Logo
image

‘অগ্নিপৰীক্ষা’লৈ সাজু চৰকাৰ

তৃতীয়-চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত প্ৰাৰ্থী ১৪ লাখ

আমাৰ অসম, ২০ আগষ্টঃ ৰাজ্যৰ ৪৮টা বিভাগত তৃতীয় আৰু চতুৰ্থবৰ্গৰ প্ৰায় ২৭ হাজাৰ পদত নিযুক্তিৰ বাবে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’ব পৰীক্ষা৷ অৰ্হতা অনুযায়ী পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ’ব উক্ত পৰীক্ষা৷ ২১ আগষ্টত ২৪খন জিলাত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্টত ২৫খন জিলাত তৃতীয় বৰ্গৰ নিযুক্তিৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা৷ এই কথা ঘোষণা কৰে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে৷ শুকুৰবাৰে ছেবাৰ কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰি জৈনে কয়– ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জৰিয়তে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা যাতে নিয়াৰিকৈ অনুষ্ঠিত হয় তাৰ বাবে প্ৰত্যেকখন জিলাত দুজন পৰ্যবেক্ষক নিযুক্তি দিয়া হ’ব৷ এজন অসম চৰকাৰৰ বিষয়া আৰু এজন ছেবাৰ বিষয়াক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হ’ব৷ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত এজনকৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া [অ’ চি] পৰ্যায়ৰ বিষয়াক নিযুক্তি দিয়া হ’ব৷ চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত ২১ আগষ্টত দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণই পুৱা দহ বজাৰ পৰা বিয়লি ১২ বজালৈ আৰু অষ্টম শ্ৰেণীলৈকে পঢ়া আবেদনকাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ আনহাতে, তৃতীয় বৰ্গৰ ক্ষেত্ৰত ২৮ আগষ্টত উচ্ছতৰ মাধ্যমিক উত্তীৰ্ণ আবেদনকাৰীয়ে পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ, স্নাতক ডিগ্ৰীধাৰীয়ে বিয়লি দুই বজাৰ পৰা চাৰি বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ গাড়ী চালকৰ ক্ষেত্ৰত [দশম শ্ৰেণীত উত্তীৰ্ণ] এঘাৰ ছেপ্টেম্বৰৰ পুৱা দহ বজাৰ পৰা দিনৰ বাৰ বজালৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব৷ বিভিন্ন বিভাগত কৰ্মৰত ৰাজপত্ৰিত বিষয়াসকলক প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাবে পৰ্য্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে যিয়ে পৰীক্ষা অনুষ্ঠিত হোৱা দিনটোত সমগ্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়াটো পৰ্য্যবেক্ষণ কৰিব৷ লিখিত পৰীক্ষা তদাৰকীৰ বাবে প্ৰতিটো কেন্দ্ৰতে অন্য জিলাৰ পৰা একোজনকৈ তদাৰকী বিষয়া নিয়োগ কৰা হ’ব৷ পৰীক্ষা গৃহলৈ প্ৰৱেশ কৰাৰ সময়ত প্ৰতিজন পৰীক্ষাৰ্থীৰ শৰীৰ খানাতালাচ কৰা হ’ব৷ ভাৰতীয় কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত তলত উল্লিখিত বিষয়ত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভৱনা আছে৷ পৰীক্ষাৰ্থী, প্ৰতিলিপিকাৰ বা পৰীক্ষা সংক্ৰান্তীয় কাৰ্য্যত নিয়োজিত ব্যক্তিৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধত মানুহৰ সমাগম বন্ধ থাকিব৷ পৰীক্ষাৰ্থীসকলে নিয়ম বৰ্হিভূত কোনোধৰণৰ সামগ্ৰী যেনে– মোবাইল ফোন [আনকি বন্ধ কৰি খোৱা অৱস্থাত থাকিলেও], যিকোনো ইলেকট্ৰনিক সামগ্ৰী, প্ৰগেমেবল ডিভাইচ বা ইৰেজ মিডিয়া ডিভাইচ যেনে– স্মাৰ্ট ঘড়ী, হেল্‌থ বেগুচ্‌, ইলেকট্ৰিক পেনযস্কেনাৰ ব্লুটুথ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰফোন বা এনেধৰণৰ অন্য কোনো ডিভাইচৰ উপৰিও উকা বা লিখিত কাগজ আদি পৰীক্ষা গৃহলৈ আনিব নোৱাৰিব৷ পৰীক্ষা সূচাৰুভাৰে পৰিচালনা কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা কৰা হৈছে৷ প্ৰতিজন পৰীক্ষাৰ্থীৰ বিপৰীতে আগতীয়াকৈ তেওঁৰ ৰোল নম্বৰ ছপা কৰা একোখন অ’ এম আৰ দিয়া হ’ব য’ত পৰীক্ষাৰ্থীজনৰ ফটো সংলগ্ন থাকিব৷ উপস্থিতিৰ খতিয়ানতো পৰীক্ষাৰ্থীৰ ফটো সংলগ্ন থাকিব যাতে পৰীক্ষাৰ্থীজনৰ হৈ আন কোনো পৰীক্ষাত বহিব নোৱাৰে৷ দ্বিতীয়তে পৰীক্ষাৰ্থীজনৰ একে ফটো আৰু স্বাক্ষৰ তেওঁৰ সাক্ষাতকাৰ আৰু নিযুক্তিৰ সময়তো পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হ’ব৷ পৰীক্ষাৰ্থীসকলে মোবাইল ফোন [আনকি বন্ধ কৰি থোৱা অৱস্থাত থাকিলেও], যিকোনো ইলেকট্ৰনিক সামগ্ৰী, প্ৰগেমেবল ডিভাইচ বা ষ্টৰেজ মিডিয়া ডিভাইচ যেনে– স্মাৰ্ট ঘড়ী, হেল্‌থ বেণ্ডচ, ইলেকট্ৰিক পেন, স্কেনাৰ, ব্লুটুঠ ডিভাইচ, ইয়েৰ ফোন, মাইক্ৰফোন বা এনেধৰণৰ অন্য কোনো চলিত বা বন্ধ অৱস্থাত থকা যোগাযোগৰ বাবে সক্ষম ডিভাইচ আনিব নোৱাৰিব৷ কেলকুলেটৰ, পেন ড্ৰাইভ, কাগজৰ টুকুৰা, পাঠ্যক্ৰম সম্পৰ্কীয় সামগ্ৰী আনিব নোৱাৰিব৷ পৰীক্ষাত অসৎ কাৰ্য কৰিব পৰা আন যিকোনো সামগ্ৰী আনিব নোৱাৰিব৷ পৰীক্ষাৰ্থীসকলক উপযুক্ত এক্তিয়াৰ থকা অনুষ্ঠানে প্ৰদান কৰা ফটো সন্নিৱিষ্ট প্ৰৱেশ পত্ৰ, কলম, পেঞ্চিল, ৰাবাৰ আৰু ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা তেনেধৰণৰ প্লাষ্টিক কাৰ্ড লগত নিব পাৰিব৷ পৰীক্ষাগৃহলৈ নিব নোৱাৰা যিকোনো সামগ্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো দায়িত্ব নলয়৷ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ অন্তত তেওঁলোকৰ অ’ এম আৰ উত্তৰ বহী আৰু প্ৰশ্নকাকত জমা দিব লাগিব৷ অন্যথা তেওঁলোকক অনুপস্থিত বুলি গণ্য কৰা হ’ব৷ যিসকল পৰীক্ষাৰ্থীয়ে প্ৰতিলিপিকাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰে তেওঁলোকৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা– এটা পৰ্যায়ৰ অন্ধতা, দুয়ো হাতৰ অক্ষমতা থকা কোনো পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত উপায়ুক্তৰ পৰা অনুমতি পত্ৰ নাথাকিলেও নিজৰ প্ৰতিলিপিকাৰ আনিব পাৰিব৷ অন্যধৰণৰ শাৰীৰিকভাৱে বিশেষ সক্ষম পৰীক্ষাৰ্থীয়ে উপায়ুক্তৰ পৰা পোৱা অনুমতি পত্ৰ দেখুৱাব নোৱাৰিলে আৰু যদিহে তেওঁৰ দুয়োখন হাতেৰে লিখিব নোৱাৰা পৰিস্থিতিত, পৰ্যবেক্ষকে তেনে পৰীক্ষাৰ্থীক পৰ্যবেক্ষণ কৰিব আৰু প্ৰয়োজন অনুসৰি প্ৰতিলিপিকাৰৰ সহায় ল’বলৈ অনুমতি দিব৷ এইবোৰৰ উপৰি পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীক প্ৰয়োজন সাপেক্ষে প্ৰতিলিপিকাৰ হ’বৰ বাবে সাজু ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷ অসম চৰকাৰৰ বাবে এই নিযুক্তি পৰীক্ষা যেন অগ্নিপৰীক্ষা৷ ছেবাক উক্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দায়িত্ব দিয়া হৈছে যদিওবা হাইস্কুল শিক্ষান্ত পৰীক্ষা নিখুতভাৱে অনুষ্ঠিত কৰাত প্ৰায়ে বিফল হয় ছেবা৷ ৩/৪ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষা অনুষ্ঠিত কৰি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা ছেবাৰ সমুখত এইবাৰ আছে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থী৷ স্বাভাৱিকতেই উক্ত পৰীক্ষা অসম চৰকাৰৰ বাবে অগ্নিপৰীক্ষা বুলি বিবেচিত হৈছে৷ উল্লেখ্য, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ২৬ হাজাৰ ৪৪১টা পদৰ বিপৰীতে আবেদন কৰিছে ১৪ লাখ ৩০ হাজাৰ ৪৩৭ গৰাকী প্ৰাৰ্থীয়ে৷ বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত জৈনে কয় যে– এই পদত বহিঃৰাজ্যৰ লোকে চাকৰি পোৱাৰ সম্ভাৱনা অতি কম৷ কিয়নো উক্ত পদৰ বিপৰীতে আবেদন কৰা সময়ত আবেদনকাৰীৰ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন থকাটো বাধ্যতামূলক আছিল৷ ইফালে, ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ সংবাদ মেলৰ পিছতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়– পৰীক্ষাত বেমেজালি কৰিলেই জে’ললৈ যাব লাগিব৷ পৰীক্ষা অনুষ্ঠিত হোৱা জিলাসমূহত ১৪৪ ধাৰা বলবৎ কৰাৰ কথা চলি আছে৷ পৰীক্ষাত জড়িত বিষয়া-কৰ্মচাৰী, পৰীক্ষাৰ্থী, পৰীক্ষাৰ্থীৰ পৰিয়ালৰ লোক কোনোৱে যাতে অন্যায় নকৰে৷ অন্যায় কৰিলে ধৰা পৰিবই৷ ধৰা পৰিলে জে’ল খাবই লাগিব৷

ৰাজ্য চৰকাৰৰ চাকৰিৰ পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক

অসম চৰকাৰৰ ৩য় আৰু ৪ৰ্থ বৰ্গৰ ৩০ হাজাৰ চাকৰি পদৰ বাছনি পৰীক্ষাৰ প্ৰশ্ন কাকতত হিন্দী ভাষা ব্যৱহাৰ কৰা কাৰ্যত নাগৰিকত্ব সংশোধনী আইন [কা] বিৰোধী সমন্বয় সমিতি, অসমে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে আৰু চৰকাৰৰ এনে কাৰ্যই অসমৰ নিবনুৱা যুৱক যুৱতীক পেটত গোৰ শোধাইছে বুলি অভিহিত কৰিছে৷ সমন্বয় সমিতিৰ সভাপতি ড॰ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয়– হিন্দী ভাষা ব্যৱহাৰকলৈ চাফাই গোৱা মন্ত্ৰী পীয়ুষ হাজৰিকাক আমি প্ৰশ্ন কৰো যে বিহাৰ, উত্তৰ প্ৰদেশ আদি হিন্দী বলয়ৰ কোন ৰাজ্যত ৰাজ্য চৰকাৰৰ চাকৰিৰ বাছনি পৰীক্ষাত অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ অসমীয়া যুৱকে চাকৰি পাইছে? দায়িত্বশীল মন্ত্ৰীৰ এনে মিথ্যাচাৰী আভুৱা ভৰা মন্তব্য ধিক্কাৰ জনক৷ আন ৰাজ্যত অসমীয়া যুৱকে ব্যক্তিগত খণ্ডৰ সুৰক্ষা কৰ্মী আদিত নিয়োজিত হৈ কোনোমতে জীৱিকা নিৰ্বাহ কৰি আছে৷ বেলেগ ৰাজ্য চৰকাৰৰ কোনো চাকৰি পদতে অসমীয়া যুৱকৰ মকৰল হোৱাৰ সুযোগ নাই৷ আনকি গুজৰাট, মধ্যপ্ৰদেশ, হাৰিয়ানাৰ দৰে বিজেপি শাসিত ৰাজ্যত ব্যক্তিগত খণ্ডৰ ৭৫ শতাংশ চাকৰি থলুৱা যুৱক যুৱতীৰ বাবে সংৰক্ষিত৷ বছৰি এক লাখ লোকক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া অসমৰ বিজেপি চৰকাৰখনে থলুৱা যুৱক যুৱতীক সংস্থাপন দিয়া নহয়, সংস্থাপনৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰহে চলাইছে৷ সমন্বয় সমিতিয়ে কয় বিজেপি চৰকাৰখনে আৰ এছ এছৰ নিৰ্দেশত অসমত হিন্দুত্ববাদ আৰু হিন্দী ভাষাৰ আগ্ৰাসন চলাইছে৷ অসমৰ ভাষা সংস্কৃতি ধবংস কৰাৰ পৰিকল্পনাৰে ‘কা’ জাপি দিয়া, পাঠ্যক্ৰমত ইংৰাজী ভাষা জাপি দিয়া আৰু এতিয়া চাকৰি পদৰ পৰীক্ষাতো হিন্দী ভাষা বলৱৎ কৰা কাৰ্যৰ জৰিয়তে অসমৰ থলুৱা ৰাইজৰ স্বাৰ্থ কুঠাৰাঘাত কৰিছে আৰু অসমীয়া মাতৃভাষাক নিশকতীয়া কৰা, অসমীয়া মানুহৰ হক নস্যাৎ কৰাৰ অভিযানত নামিছে৷ আৰ এছ এছৰ নিৰ্দেশত ৰাজ্যত হিন্দুত্ববাদী আধিপত্য চলিব দিব নোৱাৰি, অসমত থলুৱা মানুহৰ হক সুৰক্ষিত হ’ব লাগিব আৰু নিশ্চিতভাৱে অসমৰ ৰাইজে বিজেপি চৰকাৰৰ এই কুৎচিত কাৰ্যক প্ৰতিৰোধ কৰিব৷ আমি চাকৰি পদৰ পৰীক্ষাত হিন্দী ভাষা ব্যৱহাৰ নকৰিবলৈ চৰকাৰক কঠোৰভাৱে সকিয়াই দিলো আৰু জাতিধবংসী কাৰ্যৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ গণতান্ত্ৰিক সকলো পক্ষৰ প্ৰতি আবেদন জনাইছো৷