
আশ্বস্ত হ’ব পৰা নাই বাবেই বিপিএফক এৰা নাই বিজেপিয়ে
২০২০ বৰ্ষৰ বড়োভূমিৰ পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ঠিক পাছতেই, অৰ্থাৎ ১২ ডিচেম্বৰ গৰকি ১৩ ডিচেম্বৰত ভৰি দিওঁতেই [১২ বাজি ৩৮ মিনিটত] দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে টুইটাৰ যোগে সদৰি কৰিলে : ‘NDA secured a comfortable majority in Assam BTC election.’ তেওঁ এই বিজয়ৰ বাবে ইউ পি পি এল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত কুমাৰ দাস আৰু ৰাজ্যিক বিজেপিক অভিনন্দন জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি অব্যাহত ৰখা বিশ্বাসৰ বাবে অসমবাসী ৰাইজকো ধন্যবাদ জনালে৷ এই টুইট ফেচবুক যোগে প্ৰচাৰ কৰি নেডাৰ সমন্বয়ক আৰু অসমৰ বিত্তমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বিজয় সাব্যস্ত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৃষ্টিৰ ভুয়সী প্ৰশংসা কৰিলে৷ তেওঁ এই কথাও ঘোষণা কৰিলে যে, অনাগত দিনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে অধিক ভাল দিন দেখিব৷
১২ ডিচেম্বৰ তাৰিখটো অসমৰ ৰাজনীতিত অৱশ্যেই গুৰুত্বপূৰ্ণ৷ যোৱা বছৰৰ ১১ ডিচেম্বৰত ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছত ১২ ডিচেম্বৰত অসমত তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছিল আৰু সেই প্ৰতিবাদকালত পাঁচজন যুৱকৰ মৃত্যু হৈছিল৷ ১২ ডিচেম্বৰত বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ সময়তেই ২০১৯ৰ এই দিনটোক সোঁৱৰণ কৰি অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদো হ’ল৷ ২০১৯ বৰ্ষৰ এই প্ৰতিবাদৰ অন্যতম অংশীদাৰ আছিল প্ৰমোদ বড়োৰ নেতৃত্বৰ নিখিল বড়ো ছাত্ৰ সন্থাও৷ ২০১৯ বৰ্ষৰ ১১ ডিচেম্বৰত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়কত সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনষ্ঠ স্বায়ত্তশাসিত পৰিষদসমূহক এই আইনৰ আউটিৰ পৰা বাহিৰত ৰখা হয়৷ লগে লগে নিখিল বড়ো ছাত্ৰ সন্থাৰ দৰে জনজাতীয় বহু সংগঠনক নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ পৰা আঁতৰাই পঠিওৱা হ’ল৷ তাৰ পাছতেই ২০২০ চনৰ ২৭ জানুৱাৰীত নতুন দিল্লীত বড়োসকলৰ তৃতীয়খন চুক্তি সম্পাদিত হ’ল৷ এই চুক্তি প্ৰধানতঃ এন ডি এফ বিৰ বিভিন্ন গোটক মূল সুঁতিলৈ আনিবৰ বাবেই যদিওবা সম্পাদিত হৈছিল, কিন্তু এই বিটিআৰ চুক্তিৰ অন্যতম লক্ষ্য আছিল অসমৰ নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনক খণ্ডিত কৰি তোলা৷ এই চুক্তি সম্পাদন কালত উপস্থিত থকাসকলৰ ভিতৰত অন্যতম আছিল সেই সময়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো৷ তাৰ ঠিক পাছতেই গুৱাহাটী মেডিকেল কলেজৰ প্ৰেক্ষাগৃহত এনডিএফবিৰ অস্ত্ৰ সম্বৰণ কাৰ্য অনুষ্ঠিত হৈছিল৷ সেই বিশেষ অনুষ্ঠানটো আছিল নাগৰিকত্ব সংশোধনী আইনৰ উত্তৰ কালত অসমত অনুষ্ঠিত অসম চৰকাৰৰ প্ৰথমটো সমজুৱা অনুষ্ঠান৷ চুক্তি সম্পাদন তথা অস্ত্ৰ সম্বৰণ দুয়োটা কাৰ্যসূচীতেই বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীও উপস্থিত আছিল৷ ইয়াৰ পাছতেই ৭ ফেব্ৰুৱাৰীত কোক্ৰাঝাৰত বিটিআৰ চুক্তি সম্পাদনৰ উদ্যাপন সভা অনুষ্ঠিত হ’ল৷ এই সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিলে, ‘Today is the day for the entire North-east including Assam to welcome a new beginning in the 21st century, a new dawn, a new inspiration. Today is the day to take a pledge that development and trust would continue to be our mainstay and that they would be further strengthened. Let us not be engulfed by the darkness of violence ever again. Let us welcome a peaceful Assam, a New Resolute India’৷ মনত ৰখা উচিত হ’ব যে, নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ বাবেই গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ আৰু জাপানৰ প্ৰধানমন্ত্ৰীৰ মাজৰ মহা সন্মিলন [Summit] বাতিল কৰিবলগীয়া হৈছিল৷ গতিকে বিটিআৰ চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ বাবে অসমত ৰাজনৈতিক বৈধতা পুনৰ নিৰ্মাণত প্ৰথমটো গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, এই চুক্তি সম্পাদনৰ উত্তৰ কালত হাগ্ৰামা মহিলাৰীয়ে এই চুক্তি সমালোচনা কৰা আৰম্ভ কৰিলে আৰু এই চুক্তি এক আপোচ বুলি ঘোষণা কৰিলে৷ চুক্তিৰ নামত আপোচ কৰা বাবে হাগ্ৰামা মহিলাৰীয়ে প্ৰধানকৈ নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োকে আক্ৰমণৰ লক্ষ্য কৰি ললে৷ এই চুক্তিক সমালোচনা কৰাৰ জৰিয়তে হাগ্ৰামা মহিলাৰীয়ে আচলতে বিজেপি দলকো সমালোচনা কৰিলে৷ এনে পৰিবৰ্তিত প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টীৰ বাবে বড়োভূমিত বিশ্বাসযোগ্য মিত্ৰ হৈ উঠিল প্ৰমোদ বড়ো৷ তাৰ পাছতেই প্ৰমোদ বড়োৱে ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থাৰ দ্বায়িত্ব এৰি পৰবৰ্তী সময়ত ইউনাইটেড পিপ’লছ পাৰ্টি লিবাৰেলৰ দ্বায়িত্ব গ্ৰহণ কৰি বিটিচি নিৰ্বাচনত দলটোক নেতৃত্ব দিয়ে৷ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাৱে ইউ পি পি এলৰ লগত মিত্ৰতা স্থাপন কৰে৷ নিৰ্বাচনী প্ৰচাৰকালত ভাৰতীয় জনতা পাৰ্টী আৰু ইউ পি পি এল উভয়ে হাগ্ৰামা মহিলাৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ নিৰ্বাচনী পৰিভাষা অতি নিম্ন পৰ্যায়লৈ নামি যায়৷ এই নিৰ্বাচনত ইউ পি পি এলে যিধৰণৰ সু-ফলাফল দেখুৱাব বুলি আশা কৰিছিল সিমান সু-ফলাফল লাভ নকৰিলে৷ ঠিক সেইদৰে হাগ্ৰামা মহিলাৰীৰ বিপিএফ যিদৰে বিধস্ত হ’ব বুলি আশংকা কৰা হৈছিল সেইদৰে বিধস্তও নহ’ল৷ এই নিৰ্বাচনত বিপিএফ দলে সৰ্বাধিক আসন লাভ কৰি কিছু পৰিমাণে এক চমক দিলে৷ কংগ্ৰেছ-এ আই ইউ ডি এফৰ শোচনীয় পৰাজয় হ’ল৷ সাংসদ নৱ শৰণীয়াৰ নেতৃত্বৰ গণ সুৰক্ষা পাৰ্টীয়ে মাত্ৰ এখন আসন লাভ কৰিলে৷ সকলোকে আচৰিত কৰি ১২ ডিচেম্বৰৰ মাজনিশা নৱ শৰণীয়াই বিজেপি-ইউ পি পি এলৰ বিটিচিত পৰিষদৰ ক্ষমতা দখলৰ ৰাজনৈতিক খেলখনত নিজকে সপি দিলে৷
বিটিচি নিৰ্বাচনৰ ৰাজনৈতিক কৌশল আৰু ফলাফলে ২০২১ বৰ্ষৰ অসম বিধানসভাৰ নিৰ্বাচনত কিবা প্ৰভাৱ পেলাবনে? কৈ থোৱা ভাল যে ভাৰতীয় জনতা পাৰ্টীয়ে ২০২১ বৰ্ষৰ নিৰ্বাচন সন্মুখত ৰাখিহে বিটিচি নিৰ্বাচনৰ কৌশল ৰচিছিল৷ এই নিৰ্বাচনৰ ফলাফলে ভাৰতীয় জনতা পাৰ্টীক যে সম্পূৰ্ণকৈ আশ্বস্ত কৰিব পৰা নাই সেইটো নিশ্চিত৷ সেয়েহে নিৰ্বাচনী ফলাফলৰ পাছতেই বিপিএফ আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতি বিজেপিৰ সুৰ কিছু নৰম হৈছে৷ কেৱল ইউপিপিএলৰ ওপৰত ভৰসা কৰি অসমত সিঁচৰতি হৈ থকা বড়োলোকৰ ভোট দখল কৰিব পাৰিব বুলিও বোধহয় বিজেপি আশ্বস্ত হ’ব পৰা নাই৷ সেয়েহে, ভাৰতীয় জনতা পাৰ্টীয়ে তৎকালে বিপিএফৰ লগত মিত্ৰতা ভংগৰ কথা ভাবিব পৰা নাই৷ এফালে বিপিএফক এন ডি এৰ মিত্ৰজোঁটৰ পৰা বহিষ্কাৰ নকৰাকৈয়ে আৰু কোনো আনুষ্ঠানিক সিদ্ধান্ত নোহোৱাকৈয়ে ইউপিপিএলৰ সফলতাকো দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে বড়োভূমিত এনডিএৰ সফলতা বুলি ঘোষণা কৰিছে৷ এই সকলোবোৰ ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ কৌশলৰেই অংশ৷ প্ৰমোদ বড়োৱে বিটিচিৰ পৰৱৰ্তী পৰিষদৰ মুখ্য কাৰ্যবাহীৰ দ্বায়িত্ব ল’ব৷ তেওঁৰ প্ৰতি অভিনন্দন আৰু শুভেছা জ্ঞাপন কৰিলোঁ আৰু তেওঁৰ নেতৃত্বত বড়োভূমিত শান্তি আৰু উন্নয়নৰ নতুন যাত্ৰা আৰম্ভ হ’ব বুলি আশা ৰাখিলোঁ৷