Logo
image

নৈশপাৰ্টীত উদ্দাম নৃত্য ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

আমাৰ অসম, ২০ আগষ্টঃ ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছানা মাৰিয়া বিশ্বৰ ভিতৰতে কনিষ্ঠতম প্ৰধানমন্ত্ৰী৷ পিছে মাত্ৰ ৩৬ বছৰ বয়সীয়া মাৰিয়াই এটাৰ পাছত আন এটা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে৷ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী গৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত তেওঁ বিভিন্নজনৰ সমালোচনাৰ পাত্ৰ হ’ব লগাত পৰিছে৷ উল্লেখ্য যে এটা নাইট ক্লাৱত প্ৰধানমন্ত্ৰী ছানা মাৰিয়াক স্বল্প বস্ত্ৰ পৰিধান কৰি একাংশ সুৰামত্তৰ সৈতে নৃত্য কৰি থকা অৱস্থাত দেখা যায় ভিডিঅ’টোত৷ যাৰ বাবে বহুতে তেওঁৰ মাদক পৰীক্ষা কৰাৰ বাবেও দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে ফিনলেণ্ডৰ এইগৰাকী প্ৰধানমন্ত্ৰী বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এইটোৱেই প্ৰথম ঘটনা নহয়৷ ইয়াৰ পূৰ্বে ক’ভিড কালৰ লকডাউনৰ সময়তো তেওঁ নৈশ ক্লাৱত পাৰ্টীত মত্ত হৈ  বিৰোধী দলসমূহৰ সমালোচনাৰ সন্মুখীন হ’ব লগাত পৰিছিল৷ পৰৱৰ্তী সময়ত অৱশ্যে তেওঁ নিজৰ ভুলৰ বাবে ক্ষমা বিচাৰে৷ তদুপৰি বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বেই মাতৃ হৈছিল ছানা মাৰিয়া৷ ২০১৯ চনৰ ডিচেম্বৰ মাহত ক্ষমতালৈ আহিছিল মাৰিয়া৷