Logo
image

আৰু ৬ লাখ নতুন হিতাধিকাৰী

আমাৰ অসম, ২১ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিলে অৰুণোদয় মাহৰ৷ শনিবাৰে দিছপুৰৰ জনতা ভৱনত এক সংবাদ মেলত অৰুণোদয় মাহ মুকলি কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– অৰুণোদয় অসম চৰকাৰৰ আটাইতকৈ ডাঙৰ ডিবিটি স্কীম, য’ত আমি মানুহক আৰ্থিক আয়ত সহায় কৰো৷ প্ৰথমতে এই আচনিখন আৰম্ভ কৰোতে আমি ৮৩০ টকাকৈ পৰিয়ালসমূহক আগবঢ়াইছিলো৷ ২২ লাখ পৰিয়ালক সহায় কৰাৰ আমাৰ পৰিকল্পনা আছিলে, কিন্তু বিটিচিত আমি সেই সময়ত দিব পৰা নাছিলো আৰু ফলত প্ৰায় বিশ লাখ পৰিয়াল এই অৰুণোদয় আঁচনিৰ দ্বাৰা উপকৃত হৈ আছে৷ যোৱা বছৰ ৮৩০ টকা আমি এক হাজাৰ টকালৈকে বৃদ্ধি কৰিছিলোঁ৷ বিটিএডিএৰিয়াতো আমি হিতাধিকাৰীৰ অন্তৰ্ভুক্তিৰ কাম আমি হাতত লৈছিলো৷ এইবাৰ আমি অৰুণোদয় হিতাধিকাৰীক দহ অক্টোবৰত ১২৫০ টকাকৈ পুঁজি দিয়া আৰম্ভ কৰিম৷ ১২৫০ টকা দিয়াৰ অৰ্থ এইটোৱেই যে ২৫০ টকা আমি স্পেচিয়েলি তেওঁলোকলৈ পঠাম৷ বিদ্যুৎতৰ মাচুল আদায় দিয়াৰ বাবে এই ২৫০ টকা অতিৰিক্তভাৱে দিয়া হ’ব৷ অৰুণোদয় হিতাধিকাৰীসকলৰ বিদ্যুৎতৰ মাচুলটো চৰকাৰেই ডিবিটিৰ মাধ্যমেৰে আদায় দিব৷ এই বছৰতে আমি আৰু ছয় লাখ নতুন পৰিয়ালক অৰুণোদয় আওতালৈ আিনবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো৷ ইয়াৰ ফলত মুঠ অৰুণোদয় হিতাধিকাৰী ২৬ লাখ হ’ব৷ এইখিনি কাম কৰিবলৈ যাওঁতে আজিৰ পৰা আমি এটা নতুন কাম হাতত লৈছোঁ৷ সেইটো হ’ল অৰুণোদয় মাহ৷ অৰুণোদয় মাহত অৰুণোদয় হিতাধিকাৰীসকলৰ ভেৰিফিকেশ্বন কৰা হ’ব৷ যোৱা এক-ডেৰ বছৰৰ ভিতৰত বহু হিতাধিকাৰীৰ পৰলোকপ্ৰাপ্তি হৈছে, বহু হিতাধিকাৰীয়ে চৰকাৰী চাকৰি বা অন্যান্য কৰ্মসংস্থাপন লাভ কৰিছে৷ অৰুণোদয় আঁচনিখন আমাৰ বিজেপি চৰকাৰৰ যিহেতু চতুৰ্থ বছৰৰ আঁচনি আছিল গতিকে এই লিষ্টখন অলপ পিউৰিফিকেশ্বন কৰাৰো প্ৰয়োজনীয়তা আছিল৷ আজি আমাৰ মন্ত্ৰীসকল বিভিন্ন জিলালৈকে গৈছে৷ তেওঁলোকে অৰুণোদয় মাহ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে৷ উদ্দেশ্যটো হ’ল যে আজিৰ পৰা এন চি চি, এন এছ এছ আদি বিভিন্ন চৰকাৰৰ সামাজিক কাম কৰা অনুষ্ঠানৰ সৈতে জড়িত ছাত্ৰ-ছাত্ৰীসকল অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে যাব, হিতাধিকাৰীসকলৰ আৰ্থিক অৱস্থাৰ বুজ ল’ব৷ কোনোবাই যদি স্বেচ্ছাই অৰুণোদয় আঁচনি এৰি দিব খোজে, তেন্তে তেওঁলোকে এপৰ মাধ্যমেৰে আঁচনিৰ পৰা নাম কৰ্তন কৰি দিব৷ পৰ্টেলত সমগ্ৰ তথ্য আপলোড কৰি দিব৷ শেষত বিশ ছেপ্টেম্বৰত সমগ্ৰ কাৰ্যসূচীৰ অন্ত পৰিব৷ ২০ৰ পৰা ১০ অক্টোবৰৰ ভিতৰত কোন অৰুণোদয় থাকিব, কোন অৰুণোদয় নাথাকিব জিলা সমিতিখনে নিৰ্ণয় কৰিব৷ দহ অক্টোবৰৰ পৰা সংশোধিত হিতাধিকাৰীৰ লিষ্ট অনুসৰি তেওঁলোকে ১২৫০ টকা লাভ কৰিব৷’ ইফালে, শনিবাৰে পুৱা ডিবিটিৰ মাধ্যমেৰে ৰাজ্যৰ ৩৪খন জিলাৰ বানাক্ৰান্তৰ সাহায্যৰ ধন বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয় যে আজি বানত ক্ষতিগ্ৰস্ত ৰ লাখ ৩১ হাজাৰ ৯৮টা বেংক একাউণ্টত সোমাব সাহায্যৰ ধন৷ কামৰূপত ২০,৬১৫জন লোকে পাব সাহায্য৷ দৰঙত ১০,১৯৫জন লোকে লাভ কৰিব সাহায্য৷ কাছাৰত ৮১,৫৩৮, নগাঁৱত ১৫,২০০ জনে পাব সাহায্য৷ বানত সকলো হেৰুওৱা ৩০৯টা পৰিয়াললৈ বিশেষ সাহায্য প্ৰদান কৰা হ’ব৷ বৰ্তমান মথাউৰিত আশ্ৰয় লৈ আছে পৰিয়ালকেইটাই৷ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ’ব এক লাখকৈ টকা৷ ছেপ্টেম্বৰৰ পৰা পুনৰ দলং, মথাউৰি নিৰ্মাণ আৰম্ভ হ’ব৷ বানে ভঙা মথাউৰি, দলং নিৰ্মাণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুই লাখ ৪৩ হাজাৰ ৪৮ গৰাকী লোকৰ বাসগৃহ সম্পূৰ্ণ বা প্ৰায় সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে৷ সাহায্যৰ বাবে এশ কোটি দহ লাখ টকা মুকলি কৰি দিছে ৰাজ্য চৰকাৰে৷ কাছাৰ জিলাত সৰ্বাধিক ৮১,৫৩৮জন, কৰিমগঞ্জ জিলাত ২৮,৩৬৪ জন লোক ক্ষতিগ্ৰস্ত হৈছে৷ ৫,১৮৫ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে বানত৷

শোণিতপুৰত অৰুণোদয় মাহৰ শুভাৰম্ভ

‘পৰিস্থিতি সাপেক্ষে মূল্যবৃদ্ধি হয়, মূল্যবৃদ্ধিয়ে সকলোৰে ওপৰত প্ৰভাৱ পেলায়৷ আশাকৰোঁ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব৷ তেজপুৰত আজি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰাজ্য চৰকাৰৰ বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে৷ ইপিনে ৰাজ্যৰ শিক্ষামন্ত্ৰীজনে বিত্তীয় সাহয্য বিচাৰি পত্ৰ লিখাক লৈ ব্যাপক চৰ্চা চলাৰ বিপৰীতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী নেওগে কয় যে ৰাজ্য চৰকাৰৰ হাতত প্ৰয়োজনীয় ধন আছে৷ তেওঁ লগতে কয় যে পূৰ্বতকৈ কৰ অধিক সংগ্ৰহ হৈছে আৰু আগতকৈ চৰকাৰে ব্যয় অধিককৈহে কৰিছে৷ উল্লেখ্য যে, আজি শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সভাত অৰুণোদয় মাহৰ উদ্বোধন কৰাৰ লগতে এই বছৰৰ প্ৰলয়ংকৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে পুনৰ্বাসন অনুদান পুঁজি বিতৰণৰ শুভাৰম্ভ কৰ মন্ত্ৰী নেওগে৷ উল্লেখ্য যে, শোণিতপুৰত মুঠ ৭৬৭ ক্ষতিগ্ৰস্ত ঘৰৰ বিপৰীতে পোনপটীয়া লাভালাভ হস্তান্তৰৰ জৰিয়তে ধাৰ্য কৰা মুঠ অনুদান হৈছে এককোটি ৫২লাখ১৮হাজাৰ নশ টকা৷ ইয়াৰে ভিতৰত সম্পূৰ্ণৰূপে ধবংস হোৱা ১৩৭টা ঘৰ, আংশিকভাৱে ক্ষতিগ্ৰস্ত পকা ঘৰ ১২ টা, আংশিকভাৱে ক্ষতিগ্ৰস্ত কেঁচা, মাটিৰ ঘৰ ৪৪০টা, ১৭৩টা জুপুৰি ঘৰ, আৰু দুটা গোহালি৷ তদুপৰি, অৰুণোদয় মাহত হ’বলগীয়া এই জৰীপ প্ৰক্ৰিয়াত জিলাখনৰ ৮২খন গাঁও পঞ্চায়ত আৰু চাৰিখন পৌৰসভাৰ ৪৯টা ৱাৰ্ডৰ ৭৮, ৩৪২ গৰাকী অৰুণোদয় হিতাধিকাৰীৰ মাজত এই জৰীপ সম্পন্ন কৰা হ’ব৷ শোণিতপুৰৰ বাবে নিয়োগ কৰা মুঠ ১৩১জন পৰ্যবেক্ষক আৰু ২৬২টা পৰীক্ষণ দলৰ মুঠ ৫২৪জন পৰীক্ষণ দলৰ সদস্যক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ এই জৰীপ অহা ২০ ছেপ্টেম্বৰ, ২০২২ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ অযোগ্য হিতাধিকাৰীক নিৰ্ধাৰণ কৰি বাদ দিয়াৰ প্ৰক্ৰিয়া ২০ৰ পৰা ২৫ ছেপ্টেম্বৰৰ ভিতৰত কৰা হ’ব আৰু অৰুণোদয় ডাটাবেছৰ পৰা অযোগ্য হিতাধিকাৰীসকলক বাদ দি যোগ্য হিতাধিকাৰীৰ চূড়ান্ত তালিকা পহিলা অক্টোবৰৰ ভিতৰত প্ৰস্তুত কৰা হ’ব৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১০ অক্টোবৰৰ পৰা ১,২৫০ টকাৰ বৰ্ধিত হাৰত আঁচনিৰ সুবিধা লাভ কৰিব৷ আজিৰ সভাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা,  ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী দলী চুৰিন, তেজপুৰ পৌৰসভাৰ সভাপতি প্ৰজ্ঞানু ভট্টাচাৰ্য, অতিৰিক্ত উপায়ুক্ত ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য উচ্ছপদস্থ বিষয়াসকল, অৰুণোদয় মাহৰ বাবে শোণিতপুৰ জিলাৰ পৰ্যবেক্ষক আৰু পৰীক্ষণ দলৰ সদস্যসকল উপস্থিত আছিল৷