Logo
image

ৰাজভঁৰাল পূৰ্ণ, বিত্তীয় নাটনি নাই! দাবী অজন্তাৰ

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ আগষ্টঃ শিক্ষাখণ্ডত ৰাইজৰ অংশগ্ৰহণৰ বাবেহে শিক্ষামন্ত্ৰীয়ে বিধায়কসকললৈ পত্ৰখন দিছিলে৷ ইয়াত পুজিৰ প্ৰশ্ন অহাই নাই৷ বহু অনুষ্ঠান ৰাইজৰ সহযোগিতাৰে চলি আছে৷ ইয়াৰ লগত চৰকাৰৰ আৰ্থিক অৱস্থাৰ কোনো সম্পৰ্ক নাই৷ আমাৰ কৰ সংগ্ৰহ বাঢ়িছেহে এইবাৰ৷ প্ৰয়োজনীয় পুজি চৰকাৰৰ আছে৷ যোৱা বছৰতকৈ এইবাৰ আমি বেছিহে খৰচ কৰিব পাৰিম৷ এই দাবী ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওগৰ৷ উল্লেখ্য যে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে শাসক-বিৰোধী উভয় শিবিৰৰ বিধায়কলৈ প্ৰেৰণ কৰা এখন বিশেষ পত্ৰই চৰকাৰৰ আৰ্থিক সংকট স্পষ্টভাৱে উদঙাই দিছিল৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ডেক্স, বেন্স, ফেন, ফিল্টাৰ আদি প্ৰয়োজনীয় সা-সামগ্ৰী প্ৰাক্তন ছাত্ৰৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল বিধায়কসকলক৷ এই পত্ৰখনক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ ইয়াৰ পিছতে আজি বিত্তমন্ত্ৰী নেওগে চৰকাৰৰ ৰাজভৰাল পূৰ্ণ, বিত্তীয় নাটনি নাই বুলি দৃঢ়তাৰে দাবী কৰে যদিও মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নিজৰ পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰিছিল যে বিদ্যালয় প্ৰয়োজন সমূহ পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পুজিৰ অভাব৷ এই অভাবসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ’ব৷

মই পঢ়া স্কুলক মই ছখন ফেন দিছিলোঁঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰৰ পুঁজিৰ অভাৱ হোৱাৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ উন্নয়নৰ নামত চকী-মেজ, ফেন-ফিল্টাৰ বিচাৰি বিধায়কসকললৈ পত্ৰ প্ৰেৰণ কৰা কাৰ্যৰ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এই পত্ৰৰ পাছতেই বিৰোধী বিধায়কসকলে হিতাধিকাৰী আঁচনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজকোষক ধনৰ অভাৱ হোৱা বুলিও সমালোচনাৰ লক্ষ্য কৰি লৈছে মিত্ৰজোঁটৰ চৰকাৰখনক৷ অৱশ্যে শিক্ষামন্ত্ৰীয়ে বিধায়কলৈ প্ৰেৰণ কৰা চিঠিখনত উল্লেখ কৰাৰ দৰে ৰাজ্য চৰকাৰৰ পুঁজিৰ অভাৱ হোৱাৰ কথা কোৱা নাছিল বুলি স্পষ্টীকৰণ দি তৎ পোৱা নাই যদিও শিক্ষামন্ত্ৰীৰ পত্ৰই যে ৰাজ্যৰ বিত্তীয় অৱস্থাৰ প্ৰকৃত ছবিখন উন্মোচন কৰিলে সেয়া সত্য৷ অৱশ্যে বিদ্যাঞ্জলী আঁচনিৰ বাবে বিধায়কসকলৰ পৰা সহায় বিচাৰি শিক্ষামন্ত্ৰীয়ে প্ৰেৰণ কৰা পত্ৰক লৈ বিতৰ্ক হোৱাৰ পাছতেই মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত বিদ্যাঞ্জলী আঁচনিখন কেন্দ্ৰৰ আঁচনি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়–বিদ্যাঞ্জলী আঁচনি অসমৰ আঁচনি নহয়৷ গোটেই ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা এখন আঁচনি৷ গুজৰাট-দক্ষিণাত্যত এই আঁচনিৰ নাম শুনাৰ পাছত তাৰ মানুহে গৈ গোটেই স্কুলখনকে নতুনকৈ বনাই দিছে৷ গতিকে ইয়াক লৈ বিতৰ্ক কৰাৰ প্ৰয়োজন ক’ত! কিয়নো সকলোৱে জনমে-জনমে এই কাম কৰি আহিছে৷ নিজেই পঢ়া স্কুলখনক যদিহে বৰঙণি দিয়ে তেনেহ’লে আপত্তি কিয়? পুঁজিৰ অভাৱ বুলি ইয়াকে কোৱা হৈছে যে– গোটেই স্কুল বিলাক ডনবস্ক’ বা ছেণ্ট মেৰিজৰ দৰে চৰকাৰে অকলে কৰিব নোৱাৰে৷ আমি পঢ়া স্কুলখনত যদি আমি সহায় কৰো তাত কি অসুবিধা আছে৷ আমি শিক্ষকৰ দৰমহা দিছো, বিল্ডিং বনাই দিছো, বিদ্যুতৰ মাচুল দিছো৷ তথাপিও কোনোবাই যদি ভাবে তেওঁ পঢ়া স্কুলখনলৈ কিবা বৰঙণি দিব তাত আপত্তি ক’ত? মই অধিবক্তা হিচাপে পোৱা প্ৰথম দৰমহাৰ টকাৰে মই পঢ়া স্কুলখনত ছয় খন ফেন কিনি দিছিলো৷ আমাৰ ইয়াত স্কুলৰ তোৰণ মাক-দেউতাকৰ সোঁৱৰণত নিৰ্মাণ কৰি দিয়ে৷ কম বয়সত কোনো সন্তানৰ মৃত্যু হ’লে, সেই সন্তানৰ সোঁৱৰণতো স্কুল ঘৰ নিৰ্মাণ কৰি দিয়ে৷ অসমত এই কাৰ্য আগৰ পৰাই চলি আছে৷ প্ৰধানমন্ত্ৰীয়ে এতিয়াহে কৈছে৷ আমি গৌৰৱহে কৰিব লাগে অসমত চলি থকা এটা পৰম্পৰাক সমগ্ৰ দেশতে আৰম্ভ কৰিব বিচাৰিছে৷ অৱশ্যে শিক্ষামন্ত্ৰীয়ে বিধায়কসকললৈ দিয়া পত্ৰখনত দুই এটা বাক্য বিসংগতি আছিল আৰু তাক লৈ পুঁজিৰ অভাৱ হোৱা বুলি বিতৰ্ক কৰা হৈছে৷ যিসকলৰ নিজৰ স্কুলখনক বৰঙণি দিবলৈ ইচ্ছা নাই, তেওঁলোকে নিদিলেই হ’ল৷’ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী পুঁজি অভাৱৰ কথা অস্বীকাৰ কৰি বিদ্যাঞ্জলী আঁচনিৰ সপেক্ষে যুক্তি দিলেও মুখ্যমন্ত্ৰীক সমালোচনাৰ পৰা বিৰত নাথাকিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰত ভ্ৰমণৰ নামত ৰাজকোষৰ ২০ কোটি টকা খৰচ কৰিলে চৰকাৰী বিদ্যালয়ত চকী-মেজ কিনি দিবলৈ ক’ৰ পৰা ধন থাকিব বুলিও সমালোচনা কৰে৷ তেওঁ লগতে কয়–ডবল ইঞ্জিনৰ চৰকাৰ বুলি কৈছিল যদিও শিক্ষামন্ত্ৰীয়ে এতিয়া ভিক্ষাৰ জোলোঙা লৈ বিধায়কসকললৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে বানপানী আহিলেও ভিক্ষা বিচাৰে আৰু ক’ভিড আহিলেও ভিক্ষা বিচাৰে৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আজিকালি বেলেগ মানুহ নাযায়৷ কেৱল চেক দিবলৈ আৰু  ফটো মাৰিবলৈহে মানুহ যায়৷