Logo
image

থিতাপি লোৱাৰ পূৰ্বেই পৌৰ নিগমৰ পৰা অপসাৰিত এজনৰ পাছত আনজন আয়ুক্ত

আমাৰ অসম, ২১ আগষ্টঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী৷ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপেও পৰিচিত গুৱাহাটী মহানগৰ৷ মহানগৰীখনৰ উন্নয়ন, সৌন্দৰ্যবৰ্ধন তথা পৰিচালনাৰ মূল দায়িত্ব পালন কৰে গুৱাহাটী পৌৰ নিগমে৷ এক কথাত জি এম চিয়ে চহৰখনক গতিশিল ৰূপ দিয়াৰ মুখ্য ভূমিকা পালন কৰে৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদ আছে যদিও মহানগৰীখনৰ উন্নয়নৰ কাৰ্যকৰীকৰণৰ দায়িত্ব পালন কৰে আয়ুক্তই৷ অৰ্থাৎ জি এম চিৰ আয়ুক্তৰ ওপৰতেই গুৱাহাটী চহৰখনৰ উন্নয়ন তথা পৰিচালনাৰ চাবি-কাঠি থাকে৷ জিলা উপায়ুক্তৰ সম পদ মৰ্যদাৰ আয়ুক্ত পদৰ বাবে ৰাজ্য চৰকাৰে জ্যেষ্ঠ  প্ৰশাসনিক বিষয়া নিযুক্তি দিলেও গুৱাহাটীখনৰ প্ৰতিটো সমস্যা তথা অভাৱ অভিযোগক বুজি উঠিবলৈ এজন দক্ষ প্ৰশাসনিক বিষয়াৰ বাবেও বহু সময়ৰ প্ৰয়োজন হয়৷ কিন্তু আশ্চৰ্যজনক বিষয়টো হৈছে যে গুৱাহাটীখনক ভালদৰে বুজি উঠাৰ পূৰ্বেও বিভিন্ন কাৰণত আয়ুক্তজনক বদলি কৰি দিয়ে চৰকাৰে৷ সমস্যাবহুল মহানগৰীখনৰ দীৰ্ঘদিনীয়া একোটা সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনাৰ প্ৰয়োজন যদিও নৱ নিযুক্ত আয়ুক্তসকলে পৰিকল্পনা মতে কাম আৰম্ভ কৰিবলৈ নৌপাওতেই বদলি হ’ব লগা হয়৷ অৱশ্যে বিভিন্ন সময়ত জি এম চিৰ ভিতৰত ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা ছিণ্ডিকেটৰ বাবেও প্ৰভাৱশালী চক্ৰৰ হেঁচাত চৰকাৰে আয়ুক্তক বদলি কৰাৰ উদাহৰণ আছে৷ কোনোবা জন আয়ুক্তই যদি যোগদানৰ চাৰি মাহৰ পাছতেই বদলি হয়, আন কোনোবাজনক আকৌ যোগদানৰ আঠ মাহৰ পাছতেই অপসাৰণ কৰা হয়৷ দুই-এজন সৌভাগ্যৱানে আয়ুক্তৰ চকীত এক-ডেৰ বছৰ থাকে যদিও কোনো আয়ুক্তই দুবছৰ সম্পূৰ্ণকৈ সেৱা আগবঢ়াবলৈ সুবিধা পোৱা নাই৷ স্বাভাৱিকতেই জি এম চিৰ আয়ুক্তৰ আসনখন মিউজিক চেয়াৰ বুলিও চৰ্চা লাভ কৰা দেখা যায়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মনালিছা গোস্বামীয়ে প্ৰায় ২ বছৰ সময় জি এম চিৰ আয়ুক্ত পদত কাৰ্য নিৰ্বাহ কৰিছিল যদিও ইয়াৰ পাছৰ পৰা কোনো বিষয়াক দুবছৰ আয়ুক্ত হিচাপে সেৱা আগবঢ়াবলৈ সুযোগ দিয়া নাই ৰাজ্য চৰকাৰে৷ মনালিছা গোস্বামীৰ পাছতেই ২০১৯ চনৰ ২ মাৰ্চত দেবেশ্বৰ মালাকাৰক আয়ুক্ত হিচাপে নিযুক্তি দিছিল যদিও বিষয়াজনে আয়ুক্তৰ দায়িত্বত আছিল মাত্ৰ এবছৰ৷ ইয়াৰ পাছতেই দেৱজ্যোতি হাজৰিকাক ২০২০ চনৰ ৬ মাৰ্চত জি এম চিৰ আয়ুক্ত নিযুক্তি দিছিল যদিও তেওঁকো ৬ মাহ নৌহওতেই বদলি কৰে৷ দেৱজ্যোতি হাজৰিকাৰ পাছত ২০২০ চনৰ ২৭ আগষ্টত ঘনশ্যাম দাসক আয়ুক্ত নিযুক্তি দিয়ে চৰকাৰে৷ কিন্তু উক্ত বিষয়াজনকো ৯ মাহৰ পাছতেই অপসাৰণ কৰে৷ শেহতীয়াকৈ ২০২১ চনৰ ২০ মে’ত দেৱাশিস শৰ্মাক গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত পদত নিযুক্তি দিছিল যদিও দক্ষ প্ৰশাসনিক বিষয়াজনক ১৫ মাহ কাৰ্যকালৰ পাছতেই আকস্মিকভাৱে বদলি কৰে৷ শুকুৰবাৰে ৰাজ্য চৰকাৰে এটা নিৰ্দেশনা যোগে আই এ এছ বিষয়া দেৱাশিস শৰ্মাক মৰিগাঁও জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰে৷ স্বাভাৱিকতেই এজন সৎ আৰু দক্ষ প্ৰশাসনিক বিষয়া হিচাপে নাম থকা দেৱাশিস শৰ্মাৰ বদলিক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ ২০ কোটি টকীয়া জাবৰ ছিণ্ডিকেট কেলেংকাৰি পোহৰলৈ অনাৰ বাবেই বিষয়াজন বিভাগীয় মন্ত্ৰী অশোক সিংঘালৰ ৰোষত পৰা বুলিও চৰ্চা লাভ কৰিছে৷ দেৱাশিস শৰ্মাই উন্মোচন কৰা ২০ কোটি টকীয়া জাবৰ কেলেংকাৰিৰ উৎস বিচাৰি এতিয়া চি এম ভিজিলেন্সে তদন্ত অব্যাহত ৰাখিছে৷ ইফালে, গুৱাহাটী পৌৰ নিগমৰ নতুন আয়ুক্ত হিচাপে মেঘ নিধি দাহালক নিযুক্তি দিলেও আই এ এছ বিষয়াজনে মেজিক চেয়াৰ আয়ুক্ত আসনত কিমান দিন থাকিবলৈ পাব, সেয়া অনাগত দিনতহে স্পষ্ট হয়৷ এক কথাত থিতাপি লোৱাৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ পৰা অজ্ঞাত কাৰণত অপসাৰণ কৰা হৈ আহিছে এজনৰ পাছত আনজন আয়ুক্তক৷