Logo
image

দিল্লীৰ উপমুখ্যমন্ত্ৰীৰ ঘৰত চিবিআই, দিনভৰ তালাচী

সুৰা আৰু ষড়যন্ত্ৰ

আমাৰ অসম, ২০ আগষ্টঃ গুজৰাটত ক্ষমতা লাভ কৰিলে আম আদমি পাৰ্টীয়ে বিনা খৰচত চৰকাৰী স্কুলত উৎকৃষ্ট শিক্ষাব্যৱস্থা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াৰ দুদিন পাছতে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী  মণীষ ছিছোদিয়াৰ বাসভৱনত চিবিআয়ে আবকাৰী নীতিৰ কেলেংকাৰিৰ অভিযোগত দিনজোৰা তালাচী চলায়৷ গুজৰাটৰ বিধানসভাৰ নিৰ্বাচন ক্ৰমাৎ কাষ চাপি অহাৰ সময়ত আম আদমি পাৰ্টীয়ে প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ গৃহৰাজ্যখনলৈ চকু দিছে৷ গুজৰাটক লৈ আম আদমি পাৰ্টী অধিক ব্যস্ত হৈ ৰাজ্যৰ ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ মন্তব্য কৰি থকাৰ মাজতে  শুকুৰবাৰে আম আদমি পাৰ্টীৰ শীৰ্ষনেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ বাসভৱনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দিনজোৰা তালাচী চলোৱাৰ ঘটনাই গভীৰ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে৷   দিল্লীৰ আবকাৰী বিভাগৰো দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই ২০২১ চনৰ নৱেম্বৰত হাতত লোৱা চৰকাৰী আবকাৰী নীতি আসোঁৱাহপূৰ্ণ আৰু কেলেংকাৰিসৰ্বস্ব আছিল বুলি অভিযোগ কৰি শুকুৰবাৰে উপ-মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু দিল্লীৰে অন্যান্য ২১ টা স্থানত চিবিআয়ে তালাচী চলাইছে৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান মুঠতে ৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ বিস্তৃত হয়৷ চিবিআয়ে মুঠতে শুকুৰবাৰৰ দিনটোত ৩০ টা স্থানত তালাচী চলায়, ইয়াৰে ২১ টা স্থান আছিল ৰাজধানী নতুন দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত৷ ইতিমধ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াক মুখ্য অভিযুক্ত কৰি মুঠতে ১৩ জন ব্যক্তি আৰু দুটা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ ৰুজু কৰা গোচৰৰ এজাহাৰৰ প্ৰথম নামটোৱেই হৈছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়া৷ তেওঁৰ উপৰি এজাহাৰত দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰ্ভ গোপীকৃষ্ণ, উপ-আয়ুক্ত আনন্দ কুমাৰ তিৱাৰী,  সহকাৰী আয়ুক্ত পংকজ ভাটনগৰ আৰু ৯ জন ব্যৱসায়ীৰ নাম আছে৷  চিবিআয়ে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে এজন সুৰা ব্যৱসায়ীয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ এজন ঘনিষ্ঠ ব্যক্তিক এক কোটি টকা উপঢৌকন প্ৰদান কৰিছিল৷ তেওঁলোকৰ সুবিধা হোৱাকৈ আবকাৰী মন্ত্ৰী হিচাপে মণীষ ছিছোদিয়াই দিল্লীৰ আবকাৰী নীতি  তৈয়াৰ কৰাৰ বাবেই উক্ত সুৰা ব্যৱসায়ীজনে ছিছোদিয়াৰ ঘনিষ্ঠ ব্যক্তিক উৎকোচ প্ৰদান কৰা বুলি চিবিআয়ে এজাহাৰত অভিযোগ কৰিছে৷ উল্লেখ্য, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই দিল্লীৰ আপ চৰকাৰে ভুল আবকাৰী নীতি গ্ৰহণ কৰা বুলি চিবিআইক তদন্তৰ বাবে এতিয়াৰ পৰা এমাহৰ পূৰ্বে আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিবিআয়ে ইতিপূৰ্বে কেলেংকাৰি সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান সম্পূৰ্ণ কৰে আৰু শুকুৰবাৰে তেওঁলোকে একেলগে দিল্লীৰ ২১ স্থানকে ধৰি দেশৰ ৭ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুঠ ৩০ স্থানত তালাচী চলায়৷ নিশা ৯ বজা পৰ্যন্ত তালাচী অভিযান অব্যাহত আছে যদিও মণীষ ছিছোদিয়া অথবা কোনো অভিযুক্তকে তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা নাই৷

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই চিবিআইৰ তদন্তক আদৰণি জনায়ো এয়া বিজেপিৰ ৰাজনৈতিক অভিসন্ধি বুলি মন্তব্য কৰিছে৷ চিবিআইৰ দলে তালাচী চলাই থকাৰ মাজতে ছিছোদিয়াই টুইটাৰত লিখে– এই তালাচীলৈ মই আদৰণি জনাইছো৷ কিন্তু এটা কথা কওঁ, এয়া অতি দুৰ্ভাগ্যজনক যে, দেশত যি ভাল কাম কৰে তেওঁলোককে এইদৰে হাৰাশাস্তি কৰা হয়৷ সেইকাৰণে আমাৰ দেশ কেতিয়াও এক নম্বৰ হ’ব নোৱাৰিলে৷ ইপিনে যোৱা ৫ জুলাইতে মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিয়ালে ভৱিষ্যদ্বাণী কৰি কৈছিল যে আগষ্টৰ শেষৰ ফালে বিজেপিয়ে মণীষ ছিছোদিয়াক গ্ৰেপ্তাৰৰ চেষ্টা চলাব৷ তেওঁৰ সেই ভৱিষ্যদ্বাণী আজি প্ৰায় সঁচা প্ৰমাণিত হৈছে৷ অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ কেজৰিৱালৰ প্ৰতিক্ৰিয়া বেছ সংযত৷ ২০১৫ চনত কেজৰিৱালৰ কাৰ্যালয়ত চিবিআয়ে তালাচী চলাওতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘কাপুৰুষ’ আৰু ‘ছাইক’পেথ’ বুলি অভিহিত কৰিছিল৷ 

কি কাৰণত চিবিআয়ে এই তালাচী চলাইছে সেই লৈ প্ৰশ্ন উত্থাপিত হৈছে৷ আবকাৰী নীতিৰ বাবে এনেদৰে তালাচী চলোৱা কিমান যুক্তিসংগত সেই লৈয়ো চৰ্চা হৈছে৷ উল্লেখ্য ২০২১-২২ চনত আবকাৰী মন্ত্ৰী হিচাপে মণীষ ছিছোদিয়াই কেজৰিৱাল চৰকাৰৰ হৈ নতুন আবকাৰী নীতি গ্ৰহণ কৰিছিল৷ ২০২১ চনৰ নৱেম্বৰত সেই নীতি বলৱৎ কৰা হয়৷ নতুন আবকাৰী নীতিৰ জৰিয়তে কেজৰিৱাল চৰকাৰে অতি কম দিনতে ৮,৯১৯.৫৯ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছিল৷ কেজৰিৱাল চৰকাৰৰ আবকাৰী ৰাজহ বৃদ্ধি হৈছিল ২৭ শতাংশ৷ কিন্তু এই নতুন আবকাৰী নীতিৰ জৰিয়তে কিছুমান সুৰা ব্যৱসায়ীক  ধন ঘটাৰ সুযোগ উলিয়াই দিয়াৰ অভিযোগ উঠিছিল৷ মুখ্য সচিব নৰেশ কুমাৰৰ এটা প্ৰতিবেদনৰ ভিত্তিত যোৱা ৮ জুলাইত আপ চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অভিযোগ ৰুজু হৈছিল৷ সেই অভিযোগত কোৱা হৈছিল যে নতুন আবকাৰী নীতিৰ জৰিয়তে মণীষ ছিছোদিয়াই কিছুসংখ্যক সুৰা সম্ৰাটক ধনৰ পাহাৰ বান্ধিবলৈ সুযোগ উলিয়াই দিছে৷ অভিযোগ অনুসৰি এজন নিবিদাকাৰীক চৰকাৰে ৩০ কোটি টকা ওভতাই দিছিল৷ ৰপ্তানি কৰা বীয়েৰৰ ক্ষেত্ৰত চৰকাৰে ভুল হিচাপেৰে নিবিদা আহ্বান জনোৱা বুলি কৈ এই ধন ওভতাই দিছিল৷ তদুপৰি ছিছোদিয়াৰ অধীনত আবকাৰী বিভাগে ক’ভিড অতিমাৰীৰ লকডাউনৰ ফলত সৃষ্টি হোৱা লোকচানৰ ক্ষেত্ৰত ১৪৪.৩৬ কোটি টকা সুৰা ব্যৱসায়ীৰ সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ বাবদ মাফ কৰিছিল৷ তাৰ জৰিয়তে মণীষ ছিছোদিয়া লাভান্বিত হৈছে ব্যক্তিগতভাৱে৷ এই অভিযোগ উঠাৰ পাছতে এমাহ পূৰ্বে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই চিবিআইক অভিযোগৰ তদন্ত কৰাৰ আহ্বান জনায়৷ তাৰেই পৰিণতিত শুকুৰবাৰে চিবিআয়ে তালাচী চলাইছে৷