৰ্ম সভা,  শ্ৰীকৃষ্ণৰ মহিমা পাঠ,  সান্ধ্য আৰতি,  শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ কীত্তৰ্ন,  শ্ৰীকৃষ্ণৰ জন্ম অভিষেক আদি কাৰ্যসূচী অনুষ্ঠিত হয়৷ আজি পুৱা উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাত বহুসংখ্যক শিশু কৃষ্ণই ভাগ লয়৷ বৃহৎ অঞ্চলটোৰ পুৰুষ-মহিলাই অংশ লোৱা এই ধৰ্মীয় শোভাযাত্ৰাই প্ৰায় সাত কিলোমিটাৰ পথ অতিক্ৰম কৰে৷ স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ইয়াত ভাগ লয়৷

মধুপুৰ সত্ৰত জন্মাষ্টমী পালন

অসমৰ জাতীয় জীৱনত সমতা আৰু সংহতিৰ সৃষ্টিৰ ক্ষেত্ৰত অসমীয়া ৰাইজৰ ধৰ্মীয়, সামাজিক জীৱন, সাহিত্য-সংগীত আদি সংস্কৃতিৰ ঘাই উপাদানবোৰৰ ওপৰত অপৰিসীম প্ৰভাৱেৰে উৎপ্ৰেক্ষিত হোৱা এই পৱিত্ৰ ভাদ মাহত মহাপুৰুষ দুজনাৰ অমিয়া সৃষ্টি ভাগৱত পাঠ, নাম-প্ৰসংগ, বৰগীত আৰু সত্ৰীয়া নৃত্যৰে কোচবিহাৰৰ মধুপুৰ সত্ৰৰ আকাশ-বতাহ মুখৰিত হৈ পৰিছে৷ প্ৰভাতী বন্দনাৰে প্ৰতিটো দিনৰ ধৰ্মীয় কাম-কাজ আৰম্ভ কৰা এই মধুপুৰ সত্ৰ মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধৱদেৱৰজ্ঞান-গৰিমা আৰু তেওঁলোকৰ অনুপম সৃষ্টি সমলেৰে আজি উদ্ভাষিত হৈ পৰিছে৷ অসমৰ কলা-সংস্কৃতিৰ গুৰি ধৰি ধৰ্ম, সমাজ, সাহিত্য, সংগীত আদি বিভিন্নক্ষেত্ৰত জাতীয় জীৱনক উন্নত আৰু মহীয়ান কৰা গুৰুদুজনাৰ সৃষ্টিৰাজি ভাৰতৰ বিভিন্ন ঠাইত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্নধৰণৰ প্ৰচেষ্টা চলি থকাৰ মাজতে পশ্চিম বংগৰ কোচবিহাৰ অঞ্চলত মহাপ্ৰয়াণ ঘটা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক মধুপুৰ সত্ৰত পহিলা ভাদৰ পৰাই ভাগৱত পাঠ, থিয়নাম, আয়তিৰ নাম, বৰগীত আদিৰ পৰিৱেশনেৰে সত্ৰ চৌহদ বৈষ্ণৱ ধৰ্মৰ আলোকেৰে উজ্জ্বলাই তোলা হৈছে৷ মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ২ ভাদত ব্যাপক আৰু বৰ্ণাঢ্য আয়োজনেৰে সত্ৰ চৌহদত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়৷ মধুপুৰ সত্ৰৰ স্থানীয় তদাৰক সমিতিৰ সম্পাদক ডহ্ম কেশৱচন্দ্ৰ দাসৰ তত্ত্বাৱধানত সত্ৰৰ কীত্তৰ্ন ঘৰত পুৱা ভাগৱত পাঠ কৰাৰ লগতে আইসকলৰ নাম-প্ৰসংগ অনুষ্ঠিত হয়৷ সন্ধিয়াৰ পৰা মাজনিশালৈ ভকতসকলৰ থিয়নাম আৰু আইসকলৰ কৃষ্ণ বন্দনাৰে শ্ৰীকৃষ্ণৰ জন্মৰ পৱিত্ৰক্ষণ অবিস্মৰণীয় কৰি ৰখাৰ বাবে সত্ৰ চৌহদত মধুপুৰ সত্ৰৰ পাশ্বৰ্ৱৰ্তী এলেকাৰ শতাধিক বংগভাষী ভকত-বৈষ্ণৱ আৰু আইসকলে শংকৰী কলা-কৃষ্টি প্ৰদৰ্শন কৰে৷ সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত উত্তৰবংগৰ বংগভাষী মহাপুৰুষ শঙ্কৰদেৱৰ অনুৰাগীসকলৰ স্বতঃস্ফূট যোগদানে মহাপুৰুষ দুজনাই দেখুৱাই যোৱা শ্ৰেণীহীন আৰু বিভিন্ন জাতি-জনগোষ্ঠীৰ সন্মিলিত সমাজ এখনৰ এক সাৱলীল প্ৰতিচ্ছবি দাঙি ধৰিছে৷ সত্ৰ সমিতিয়ে জনোৱা মতে, ভাদ মাহৰ প্ৰতিটো দিনত সত্ৰ চৌহদত বিভিন্নধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷

গৰখীয়া গোসাঁই থানত জন্মাষ্টমী পালন 

সৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানত আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ পুৱা নাম-প্ৰসংগ আদি ধৰ্মীয় আচাৰ পালন কৰা হয়৷ পুৱা ৭ বজাৰ পৰা গোটেই দিনজুৰি থানলৈ কেইবাসহস্ৰাধিক ভক্তৰ আগমন ঘটে৷ সমগ্ৰ অসমৰ লগতে সৰভোগৰ দাঁতিকাষৰীয়া জিলাসমূহৰ পৰাও থানত অগণন ভক্তৰ সমাৱেশ ঘটা দেখা যায়৷ উল্লেখ্য যে, গৰখীয়া গোসাঁই থানৰ মূল উৎসৱসমূহৰ ভিতৰত শ্ৰীকৃষ্ণৰ জনাষ্টমী এটা লেখত ল’বলগীয়া উৎসৱ৷ ভাদ মাহৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনৰ দিনা এই উৎসৱ পালন কৰা হয়৷ পৱিত্ৰ অষ্টমী তিথি উপলক্ষে থানত আজি পুৱাৰ পৰাই বিভিন্নজনে নিজৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে ধূপ-চাকি-নৈবদ্যৰে ভগৱানৰ চৰণত প্ৰাৰ্থনা জনায়৷ সন্ধিয়া পুনৰ ভাগৱত পাঠেৰে থানৰ জন্মাষ্টমীৰ কাৰ্যসূচীৰ অন্ত পৰে৷ ইপিনে, প্ৰতি বছৰৰ দৰে এইবেলিও গৰখীয়া গোসাঁই থানত বৰনগৰ অমৰনাথ যাত্ৰীৰ পৰিচালনাত জ্জ সংখ্যক বাৰ্ষিক বিনামূলীয়া ভোজন বিতৰণ কৰা হয়৷ বৰনগৰ অমৰনাথ যাত্ৰী পৰিচালনা সমিতিয়ে জানিবলৈ দিয়া মতে, ঐতিহ্যমণ্ডিত মহাপ্ৰভু গৰখীয়া গোসাঁই থানত জন্মাষ্টমী উপলক্ষে আজি তেওঁলোকে পুৱাৰ সময়ত চাহ-জলপান আৰু দুপৰীয়া খিচিৰিৰে সহস্ৰাধিক লোকক বিনামূলীয়াকৈ আহাৰ যোগান ধৰে৷ তদুপৰি, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বৰপেটা জিলা সমিতিৰ পৰিচালনাত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে জন্মাষ্টমীলৈ অহা ভক্তপ্ৰাণ ৰাইজৰ মাজত বিনামূলীয়াকৈ খিচিৰি বিতৰণ কৰা হয়৷

নলবাৰীৰ হৰিমন্দিৰত জন্মাষ্টমী

সমগ্ৰ ভাৰতৰ লগতে নলবাৰীতো আজি শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালন কৰা হয়৷ সেইমৰ্মে নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত পালন কৰা হয় ৩৫সংখ্যক শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ৷ বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতিৰ সহযোগত মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় ৩৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱ৷ কৃষ্ণ জন্মাষ্টমী মহোৎসৱৰ লগত সংগতি ৰাখি এটি বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়৷ কৃষ্ণ জন্মাষ্টমী উপলক্ষে উলিওৱা ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে৷ নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ পৰা আৰম্ভ কৰা ধৰ্মীয় শোভাযাত্ৰাৰ দলটোৱে চহৰখনৰ মূল পথসমূহেৰে পৰিভ্ৰমণ কৰি পুনৰ নলবাৰী হৰিমন্দিৰ প্ৰাংগণত সামৰণি পৰে৷ আজিৰ এই শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী মহোৎসৱত ৰাষ্ট্ৰীয় স্বয়ংসেবক সংঘৰ অসম ক্ষেত্ৰৰ ক্ষেত্ৰ সংঘ চালক ডাঃ উমেশ চক্ৰৱৰ্তী, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ সভাপতি তৰুণ ঠাকুৰীয়া, বিশ্ব হিন্দু পৰিষদৰ বিভাগ মন্ত্ৰী অনুপ দাস, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ ক্ষেত্ৰ সংঘ চালক ডাঃ ভূপেশ শৰ্মা, কামাখ্যা ছোৱালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শৰ্মাসহিতে ভালেকেইজন লোক আমন্ত্ৰিত অতিথিসহ ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷

ফুলগুৰি গড়মূৰত উৎসৱমুখৰ পৰিৱেশ

১৯০৫ চনত স্থাপন কৰা ফুলগুৰিৰ গড়মূৰ বৰনামঘৰৰ আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে পুনৰ নিৰ্মাণ কৰা মণিকূটটোৰ সিংহাসন প্ৰতিষ্ঠা কৰা হয়৷ পুৱা জন্মাষ্টমী উপলক্ষে ধৰ্মধবজা উত্তোলন কৰে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰবীন্দ্ৰজিৎ বৰাই, স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জীৱন শইকীয়াই, বন্তি প্ৰজ্ব লন কৰে পুতুল শইকীয়াই৷ খোল প্ৰসংগ, নাম প্ৰসংগ, আদিৰ পাছতে দহ লাখ টকা ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা মণিকূটৰ সিংহাসন প্ৰতিষ্ঠা কৰে ননৈৰ ফুলবাৰী সত্ৰৰ সত্ৰাধিকাৰ দীলিপ গোস্বামীয়ে৷ দুপৰীয়া ৰাজহুৱা নাম প্ৰসংগ, প্ৰসাদ বিতৰণৰ পাছতে স্নেহবন্ধন নামৰ এক চিনাকি আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক তিলক বৰাই আঁতধৰা অনুষ্ঠানত অঞ্চলটোৰ পুৰণি এই নামঘৰটোৰ ১১৭ বছৰৰ পাছত অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ দুই লাখ টকাৰ লগতে বহু ভক্তপ্ৰাণ ৰাইজৰ দান-বৰঙণিৰে মুঠ ১০, ৯, ১২১ টকা ব্যয়েৰে মণিকূটভাগ নিৰ্মাণ কৰা হৈছে যদিও এইক্ষেত্ৰত ফুলগুৰিৰ জি এন ইলেকট্ৰনি’ৰ স্বত্বাধিকাৰ গৌতম ডেকাই দুই লাখ টকাৰ অনুদান দি মহান কৰ্মৰ পৰিচয় দিয়াৰ বাবে নামঘৰতেই ৰাজহুৱাভাৱে গৌতম ডেকাক সম্বৰ্ধনা-পত্ৰ, ফুলাম গামোচা, গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়৷ মণিকূট নিৰ্মাণৰ বাবে অৰ্থসাহায্য আগবঢ়োৱা বহুকেইটা পৰিয়ালক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটোত চমু ভাষণ প্ৰদান কৰি কয় দান দুই প্ৰকাৰৰ৷ দান দুই প্ৰকাৰৰ শাৰীৰিক আৰু অৰ্থ৷ এই দুয়োটাৰ ফলতেই যিকোনো অনুষ্ঠান গঢ়ি উঠে৷ সভাতেই গৌতম ডেকাক গঢ়মূৰ বৰনামঘৰৰ সমাজৰ লোক বুলি স্বীকৃতি প্ৰদান কৰা হয়৷ বিয়লি বন্তি প্ৰজ্বলনৰ পাছতে আমন্ত্ৰিত নামতি দলৰ দ্বাৰা নাম পৰিৱেশন কৰা হয়৷

ভৱানীপুৰ সত্ৰত জন্মাষ্টমী উদ্‌যাপন

ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত আজি ভৱানীপুৰ সত্ৰ প্ৰাংগণত দিনজোৰা কাৰ্যক্ৰমণিকাৰে শ্ৰীকৃষ্ণৰ জন্মষ্টমী উদ্‌যাপন কৰা হয়৷ পুৱা ৬ বজাত আয়তীসকলৰ দ্বাৰা নাম-প্ৰসঙ্গৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ কাৰ্যক্ৰমণিকা অনুযায়ী সত্ৰৰ ভকতসকলৰ দ্বাৰা নাম-প্ৰসঙ্গ, শিশু লীলা অধ্যায়ৰ ওপৰত দ্বীপেন দাস, অৰূপ দাস, ধনজিৎ কলিতা আৰু জ্যোতিষ ডেকাৰ দ্বাৰা ৰসময়ী কীত্তৰ্ন পাঠ, শ্ৰীকৃষ্ণৰ বেশভূষাৰ ওপৰত ভেশছন প্ৰতিযোগিতা, শ্ৰীকৃষ্ণৰ বাল্যকাল বিষয়ত বক্তৃতা প্ৰতিযোগিতা, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা, বঁটা বিতৰণী সভা, সত্ৰৰ দুপৰীয়াৰ প্ৰসঙ্গ কৰা হয়৷ বিয়লি নামাচাৰ্য হৰেকৃষ্ণ তালুকদাৰে ভাগৱত পাঠ আৰু পৰ্যালোচনা কৰে৷ সন্ধিয়াৰ পৰা সত্ৰৰ সন্ধিয়াৰ প্ৰসঙ্গৰ লগতে সমূহীয়া বন্তি প্ৰজ্ব লন কৰা হয়৷ নিশা আয়তীসকলে জন্মাষ্টমীৰ নাম-কীত্তৰ্ন কৰে৷ এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিধায়ক ফণীধৰ তালুকদাৰে৷ উল্লেখ্য যে, ভৱানীপুৰ সত্ৰত উদ্‌যাপিত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ কাৰ্যক্ৰমণিকাত অগণন ভক্তই অংশগ্ৰহণ কৰে৷