Logo
image

বিজ্ঞাপন নে বাতৰি! স্পষ্টীকৰণ দিলে নিউয়ৰ্ক টাইম্‌ছে

আমাৰ অসম, ২০ আগষ্টঃ এফালে চিবিআই আৰু আনফালে দেশৰ বৃহত্তম ৰাজনৈতিক দল বিজেপিৰ আক্ৰমণত দিনটো থৰকাছুতি হেৰুৱাবলগীয়া হোৱা আম আদমি পাৰ্টীয়ে দিনান্তত আমেৰিকাৰ বিখ্যাত সংবাদপত্ৰ নিউয়ৰ্ক টাইমছৰ জৰিয়তে সামান্য সকাহ লাভ কৰিছে৷ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ বাসভৱনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ কেলেংকাৰিৰ অভিযোগত চিবিআয়ে তালাচী চলোৱাৰ দিনটোতে নিউয়ৰ্ক টাইমছ সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাত মণীষ ছিছোদিয়াৰ অধীনস্থ দিল্লীৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা প্ৰশংসাসূচক বাতৰি প্ৰকাশ পাইছিল৷ উল্লেখ্য, উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ হাতত আবকাৰীৰ উপৰি শিক্ষাদপ্তৰো আছে৷ নিউয়ৰ্ক টাইমছৰ দৰে সংবাদপত্ৰত কেজৰিৱাল চৰকাৰ বা  বিশেষভাৱে মণীষ ছিছোদিয়াৰ শিক্ষাদপ্তৰৰ সন্দৰ্ভত এটা বিৰাট সুন্দৰ নিবন্ধ প্ৰকাশ পোৱাৰ লগে লগে আক্ষৰিক অৰ্থতে জ্বলি-পকি উঠে দিল্লীত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টী৷ সেই বাতৰি দেখাৰ পাছৰে পৰা বিজেপিৰ আগশাৰীৰ নেতা-নেত্ৰী -মন্ত্ৰীয়ে নিউয়ৰ্ক টাইমছৰ সংবাদটো কেজৰিৱাল চৰকাৰে টকা দি উলিওৱা বিজ্ঞাপন বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰে৷ তেওঁলোকৰ সেই কামত সুবিধা হৈছিল, কিয়নো একেটা নিবন্ধ খালিজ টাইমছ নামৰ সংবাদপত্ৰখনতো হুবহু প্ৰকাশ পাইছিল৷ অৱশ্যে খালিজ টাইমছে সেই নিবন্ধটো নিউয়ৰ্ক টাইমছৰ পৰা লোৱা বুলি তলত লিখি নিউয়ৰ্ক টাইমছ আৰু লিখকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷ সম্ভৱতঃ বিজেপিৰ আগশাৰীৰ নেতা-মন্ত্ৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰা শাৰীটো দেখিবলৈ নাপালে৷ তেওঁলোকৰ জ্বলন ইমানেই বেছি হৈছিল যে সেয়া চাবলৈও সময় নাছিল৷ ভালদৰে বাতৰিটো চোৱাৰ পৰিৱৰ্তে বিজেপিৰ কুখ্যাত আই টি বিভাগ আৰু একাংশ মন্ত্ৰীয়ে নিউয়ৰ্ক টাইমছৰ বাতৰিটোক লৈ ৰাজহুৱাকৈ কেজৰিৱাল চৰকাৰৰ কুৎসা ৰটনা কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰবল গতিত অপপ্ৰচাৰ চলায়৷ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই নিউয়ৰ্ক টাইমছ আৰু খালিজ টাইমছৰ দুয়োটা বাতৰিৰ ফটো টুইটাৰত লগাই কয়– একেটা বাতৰিকে দুয়োখন সংবাদপত্ৰত একেলগে কেনেকৈ ওলাব? ইয়াৰ লিখকো একেজনেই আৰু ফটোবোৰো একে৷ এয়া অৰৱিন্দ কেজৰিৱাল চৰকাৰে টকা দি উলিওৱা বিজ্ঞাপন৷ কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়েও টুইটাৰৰ আশ্ৰয় লৈ লিখে– কেজৰিৱালে নিজেই কৈছে, নিউয়ৰ্ক টাইমছত বাতৰি উলিওৱা সহজ নহয়৷ মই তাৰ পৰাই বুজিছো, তেওঁ বহু টকা খৰচ কৰি বিজ্ঞাপন দিবলগীয়া হৈছে৷ এইজন চিফ মিনিষ্টাৰ নে চিফ মাৰ্কেটাৰ৷ তাৰো পূৰ্বে বিজেপিৰ আগশাৰীৰ নেতা প্ৰৱেশ বাৰ্মাই  নিউয়ৰ্ক টাইমছৰ এই সংবাদক লৈ সংবাদমেল অনুষ্ঠিত কৰি এয়া আপৰ অপ-প্ৰচাৰ বুলি মন্তব্য কৰে৷ ইজনৰ পাছত সিজন বিজেপি নেতাই টুইটাৰত নিউয়ৰ্ক টাইমছ আৰু খালিজ টাইমছৰ ফটো দি বিজেপিয়ে তেওঁলোকৰ প্ৰশংসাৰ কথা বিজ্ঞাপন দি ছপা কৰা বুলি প্ৰবল গতিত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে৷ বিজেপিৰ এই আক্ৰমণত দিশহাৰা হৈ পৰিলেও দলৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰতিৰোধ কৰিবলৈ ক্ষীণতমো চেষ্টা চলায়৷ চাড্ডাই কয়, খালিজ টাইমছে নিউয়ৰ্ক টাইমছৰ পৰা বাতৰিটো লোৱা বুলি তলত উল্লেখ কৰিছে আৰু কৃতজ্ঞতা জনাইছে৷ এয়া বিজ্ঞাপন নহয়৷ যদি ক্ষমতা আছে বিজেপিয়ে নিউয়ৰ্ক টাইমছত টকা দি এনেদৰে এটা বাতৰি প্ৰকাশ কৰক– মই প্ৰত্যাহ৩ান জনাইছো৷ বিজেপি বিশ্বৰ সৰ্ববৃহৎ দল, সবাতোকৈ চহকী দল৷ আপোনালোকে ইচ্ছামতে টকা খৰচ কৰিব পাৰিব৷ ক্ষমতাও আছে৷ পাৰে যদি উলিয়াওকচোন চাও৷ আজিলৈকে নিউয়ৰ্ক টাইমছে আপোনালোকৰ বিষয়ে কেতিয়াও ভাল বাতৰি লিখা নেদেখিলো৷

বিজেপিয়ে চলোৱা অপ-প্ৰচাৰ দেশৰ মিডিয়ায়ো তীব্ৰভাৱে প্ৰচাৰ কৰে৷ পিছে তেনে সময়তে নিউয়ৰ্ক টাইমছে ভাৰতীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপলৈ স্পষ্টীকৰণ প্ৰেৰণ কৰি জনাই যে, তেওঁলোকৰ সংবাদ পত্ৰত প্ৰকাশিত দিল্লী চৰকাৰৰ শিক্ষা ব্যৱস্থা সম্পৰ্কীয় বাতৰিটো বিজ্ঞাপনো নহয়, পেইড নিউজো নহয়৷ বৰং তেওঁলোকৰ সাংবাদিকে ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই এই বাতৰিটো প্ৰস্তুত কৰিছে৷ দিল্লীৰ শিক্ষা ব্যৱস্থা চৰকাৰৰ অধীনত দিনকদিনে চমৎকাৰ হৈ যোৱাৰ সকলো তথ্য সম্বলিত কৰি বাতৰিটো প্ৰস্তুত কৰা হৈছে৷ নিউয়ৰ্ক টাইমছত প্ৰকাশ হ’ব পৰাকৈ এই বাতৰিৰ যোগ্যতা থকাৰ বাবেই আন্তঃৰাষ্ট˜ীয় বাতৰিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছে৷ সাংবাদিকৰ ভাষাত ক’বলৈ হ’লে এয়া ‘অন গ্ৰাউণ্ড ৰিপ’ৰ্টিং’৷ এই বাতৰিটো সম্পূৰ্ণৰূপে নিৰপেক্ষ৷ নিউয়ৰ্ক টাইমছে সদায় ‘ইমপাৰ্ছিয়েল’ অৰ্থাৎ নিৰপেক্ষ বাতৰি পৰিৱেশনত গুৰুত্ব দিয়ে৷ নিউয়ৰ্ক টাইমছে কাৰো প্ৰভাৱত বাতৰি প্ৰকাশ নকৰে৷ নিউয়ৰ্ক টাইমছে সাংবাদিকৰ স্বাধীনতাত সদায় বিশ্বাস কৰে আৰু বছৰ বছৰ ধৰি সেই স্বাধীনতা অটুট ৰাখি আহিছে৷ সকলো ৰাজনৈতিক প্ৰভাৱৰ পৰা নিউয়ৰ্ক টাইমছ মুক্ত৷ কোনো বিজ্ঞাপনৰ প্ৰভাৱত নিউয়ৰ্ক টাইমছে বাতৰি প্ৰস্তুত নকৰে৷ আমাৰ সাহস আৰু স্বাধীনতা আমি সাংবাদিক হিচাপে অক্ষুণ্ণ ৰাখিছো৷