Logo
image

প্ৰেছক্ৰিপচনত দুটকীয়া ড’ল’ লিখিবলৈ চিকিৎসকক দিয়া হৈছিল ১,০০০ কোটি

আমাৰ অসম, ২০ আগষ্টঃ ক’ভিডৰ সময়ত চিকিৎসকৰ পৰা ৰোগীলৈ সকলোৱে মুখত এটাই ঔষধৰ নাম৷ সেই ঔষধ বিধ হৈছে ড’ল’-৬৫০৷ ক’ভিডত আক্ৰান্ত হোৱা ৰোগীক জ্বৰ নিৰাময়কাৰী ঔষধ হিচাপে উক্ত ড’ল’ টেবলেট খোৱাৰ বাবে পৰামৰ্শ দিছিল চিকিৎসকে৷ আনকি ক’ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসকেও প্ৰেছক্ৰিপচনত ড’ল’-৬৫০ টেবলেট ব্যৱহাৰৰ বাবে লিখি  দিয়া দেখা গৈছিল৷ চিকিৎসকে নিদান পত্ৰ অৰ্থাৎ প্ৰেছক্ৰিপচনত কোনো ঔষধৰ কম্প’জিশ্বনহে লিখিব লাগে যদিও চিকিৎসকে স্পষ্টভাৱে ড’ল’-৬৫০ টেবলেটৰ নামহে লিখিছিল৷ ক’ভিডৰ সময়ত দেশৰ বজাৰ দখল কৰা ২ টকীয়া মূল্যৰ একোটা ড’ল’-৬৫০ টেবলেট ৰোগীক খোৱাৰ বাবে প্ৰেছক্ৰিপচনত লিখিবলৈ চিকিৎসকক ঔষধ প্ৰস্তুতকাৰী কোম্পানীটোৱে ১,০০০ কোটি টকা উপঢৌকন দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ উচ্ছতম ন্যায়ালয়ত দাখিল হোৱা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনত ড’ল’-৬৫০ টেবলেট প্ৰস্তুতকাৰী কোম্পানী বেংগালুৰুৰ মাইক্ৰ’ লেবে মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ জৰিয়তে চিকিৎসকক হাজাৰ কোটি টকা বিতৰণ কৰাৰ ভয়ংকৰ অভিযোগ কৰিছে৷ ফেডাৰেচন অৱ মেডিকেল এণ্ড ছেলছ ৰিপ্ৰেজেণ্টেটিভ এছ’চিয়েশ্বন অব ইণ্ডিয়াই ৰুজু কৰা এটা জনস্বাৰ্থ জড়িত গোচৰত এই চাঞ্চল্যকৰ অভিযোগ কৰিছে৷ আদালতত সংস্থাটোৰ দাবী কৰা মতে–চিকিৎসকসকলে যাতে তেওঁলোকৰ প্ৰেছক্ৰিপচনত ড’ল’-৬৫০ ঔষধবিধৰ নাম লিখে তাৰ বাবে এহাজাৰ কোটি টকা বিতৰণ কৰিছে কোম্পানীটোৱে৷ বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ খণ্ড বিচাৰপীঠে উক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰে৷ এই সন্দৰ্ভত ফেডাৰেচনৰ অধিবক্তা সঞ্জয় পাৰিখে আদালতত যুক্তি দাঙি ধৰি  কয় যে – চিকিৎসকসকলে যাতে জ্বৰ নিৰায়মকাৰী ঔষধ হিচাবে উক্ত টেবলেটবিধ খাবলৈ পৰামৰ্শ দিয়ে তাৰ বাবে এহাজাৰ কোটি টকা বিতৰণ কৰিছে ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীটোৱে৷ আনহাতে, উক্ত বিষয়টি সন্দৰ্ভত নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে কয়– এইটো এটা গুৰুতৰ সমস্যা৷ আনকি ন্যায়াধীশজনে ক’ভিডত  আক্ৰান্ত হোৱাৰ সময়তো তেওঁক উক্ত ঔষধবিধ খোৱাৰ পৰামৰ্শ দিয়া হৈছিল বুলিওঁ সদৰি কৰে৷ তেওঁ লগতে কয়–বিষয়টো কেৱল আমাৰ কাণেৰে শুনা কথা নহয়৷ মই যেতিয়া ক’ভিডত আক্ৰান্ত হৈছিলোঁ তেতিয়া মোকো এই ঔষধ খাবলৈ কোৱা হৈছিল৷ ই এক গুৰুতৰ সমস্যা৷ এই ক্ষেত্ৰত ঔষধ প্ৰস্তুতকৰ্তা কোম্পানীবোৰে ইউনিফৰ্ম কোড অব ফাৰ্মাচিউটিকেল মাৰ্কেটিং প্ৰেক্টিচ অৰ্থাৎ ঔষধ বিপণনৰ ক্ষেত্ৰত মানি চলাৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰা গাইডলাইন [অৱশ্যে সেয়া মানি চলাটো বাধ্যতামূলক নহয়] যাতে মানি চলে তাৰ বাবে কেন্দ্ৰক সক্ৰিয় হোৱাৰ নিৰ্দেশ বিচাৰি আদালতত আবেদন কৰিছে গোচৰীয়া পক্ষই৷ এই প্ৰসঙ্গত ক’ভিড-১৯ চলি থকা সময়ত ৰেমচিডিভিৰ ঔষধৰ অত্যধিক বিক্ৰী আৰু চিকিৎসকসকলৰ পৰামৰ্শক উদাহৰণ হিচাপে উল্লেখ কৰিছে গোচৰীয়া পক্ষৰ অধিবক্তাই৷ উল্লেখ্য, এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক প্ৰতিক্ৰিয়া কি হ’ব সেয়া আগন্তুক এসপ্তাহৰ ভিতৰত জনাবলৈ আদালতে নিৰ্দেশ দিয়ে৷ ১০ দিন পাছত উক্ত গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে৷ ইফালে ঔষধ প্ৰস্তুতকাৰী কোম্পানীটোৰে এই অভিযোগ অস্বীকাৰ কৰিছে যদিও ক’ভিডৰ সময়ত ড’ল’-৬৫০ ৰ পৰা ৩৫০ কোটি টকা ব্যৱসায় কৰাৰ কথা স্বীকাৰ কৰিছে৷ অৱশ্যে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড অৰ্থাৎ চিবিডিটিয়ে ইতিপূৰ্বে দেশৰ ৯ খন ৰাজ্যৰ ৩৬টা স্থানত অভিযান চলোৱাত ড’ল’ প্ৰস্তুতকাৰী কোম্পানী বেংগালুৰুৰ মাইক্ৰ’লেবে ৩০০ কোটি টকা কৰ ফাঁকি দিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছিল৷