Logo
image

পাৰ্টীত সুৰাপান কৰি উদ্দাম নৃত্য প্ৰধানমন্ত্ৰীৰ কাণ্ডত হাহাকাৰ

আমাৰ অসম, ২১ আগষ্টঃ ফিনলেণ্ডৰ সুন্দৰী প্ৰধানমন্ত্ৰী ছান্না মিৰেলা মেৰিণে এটা নৈশ পাৰ্টীত উদ্দাম নৃত্য কৰি কেৰিয়াৰৰ বৃহত্তম ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে৷ ড্ৰাগছ সেৱন কৰি তেওঁ তেনেদৰে উদ্দাম নৃত্যত মগ্ন হোৱা বুলি উঠা অভিযোগ পৰিষ্কাৰ কৰিবৰ বাবে শনিবাৰে ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণে ড্ৰাগছ পৰীক্ষাত অৱতীৰ্ণ হৈছে৷ আশা কৰা হৈছে এসপ্তাহৰ ভিতৰত সেই ড্ৰাগছ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাব আৰু তেতিয়াই ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণ এই অপবাদৰ পৰা মুক্ত হ’ব পাৰিব৷ শনিবাৰে লিবাৰেল ডেম’ক্ৰেট প্ৰধানমন্ত্ৰী মেৰিণে চৰকাৰৰ জোঁটসংগী দলৰ সদস্যৰ উপৰি বিৰোধী দলৰ সাংসদৰ পৰাও ড্ৰাগছ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে তীব্ৰ হেঁচা লাভ কৰে৷ ফলত তেওঁ নিজকে নিষ্কলুষ প্ৰমাণ কৰাটো অপৰিহাৰ্য হৈ পৰে৷ সেয়ে শনিবাৰে ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণে ড্ৰাগছ পৰীক্ষাত স্বেচ্ছাই ভাগ লয়৷ সংবাদমেলত এই বিষয়ে মেৰিণে নিজেই প্ৰকাশ কৰিছে৷ তেওঁ কৈছে– মই কেতিয়াও ড্ৰাগছ ব্যৱহাৰ কৰা নাই৷ অনেকেই মোৰ বাসভৱনত ড্ৰাগছ থকা বুলি অভিযোগ তুলিছে আৰু মই ড্ৰাগছ সেৱন কৰো বুলিও অভিযোগ উত্থাপন কৰিছে৷ সেই অভিযোগৰ পৰা এখন দেশৰ ৰাষ্ট˜প্ৰধান হিচাপে মই মুক্ত হৈ থকাটো বাঞ্ছনীয়৷ সেয়ে এই ড্ৰাগছ পৰীক্ষাত মই অৱতীৰ্ণ হ’লো৷ এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ প্ৰতিবেদন ওলাব৷ তেতিয়া সকলোৱে জানিব পাৰিব প্ৰকৃত সত্য কি৷ মইযে ড্ৰাগছ সেৱন কৰা নাই সেই সত্যও ওলাই আহিব৷ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে মোৰ দায়বদ্ধতা আছে৷ সেই দায়বদ্ধতা মই পালন কৰিছোঁ৷ 

শুকুৰবাৰে ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণে  কেইজনমান প্ৰভাৱশালী ব্যক্তি আৰু একাংশ বন্ধুৰ সৈতে এটা নৈশ পাৰ্টীত উদ্দাম নৃত্য কৰি থকাৰ ভিডিঅ’ ‘লিক’ হয়৷ স্বাভাৱিকতে সেই ভিডিঅ’টো মুহূৰ্তৰ ভিতৰতে সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈ পৰে৷ ভিডিঅ’টোত দেখা গৈছে শি¡ভলেছ টপেৰে প্ৰায় স্বল্পবসনা হৈ ৩৬ বছৰীয়া সুন্দৰী ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণে কেইজনমান বন্ধু আৰু বান্ধৱীৰ সৈতে সংগীতৰ তালে তালে নৃত্য কৰি আছে৷ সেই ভিডিঅ’ প্ৰত্যক্ষ কৰিলে কোনেও মেৰিণক এখন দেশৰ ৰাষ্ট্ৰপ্ৰধান বুলি ভাবিব নোৱাৰে৷ মেৰিণৰ ৰূপ সেই ভিডিঅ’ত এগৰাকী চঞ্চলা কিশোৰীৰ দৰে৷ জীৱনত প্ৰথমবাৰৰ বাবে কোনো নৈশ পাৰ্টীত নৃত্যৰ সুযোগ পালে অথবা সততে নাইট ক্লাৱত নৃত্য কৰি থাকিলে এগৰাকী তৰুণী বা কিশোৰীৰ কোনো নৈশ পাৰ্টীত যি অৱস্থা হয়, এই ভিডিঅ’ত ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণৰ অৱস্থাও তদ্ৰুপ৷ তেওঁক এখন দেশৰ প্ৰধানমন্ত্ৰী বুলি ভিডিঅ’টো চালে ভবাৰ কোনো উপায় নাই৷ মেৰিণৰ নৃত্য ইমানেই উদ্দাম আছিল যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত সকলোৱে তেওঁ ড্ৰাগছ সেৱন কৰি পাৰ্টী কৰি থকা বুলি ভাবিবলৈ বাধ্য হৈছে৷ কাৰণ ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণৰ অৱস্থা তেনেই অপ্ৰকৃতিস্থৰ দৰে আছিল৷ পাশ্চাত্যৰ দেশত ৰাষ্ট্ৰ প্ৰধানে নৈশ পাৰ্টীত ভাগ লোৱাটো মুঠেই অস্বাভাৱিক ঘটনা নহয়৷ একেদৰে পাৰ্টীত নৃত্যত ভাগ লোৱাটো পশ্চিমৰ দেশত সৌজন্যৰ শাৰীতে পৰে৷ পিছে মেৰিণৰ নৃত্যৰ ৰূপ সম্পূৰ্ণ ভিন্ন আছিল৷ কম কাপোৰ পৰিধান কৰি জপিয়াই আৰু সংগীৰ শৰীৰত বাৰে বাৰে নিচাগ্ৰস্তৰ দৰে বাগৰি বাগৰি নৃত্য কৰাৰ বাবেই অনেকেই মেৰিণে ড্ৰাগছ সেৱন কৰি নৃত্য কৰা বুলি ভাবিবলৈ বাধ্য হৈছে৷ 

২০১৯ চনত ৩৪ বছৰ বয়সত যেতিয়া ছান্না মিৰেলা মেৰিণ ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল, তেতিয়া তেওঁ আছিল বিশ্বৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী৷  এতিয়াও মেৰিণতকৈ কম বয়সীয়া ৰাষ্ট˜প্ৰধান বিশ্বৰ কোনো দেশত নাই৷ ছ’চিয়েল ডেম’ক্ৰেট নেত্ৰী মেৰিণে কঠোৰ হাতেৰে দেশৰ প্ৰশাসন  পৰিচালনা কৰে৷ মেৰিণৰ কাৰ্যকালত ফিনলেণ্ডৰ উন্নয়ন উধবৰ্গামী হৈ আছে৷ নিজৰ দলৰ পৰা ইমান কমবয়সীয়া এগৰাকী নেত্ৰীক প্ৰধানমন্ত্ৰীৰ পদবীলৈ দলে আগবঢ়াই দিয়াৰ আঁৰত আছিল মেৰিণৰ প্ৰতিভা, দক্ষতা আৰু কৰ্তব্যনিষ্ঠা৷ কোৱা বাহুল্য মাথোঁ, মেৰিণে সেই সুনাম অক্ষুণ্ণ ৰাখি দক্ষ হাতেৰে দেশ পৰিচালনা কৰিছে৷ তেওঁৰ বিৰুদ্ধে দলৰ বাদেই, কোনো বিৰোধী দলৰো অভিযোগ নাই৷ পিছে সময়ে সময়ে ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণৰ বিৰুদ্ধে অিধক পাৰ্টী কৰাৰ অভিযোগ উত্থাপিত হয়৷ ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে পাৰ্টী কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিৰোধী দলে৷ দেশখনৰ বিৰোধীৰ অভিযোগ, ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণে দেশ চলোৱাত মনোযোগ দিয়াতকৈ পাৰ্টী কৰাত অধিক মনোনিৱেশ কৰে৷ নিজৰ কাৰ্যৰে তেওঁ বাৰে বাৰে তেনে অভিযোগ মিছা প্ৰমাণ কৰিছিল৷ কিন্তু শুকুৰবাৰে তেওঁৰ যিটো ভিডিঅ’ নেট মাধ্যমত ভাইৰেল হৈ পৰিল, তাৰ পাছত তেওঁ আত্মপক্ষ সমৰ্থন কৰাটো কঠিন হৈ পৰিছে৷ মাথোঁ এটা উদ্দাম নৃত্যৰ ভিডিঅ’ই ফিনিশ্ব প্ৰধানমন্ত্ৰী ছান্না মেৰিণৰ ৰাজনৈতিক কেৰিয়াৰক সংকটৰ মুখলৈ ঠেলি দিছে৷