ইৰানত সোণোৱাল
আমাৰ অসম, ২১ আগষ্টঃ চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণত উপস্থিত হোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ইৰাণৰ চাবাহাৰৰ শ্বাহিদ বেহেস্তী বন্দৰ পৰিদৰ্শন কৰি উন্নয়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ চাবাহাৰ বন্দৰৰ সুযোগ-সম্ভাৱনাক ত্বৰান্বিত কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে ছয়টা ভ্ৰাম্যমাণ ক্ৰেন ‘ইণ্ডিয়ান প’ৰ্টছ গ্ল’বেল চাবাহাৰ ফ্ৰী ট্ৰেড জ’ন’ [আইপিজিচিএফটিজেড]লৈ হস্তান্তৰ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰীজনক সংগ দিয়ে ইৰাণস্থিত ভাৰতীয় ৰাষ্ট˜দূত জি ধৰ্মেন্দ্ৰই৷ ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংগঠনৰ উপ-মন্ত্ৰী তথা পৰিচালন সঞ্চালক ড॰ আলী আকবৰ ছাফায়ে ইৰাণৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে৷ তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ভাৰতীয় প্ৰতিনিধি দলটোৱে ইৰাণ আৰু ভাৰতৰ মাজত পাৰস্পৰিক সামুদ্ৰিক আৰু বন্দৰ সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ইৰাণৰ প্ৰতিনিধি দলৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হয়৷ দক্ষিণ এছিয়া, আছিয়ান আৰু জাপান, কোৰিয়াৰ দৰে পূব এছিয়াৰ দেশসমূহৰ লগত মধ্য এছিয়াৰ দেশসমূহৰ বাণিজ্যিক সম্ভাৱনাক গতিশীলতা প্ৰদান সন্দৰ্ভত দুয়োটা প্ৰতিনিধি দলৰ মাজত বিতং আলোচনা অনুষ্ঠিত হয়৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে দূৰত্ব, সময় আৰু ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত চাবাহাৰৰ বন্দৰে কিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, সেই সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে৷ বন্দৰটোৰ মসৃণ কাৰ্যকৰীকৰণৰ বাবে এখন যুটীয়া কাৰিকৰী সমিতি গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়৷ তদুপৰি বৈঠকত বন্দৰটোৰ উন্নয়নৰ দিশত ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়েও আলোচনা, পৰ্যালোচনা কৰা হয়৷ ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়– ‘ইন্দো-ইৰাণৰ ঐতিহাসিক সম্পৰ্ক হৈছে বৰ্তমানৰ দ্বিপাক্ষিক সম্পৰ্কৰ আধাৰ৷ আগন্তুক দিনবোৰত ভাৰত আৰু ইৰাণ চৰকাৰৰ নিৰন্তৰ আৰু সৰ্বাংগীণ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক উন্নীতকৰণ, সম্প্ৰসাৰণ আৰু গভীৰতাৰ বাবে এক আদৰ্শ মঞ্চ তৈয়াৰ কৰিব৷ ২০১৬ চনত ইৰাণ ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা দৃষ্টিভংগী অনুসৰি চাবাহাৰ বন্দৰৰ সৰ্বাংগীণ বিকাশৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ভাৰত চৰকাৰ৷ ছয়টা ভ্ৰাম্যমাণ বন্দৰ ক্ৰেনৰ মুকলিকৰণে শ্বাহিদ বেহেস্তী বন্দৰৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু চাবাহাৰ বন্দৰৰ বিকাশত অধিক ইন্ধন যোগাব৷ মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত ৰেপাৰ বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰাৰ দিশত চাবাহাৰ বন্দৰৰ কৌশলগত ভূমিকা হ’ব সুদূৰপ্ৰসাৰী৷ সেয়েহে, আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ কৰিড’ৰক ভাৰত-ইৰাণৰ পাৰস্পৰিক বাণিজ্যৰ পচন্দৰ পথ হিচাপে গঢ়ি তোলাৰ দিশত আমি নিৰন্তৰ কাম কৰি আছোঁ৷’ উল্লেখ্য, ইণ্ডিয়া প’ৰ্টছ গ্ল’বেল প্ৰাইভেট লিমিটেডে শ্বাহিদ বেহেস্তী বন্দৰৰ কাৰ্যকলাপ তদাৰক কৰাৰ পৰাই ই ৪.৮ নিযুত টনতকৈও অধিক কাৰ্গ’ পৰিচালনা কৰিছে৷ এই সামগ্ৰীসমূহ অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰাজিল, জাৰ্মানী, ওমান, ৰোমানিয়া, ৰাছিয়া, থাইলেণ্ড, ইউএই, ইউক্ৰেইন আৰু উজবেকিস্তানকে ধৰি বিভিন্ন দেশৰপৰা অনা-নিয়া কৰা হৈছে৷ শনিবাৰৰ বৈঠকত চাবাহাৰৰ ৰাজ্যপাল তথা প্ৰাদেশিক উপ-ৰাজ্যপাল ছেপাহী, চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ সংগঠনৰ অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া ইব্ৰাহিমীৰ লগতে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, ভাৰতীয় দূতাবাস আৰু ইৰাণৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷ উল্লেখ্য, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইৰাণ আৰু ইউএইলৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে গৈছে৷ তেওঁ ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰি ইউএইৰ জেবেল আলী বন্দৰ পৰিদৰ্শন কৰিব৷ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউএইৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা৷ এই ভ্ৰমণে ইউৰোপ, ৰাছিয়া আৰু চিআইএছ দেশসমূহৰ সৈতে ভাৰতীয় বাণিজ্যক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে চাবাহাৰ বন্দৰৰ গুৰুত্বক আলোকিত কৰি তুলিব বুলি বাৰুকৈয়ে আশাবাদী ভাৰত চৰকাৰ৷