Logo
image

শিক্ষামন্ত্ৰীৰ পত্ৰত বিত্তীয় সংকট তুমুল বিতৰ্কৰ মূৰত প্ৰত্যাহাৰ

আমাৰ অসম, ২০ আগষ্টঃ এখন পত্ৰক লৈ এতিয়া হাহাকাৰ লাগিছে দিছপুৰৰ বাহিৰে-ভিতৰে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়কসকললৈ দিয়া পত্ৰখনে ৰাজ্য চৰকাৰৰ বিত্তীয় সংকটৰ প্ৰকৃত স্বৰূপ উন্মোচন কৰি দিয়া বুলিও চৰ্চা লাভ কৰিছে৷ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ প্ৰয়োজন পূৰণৰ বাবে চৰকাৰৰ পৰ্যাপ্ত পুঁজিৰ অভাৱৰ বাবেই ‘বিদ্যাঞ্জলী ২.০’ আঁচনিৰ অধীনত বিধায়কসকলক পৰিচিত দাতা আৰু পৃষ্ঠপোষকৰ পৰা সা-সামগ্ৰী যোগানৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাই প্ৰেৰণ কৰা পত্ৰখনক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ ১১ আগষ্টত শিক্ষামন্ত্ৰীয়ে প্ৰেৰণ কৰা এই পত্ৰখন লাভ কৰাৰ পাছতেই একাংশ বিধায়কে স্কুলৰ আন্তঃগাঁথনিৰ বাবে চকী-মেজ ক্ৰয় কৰিবলৈ চৰকাৰৰ পুঁজি অভাৱ হোৱাৰ বিষয়টোক সমালোচনাৰ লক্ষ্য কৰি লয়৷ আনকি হিতাধিকাৰী আঁচনিৰ বাবে ধন থকা বিজেপি চৰকাৰৰ শিক্ষানুষ্ঠানৰ আচবাব-পত্ৰ কিনিবলৈ ধন নথকা বিষয়টোক ক্ষোভ ব্যক্ত কৰে বিৰোধী বহুকেইজন বিধায়কে৷ শিক্ষামন্ত্ৰীয়ে প্ৰেৰণ কৰা পত্ৰখনত উল্লেখ কৰিছিল এইদৰে–আপোনাৰ সমষ্টিৰ কিছুমান  বিদ্যালয়ত পৰ্যাপ্ত সুবিধা যেনে– বৈদ্যুতিক পাংখা, পকী-মেজ, খোৱাপানী ফিল্টাৰ ইত্যাদি অবিহনে চলি আছে৷ এখন বিদ্যালয়ত এই সুবিধাসমূহ থকাটো শিক্ষণ-শিকন পৰিৱেশৰ বাবে অতিকৈ জৰুৰী৷ যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্ৰয়োজনসমূহ পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ৷ এই অভাৱসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব৷ প্ৰধানমন্ত্ৰীয়ে ‘বিদ্যাঞ্জলী ২.ঙ্ম’ নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে৷ বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱসমাজ, সামাজিক সংগঠন তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাটো হৈছে এই আঁচনিৰ মূল উদ্দেশ্য৷ এই ক্ষেত্ৰত Http://vidyanjali.education.gov.in/en প’ৰ্টেলত পঞ্জীয়নৰ জৰিয়তে অনুদান তথা সেৱাসমূহ উক্ত অনুষ্ঠান তথা ব্যক্তিসকলে আগবঢ়াব পাৰিব৷’ লক্ষণীয়ভাৱে এই  চিঠিখনৰ জৰিয়তে শিক্ষামন্ত্ৰীয়ে কাৰ্যতঃ বিধায়কসকলক নিজ নিজ সমষ্টিত ‘চান্দা’ তুলিবলৈ আহ্বান জনোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰে বিৰোধীৰ বহুকেইজন বিধায়ক৷ শিক্ষামন্ত্ৰীৰ এই পত্ৰৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক আব্দুল ৰছিদ মণ্ডলে কয়– ‘চৰকাৰৰ কিমান বিত্তীয় সংকটত আছে সেয়া মন্ত্ৰী ৰণোজ পেগুৰ চিঠিৰ পৰাই ওলাই পৰিল৷ ইয়াৰ দ্বাৰা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লাভৰ বাট মুকলি হ’ব৷’ ইফালে বিধায়ক ৰফিকুল ইছলামেও প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ‘শিক্ষামন্ত্ৰী সহজ-সৰল মানুহ৷ তেওঁ সঁচা কথাবোৰ কৈ দিছে৷ চৰম বিত্তীয় অৱস্থাত থকাৰ বাবে চলাব পৰা নাই বিদ্যালয়সমূহ৷ সেয়ে বিচাৰিছে সহায় ভিক্ষা৷ ঝুমলাবাজী চলোৱা বিজেপি, মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ঘূৰি বাহিৰত কেবিনেট পতা, সভা-সমিতিৰ নামত টকা খৰছ কৰাবোৰ বন্ধ কৰক৷ ইয়াৰ বাবে কেবিনেটত সিদ্ধান্ত লওক৷’ অৱশ্যে একাংশ বিধায়কৰ এই প্ৰতিক্ৰিয়াৰ পাছতেই বিধায়কসকললৈ এটা হোৱাটছএপ মেছেজ প্ৰেৰণ কৰি শিক্ষা মন্ত্ৰীয়ে উক্ত পত্ৰখন প্ৰত্যাহাৰ কৰা বুলি প্ৰকাশ কৰে৷ হোৱাটছএপ বাৰ্তাটোত সাময়িকভাৱে পত্ৰখন গ্ৰহণ নকৰিবলৈ আহ্বান জনায় সকলো বিধায়কক৷ পত্ৰখনত কিছু পুনৰীক্ষণৰ প্ৰয়োজন আছে বুলিও মেছেজত উল্লেখ কৰে পেগুৱে৷ ইয়াৰ পাছতেই এখন সংবাদ মেল সম্বোধন কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ সংবাদ মেলত পেগুৱে কয়– ‘বিদ্যাঞ্জলী প’ৰ্টেলৰ বাবে চিঠি  দিয়াটো সত্য৷ ধন টকা পইচা বা বিত্তীয় সংকটৰ কথা অসত্য৷ কিন্তু মোৰ চিঠিখনৰ ভুল ব্যাখ্যা কৰা হৈছে৷ বিদ্যাঞ্জলী প’ৰ্টেলৰ স্কুলবোৰ ছেমি-চৰকাৰী৷ বিদ্যাঞ্জলীৰ বাবে দান-বৰঙণি বিচৰা হয়৷ বিদ্যাঞ্জলীৰ বাবে শিক্ষকো বহু সময়ত স্বেইচ্ছাই আগবাঢ়ি আহে৷ বিদ্যাঞ্জলী কেন্দ্ৰীয় চৰকাৰৰ প’ৰ্টেল৷ ইয়াৰ জৰিয়তে জনসাধৰাণক শিক্ষানুষ্ঠানৰ লগত জড়িত কৰে৷ কিন্তু বিৰোধী বিধায়কে চৰকাৰৰ পুঁজি নাই বুলি সমালোচনা কৰিছে৷ ইয়াৰ জৰিয়তে কোনোবাই স্বইচ্ছাই বৰঙণি আগবঢ়াব পাৰে৷ মই চিঠিখনত যি নাটনিৰ কথা কৈছিলোঁ সেয়া চৰকাৰৰ পুঁজি নাই নহয়৷ এছ এম চিৰ কেতিয়াবা নাটনি হোৱাৰ কথা কৈছিলো৷ চৰকাৰৰ পুঁজিৰ নাটনিৰ কথা কোৱা নাছিলোঁ৷ বিদ্যাঞ্জলী সমাজৰ মানুহৰ সৈতে জড়িত৷ শিক্ষানুষ্ঠানসমূহৰ সৈতে ৰাইজৰ সহযোগ থাকিবৰ বাবে এই ব্যৱস্থা কৰা হৈছে৷ কিন্তু কথাবোৰ বেলেগকৈ ওলাইছে৷ এছ এম চিৰ ধনৰ নাটনিৰহে কথা কোৱা হৈছে৷ শিক্ষা বিভাগৰ ধনৰ অভাৱ হোৱা নাই৷ কেৱল দান-বৰঙণিয়ে নহয়, স্বেচ্ছাই কোনোবাই শিক্ষকতাও কৰিব পাৰিব৷ ধনৰ নাটনি বাক্যটোত এছ এম চি শব্দটো থাকি গৈছে৷’ অৱশ্যে শিক্ষামন্ত্ৰীয়ে  বিধায়কসকললৈ ধনৰ নাটনিৰ সন্দৰ্ভত প্ৰেৰণ কৰা চিঠিখন প্ৰত্যাহাৰ কৰিলেও  ইতিপূৰ্বে শিক্ষা বিভাগে প্ৰধান শিক্ষকসকললৈ প্ৰাক্তন শিক্ষাৰ্থীৰ পৰা ধন বৰঙণি তথা আচবাব দান লোৱাৰ বাবে প্ৰেৰণ কৰা পত্ৰখন প্ৰত্যাহাৰ কৰা  নাই