Logo
image

চিবিআই, ইডিক প্ৰত্যাহ্বান মনীষৰ

’২৪ত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিদ্বন্দ্বী কেজৰিৱাল

১৪ ঘণ্টাৰ জেৰা শেষ

আমাৰ অসম, ২১ আগষ্টঃ দিল্লীৰ আপ চৰকাৰৰ আবকাৰী নীতি কেলেংকাৰি সৰ্বস্ব বুলি অভিযোগ তুলি চিবিআয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ চৰকাৰী বাসভৱনত ১৪ ঘণ্টা ধৰি তালাচী চলোৱাৰ পিছদিনা মণীষ ছিছোদিয়াই নৰেন্দ্ৰ মোদী চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ এখন সংবাদ মেলত তেওঁ কয় যে, চিবিআইৰ লক্ষ্য দুনীৰ্তিৰ তথ্যত উদ্ধাৰ নাছিল, লক্ষ্য আছিল অৰবিন্দ কেজৰিৱালহে৷ চিবিআইৰ এই তালাচী কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ নিৰ্দেশত হোৱা বুলি মণীষ ছিছোদিয়াই সংবাদ মেলত মন্তব্য কৰে৷ তালাচীৰ সূত্ৰ ধৰিয়েই তেওঁ কয়, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ  কেজৰিয়ালক লক্ষ্য কৰি লৈয়েই মোদী চৰকাৰে চিবিআইক আপ চৰকাৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে৷ গুজৰাটৰ বিধানসভা নিৰ্বাচনক লৈ আপৰ পৰা শংকা আৰু ২০২৪ ৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে বিৰোধী ৰাজনৈতিক দলক এনেদৰে কেলেংকাৰিত অভিযুক্ত কৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা ব্যক্তিব্যস্ত কৰি ৰখাতো কেন্দ্ৰীয় চৰকাৰৰ এটা কূটকৌশল বুলি মণীষ ছিছোদিয়াই সংবাদ মেলত মন্তব্য কৰে৷ তেওঁ কয়, অৰবিন্দ কেজৰিয়ালৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু স্বাস্থ্যখণ্ডৰ উন্নত ব্যৱস্থা বিশ্বজুৰি প্ৰচাৰ হোৱাৰ সময়ত বিজেপিয়ে হীনমন্যতাত ভুগিছে৷ সংবাদ মেলত মণীষ ছিছোদিয়াই এটা বৃহৎ ৰাজনৈতিক ঘোষণা কৰি সকলোকে চমক দিয়ে৷ তেওঁ কয় – ‘২০২৪ চনৰ সাধাৰণ নিৰ্বাচন হ’ব নৰেন্দ্ৰ মোদী বনাম অৰবিন্দ কেজৰিৱাল৷ বিজেপি বনাম আপ৷ সেই কথা উপলব্ধি কৰিয়েই এতিয়া বিজেপিয়ে আপক স্তব্ধ কৰিবলৈ চেষ্টা কৰিছে৷ যিকোনো উপায়ে অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক গতি আৰু উত্থান স্তব্ধ কৰাটোৱেই হৈছে বিজেপি চৰকাৰৰ প্ৰাথমিক লক্ষ্য৷ সেয়ে তেওঁলোকে কেজৰিৱাল নেতৃত্বাধীন চৰকাৰখনে গ্ৰহণ কৰা সফল পদক্ষেপৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰিছে৷ অথচ দিল্লীৰ চৰকাৰৰ শিক্ষা নীতি আৰু স্বাস্থ্য নীতিয়ে বিশ্বজুৰি ভূয়সী প্ৰশংসা লাভ কৰিছে৷ সেইবোৰলৈ বিজেপি চৰকাৰৰ বিশেষ চকু নাই৷ তেওঁলোকৰ উদ্দেশ্য হৈছে যিকোনো উপায়ে অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ চৰকাৰক বদনামী কৰি সফল পদক্ষেপ গ্ৰহণ কৰাৰ পৰা ক্ষান্ত কৰা’৷ 

সংবাদমেলত মণীষ ছিছোদিয়াই চি বি আই আৰু এনফৰ্চমেণ্ট ডাইৰেক্টৰেটক প্ৰত্যাহ্বান জনায়৷ তেওঁ কয় যে শুকুৰবাৰে ১৪ ঘণ্টা ধৰি তালাচী চলাই চি বি আয়ে তেওঁৰ বাসভৱনৰ পৰা আপত্তিজনক কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল৷ অবৈধ ধন-সম্পত্তি উদ্ধাৰ কৰা দুৰৰে কথা৷ শেষত উপায় নাপাই চি বি আইৰ দলটোৱে তেওঁৰ ব্যক্তিগত লেপটপ আৰু মোবাইল ফোন জব্দ কৰি নিয়া বুলি মণীষ ছিছোদিয়াই প্ৰকাশ কৰে৷ মণীষ ছিছোদিয়াই অৱশ্যে সংবাদমেলত আশংকা প্ৰকাশ কৰি কয় যে কিছুদিনৰ ভিতৰত তেওঁক চি বি আয়ে গ্ৰেপ্তাৰ কৰিব পাৰে৷ পিছে আবকাৰী নীতি সন্দৰ্ভত চি বি আয়ে যি কেলেংকাৰি হৈছে বুলি অভিযোগ তুলিছে তেনে কোনো অভিযোগ তদন্তকাৰী সংস্থাটোৱে কেতিয়াও প্ৰমাণ কৰিব নোৱাৰিব৷ কিয়নো মণীষ ছিছোদিয়াৰ মতে দিল্লী চৰকাৰৰ আবকাৰী নীতিত কোনো কেলেংকাৰি সংঘটিত হোৱা নাই৷ চি বি আয়ে দিল্লী চৰকাৰক বদনাম কৰিবৰ বাবেই শুকুৰবাৰে তালাচীৰ পাছতে তেওঁৰ ঘনিষ্ঠ কোনো ব্যক্তিক সুৰা ব্যৱসায়ীয়ে এক কোটি টকা উপঢৌকন দিয়া বুলি প্ৰকাশ কৰে৷ মণীষ ছিছোদিয়াৰ মতে তদন্ত আৰম্ভ কৰোতেই চিবিআয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত এক কোটি টকাৰ উপঢৌকন দিয়া বুলি প্ৰকাশ কৰা বিষয়টো আপত্তিজনক৷ চিবিআয়ে ঘাইকৈ দিল্লী চৰকাৰক অপযশ দিয়াৰ উদ্দেশ্যে এই মিছা তথ্য সংবাদ মাধ্যমত প্ৰকাশ কৰিছে৷ চিবিআইৰ এই কাৰ্য অনৈতিক বুলি তেওঁ মন্তব্য কৰে৷ কিয়নো এনে মিছা তথ্যই চৰকাৰখনৰ প্ৰতি সৰ্বসাধাৰণৰ মনোভাব বিৰূপ কৰি তুলিব৷ চিবিআইৰ এই পদক্ষেপো কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত হোৱা বুলি মণীষ ছিছোদিয়াই সন্দেহ প্ৰকাশ কৰে৷ 

মণীষ ছিছোদিয়াৰ মতে বিজেপি অপপ্ৰচাৰ চলোৱাত সিদ্ধহস্ত৷  নিজৰ বক্তব্যৰ সমৰ্থনত মণীষ ছিছোদিয়াই শুকুৰবাৰে বিজেপিৰ শক্তিশালী আইটি চেলে দিল্লী চৰকাৰৰ উন্নত শিক্ষা ব্যৱস্থাক লৈ আমেৰিকাৰ বিখ্যাত সংবাদ পত্ৰ নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা নিবন্ধটো কেজৰিৱাল চৰকাৰৰ বিজ্ঞাপন বুলি সজোৰে অপপ্ৰচাৰ চলোৱাৰ বিষয়টো উত্থাপন কৰে৷  উল্লেখ্য, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ বাসভৱনত দিল্লী চৰকাৰৰ আবকাৰী নীতিৰ কেলেংকাৰিৰ অভিযোগত চিবিআয়ে তালাচী চলোৱাৰ দিনটোতে নিউয়ৰ্ক টাইমছ সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাত মণীষ ছিছোদিয়াৰ অধীনস্থ দিল্লীৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা প্ৰশংসাসূচক বাতৰি প্ৰকাশ পাইছিল৷ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ হাতত আবকাৰীৰ উপৰি শিক্ষাদপ্তৰো আছে৷ নিউয়ৰ্ক টাইমছৰ দৰে সংবাদপত্ৰত কেজৰিৱাল চৰকাৰ বা  বিশেষভাৱে মণীষ ছিছোদিয়াৰ শিক্ষাদপ্তৰ সন্দৰ্ভত এটা বিৰাট সুন্দৰ নিবন্ধ প্ৰকাশ পোৱাৰ লগে লগে আক্ষৰিক অৰ্থতে জ্বলি-পকি উঠিছিল ভাৰতীয় জনতা পাৰ্টী৷ সেই বাতৰি দেখাৰ পাছৰে পৰা বিজেপিৰ আগশাৰীৰ নেতা-নেত্ৰী -মন্ত্ৰীয়ে নিউয়ৰ্ক টাইমছৰ সংবাদটো কেজৰিৱাল চৰকাৰে টকা দি উলিওৱা বিজ্ঞাপন বুলি প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল৷  একেটা নিবন্ধ ডুবাইৰ পৰা প্ৰকাশিত খালিজ টাইমছ নামৰ সংবাদপত্ৰখনতো হুবহু প্ৰকাশ পাইছিল৷ অৱশ্যে খালিজ টাইমছে সেই নিবন্ধটো নিউয়ৰ্ক টাইমছৰ পৰা লোৱা বুলি তলত লিখি নিউয়ৰ্ক টাইমছ আৰু লিখকলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷ সম্ভৱতঃ বিজেপিৰ আগশাৰীৰ নেতা-মন্ত্ৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰা শাৰীটো চাবলৈ সময় নাপালে৷ ভালদৰে বাতৰিটো চোৱাৰ পৰিৱৰ্তে বিজেপিৰ কুখ্যাত আই টি বিভাগ আৰু একাংশ মন্ত্ৰীয়ে নিউয়ৰ্ক টাইমছৰ বাতৰিটোক লৈ ৰাজহুৱাকৈ কেজৰিৱাল চৰকাৰৰ কুৎসা ৰটনা কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰবল গতিত অপপ্ৰচাৰ চলায়৷ বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালব্যই নিউয়ৰ্ক টাইমছ আৰু খালিজ টাইমছৰ দুয়োটা বাতৰিৰ ফটো টুইটাৰত লগাই কয়– একেটা বাতৰিকে দুয়োখন সংবাদপত্ৰত একেলগে কেনেকৈ ওলাব? ইয়াৰ লিখকো একেজনেই আৰু ফটোবোৰো একে৷ এয়া অৰৱিন্দ কেজৰিৱাল চৰকাৰে টকা দি উলিওৱা বিজ্ঞাপন৷ কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষী লেখিয়েও টুইটাৰৰ আশ্ৰয় লৈ লিখে– কেজৰিৱালে নিজেই কৈছে, নিউয়ৰ্ক টাইমছত বাতৰি উলিওৱা সহজ নহয়৷ মই তাৰ পৰাই বুজিছো, তেওঁ বহু টকা খৰচ কৰি বিজ্ঞাপন দিবলগীয়া হৈছে৷ এইজন চিফ মিনিষ্টাৰ নে চিফ মাৰ্কেটাৰ৷ তাৰো পূৰ্বে বিজেপিৰ আগশাৰীৰ নেতা প্ৰৱেশ বাৰ্মাই  নিউয়ৰ্ক টাইমছৰ এই সংবাদক লৈ সংবাদমেল অনুষ্ঠিত কৰি এয়া আপৰ অপ-প্ৰচাৰ বুলি মন্তব্য কৰে৷ ইজনৰ পাছত সিজন বিজেপি নেতাই টুইটাৰত নিউয়ৰ্ক টাইমছ আৰু খালিজ টাইমছৰ ফটো দি বিজেপিয়ে তেওঁলোকৰ প্ৰশংসাৰ কথা বিজ্ঞাপন দি ছপা কৰা বুলি প্ৰবল গতিত প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে৷ বিজেপিৰ এই আক্ৰমণত দিশহাৰা হৈ পৰিলেও দলৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই প্ৰতিৰোধ কৰিবলৈ ক্ষীণতমো চেষ্টা চলায়৷ চাড্ডাই কয়, খালিজ টাইমছে নিউয়ৰ্ক টাইমছৰ পৰা বাতৰিটো লোৱা বুলি তলত উল্লেখ কৰিছে আৰু কৃতজ্ঞতা জনাইছে৷ এয়া বিজ্ঞাপন নহয়৷ যদি ক্ষমতা আছে বিজেপিয়ে নিউয়ৰ্ক টাইমছত টকা দি এনেদৰে এটা বাতৰি প্ৰকাশ কৰক– মই প্ৰত্যাহ৩ান জনাইছো৷ বিজেপি বিশ্বৰ সৰ্ববৃহৎ দল, সবাতোকৈ চহকী দল৷ আপোনালোকে ইচ্ছামতে টকা খৰচ কৰিব পাৰিব৷ ক্ষমতাও আছে৷ পাৰে যদি উলিয়াওকচোন চাও৷ আজিলৈকে নিউয়ৰ্ক টাইমছে আপোনালোকৰ বিষয়ে কেতিয়াও ভাল বাতৰি লিখা নেদেখিলো৷

বিজেপিয়ে চলোৱা অপ-প্ৰচাৰ দেশৰ মিডিয়ায়ো তীব্ৰভাৱে প্ৰচাৰ কৰে৷ পিছে তেনে সময়তে নিউয়ৰ্ক টাইমছে ভাৰতীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপলৈ স্পষ্টীকৰণ প্ৰেৰণ কৰি জনাই যে, তেওঁলোকৰ সংবাদ পত্ৰত প্ৰকাশিত দিল্লী চৰকাৰৰ শিক্ষা ব্যৱস্থা সম্পৰ্কীয় বাতৰিটো বিজ্ঞাপনো নহয়, পেইড নিউজো নহয়৷ বৰং তেওঁলোকৰ সাংবাদিকে ক্ষেত্ৰভিত্তিক অধ্যয়ন চলাই এই বাতৰিটো প্ৰস্তুত কৰিছে৷ দিল্লীৰ শিক্ষা ব্যৱস্থা চৰকাৰৰ অধীনত দিনকদিনে চমৎকাৰ হৈ যোৱাৰ সকলো তথ্য সম্বলিত কৰি বাতৰিটো প্ৰস্তুত কৰা হৈছে৷ নিউয়ৰ্ক টাইমছত প্ৰকাশ হ’ব পৰাকৈ এই বাতৰিৰ যোগ্যতা থকাৰ বাবেই আন্তঃৰাষ্ট˜ীয় বাতৰিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হৈছে৷ সাংবাদিকৰ ভাষাত ক’বলৈ হ’লে এয়া ‘অন গ্ৰাউণ্ড ৰিপ’ৰ্টিং’৷ এই বাতৰিটো সম্পূৰ্ণৰূপে নিৰপেক্ষ৷ নিউয়ৰ্ক টাইমছে সদায় ‘ইমপাৰ্ছিয়েল’ অৰ্থাৎ নিৰপেক্ষ বাতৰি পৰিৱেশনত গুৰুত্ব দিয়ে৷ নিউয়ৰ্ক টাইমছে কাৰো প্ৰভাৱত বাতৰি প্ৰকাশ নকৰে৷ নিউয়ৰ্ক টাইমছে সাংবাদিকৰ স্বাধীনতাত সদায় বিশ্বাস কৰে আৰু বছৰ বছৰ ধৰি সেই স্বাধীনতা অটুট ৰাখি আহিছে৷ সকলো ৰাজনৈতিক প্ৰভাৱৰ পৰা নিউয়ৰ্ক টাইমছ মুক্ত৷ কোনো বিজ্ঞাপনৰ প্ৰভাৱত নিউয়ৰ্ক টাইমছে বাতৰি প্ৰস্তুত নকৰে৷ আমাৰ সাহস আৰু স্বাধীনতা আমি সাংবাদিক হিচাপে অক্ষুণ্ণ ৰাখিছো৷

প্ৰসংগতঃ উল্লেখ্যযোগ্য, দিল্লীৰ আবকাৰী বিভাগৰো দায়িত্বত থকা উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াই ২০২১ চনৰ নৱেম্বৰত হাতত লোৱা চৰকাৰী আবকাৰী নীতি আসোঁৱাহপূৰ্ণ আৰু কেলেংকাৰিসৰ্বস্ব আছিল বুলি অভিযোগ কৰি শুকুৰবাৰে উপ-মুখ্যমন্ত্ৰীৰ বাসভৱন আৰু দিল্লীৰে অন্যান্য ২১ টা স্থানত চিবিআয়ে তালাচী চলাইছিল৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই তালাচী অভিযান মুঠতে ৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশলৈ বিস্তৃত হৈছিল৷ চিবিআয়ে মুঠতে শুকুৰবাৰৰ দিনটোত ৩০ টা স্থানত তালাচী চলায়, ইয়াৰে ২১ টা স্থান আছিল ৰাজধানী নতুন দিল্লী তথা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত৷ তালাচীৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআয়ে আবকাৰী নীতি কেলেংকাৰিৰ অভিযোগত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াক মুখ্য অভিযুক্ত কৰি মুঠতে ১৩ জন ব্যক্তি আৰু দুটা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ৰুজু কৰা গোচৰৰ এজাহাৰৰ প্ৰথম নামটোৱেই হৈছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়া৷ তেওঁৰ উপৰি এজাহাৰত দিল্লীৰ প্ৰাক্তন আবকাৰী আয়ুক্ত অৰ্ভ গোপীকৃষ্ণ, উপ-আয়ুক্ত আনন্দ কুমাৰ তিৱাৰী,  সহকাৰী আয়ুক্ত পংকজ ভাটনগৰ আৰু ৯ জন ব্যৱসায়ীৰ নাম আছে৷  চিবিআয়ে দাখিল কৰা এজাহাৰত অভিযোগ কৰা হৈছে যে এজন সুৰা ব্যৱসায়ীয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়াৰ এজন ঘনিষ্ঠ ব্যক্তিক এক কোটি টকা উপঢৌকন প্ৰদান কৰিছিল৷ তেওঁলোকৰ সুবিধা হোৱাকৈ আবকাৰী মন্ত্ৰী হিচাপে মণীষ ছিছোদিয়াই দিল্লীৰ আবকাৰী নীতি  তৈয়াৰ কৰাৰ বাবেই উক্ত সুৰা ব্যৱসায়ীজনে ছিছোদিয়াৰ ঘনিষ্ঠ ব্যক্তিক উৎকোচ প্ৰদান কৰা বুলি চিবিআয়ে এজাহাৰত অভিযোগ কৰিছে৷ উল্লেখ্য, দিল্লীৰ উপ-ৰাজ্যপাল ভি কে ছাক্সেনাই দিল্লীৰ আপ চৰকাৰে ভুল আবকাৰী নীতি গ্ৰহণ কৰা বুলি চিবিআইক তদন্তৰ বাবে এতিয়াৰ পৰা এমাহৰ পূৰ্বে আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিবিআয়ে ইতিপূৰ্বে কেলেংকাৰি সন্দৰ্ভত প্ৰাথমিক অনুসন্ধান সম্পূৰ্ণ কৰে আৰু শুকুৰবাৰে তেওঁলোকে একেলগে দিল্লীৰ ২১ স্থানকে ধৰি দেশৰ ৭খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুঠ ৩০ স্থানত তালাচী চলায়৷  উল্লেখ্য, আবকাৰী নীতিৰ বাবে এনেদৰে তালাচী চলোৱা কিমান যুক্তিসংগত সেই লৈয়ো চৰ্চা হৈছে৷ ২০২১-২২ চনত আবকাৰী মন্ত্ৰী হিচাপে মণীষ ছিছোদিয়াই কেজৰিৱাল চৰকাৰৰ হৈ নতুন আবকাৰী নীতি গ্ৰহণ কৰিছিল৷ ২০২১ চনৰ নৱেম্বৰত সেই নীতি বলৱৎ কৰা হয়৷ নতুন আবকাৰী নীতিৰ জৰিয়তে কেজৰিৱাল চৰকাৰে অতি কম দিনতে ৮,৯১৯.৫৯ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছিল৷ কেজৰিৱাল চৰকাৰৰ আবকাৰী ৰাজহ বৃদ্ধি হৈছিল ২৭ শতাংশ৷ কিন্তু এই নতুন আবকাৰী নীতিৰ জৰিয়তে কিছুমান সুৰা ব্যৱসায়ীক  ধন ঘটাৰ সুযোগ উলিয়াই দিয়াৰ অভিযোগ উঠিছিল৷ মুখ্য সচিব নৰেশ কুমাৰৰ এটা প্ৰতিবেদনৰ ভিত্তিত যোৱা ৮ জুলাইত আপ চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অভিযোগ ৰুজু হৈছিল৷ সেই অভিযোগত কোৱা হৈছিল যে নতুন আবকাৰী নীতিৰ জৰিয়তে মণীষ ছিছোদিয়াই কিছুসংখ্যক সুৰা সম্ৰাটক ধনৰ পাহাৰ বান্ধিবলৈ সুযোগ উলিয়াই দিছে৷ অভিযোগ অনুসৰি এজন নিবিদাকাৰীক চৰকাৰে ৩০ কোটি টকা ওভতাই দিছিল৷ ৰপ্তানি কৰা বীয়েৰৰ ক্ষেত্ৰত চৰকাৰে ভুল হিচাপেৰে নিবিদা আহ্বান জনোৱা বুলি কৈ এই ধন ওভতাই দিছিল৷ তদুপৰি ছিছোদিয়াৰ অধীনত আবকাৰী বিভাগে ক’ভিড অতিমাৰীৰ লকডাউনৰ ফলত সৃষ্টি হোৱা লোকচানৰ ক্ষেত্ৰত ১৪৪.৩৬ কোটি টকা সুৰা ব্যৱসায়ীৰ সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰৰ বাবদ মাফ কৰিছিল৷ তাৰ জৰিয়তে মণীষ ছিছোদিয়া ব্যক্তিগতভাৱে লাভান্বিত হোৱা বুলি চি বি আইৰ অভিযোগ৷