Logo
image

এনপিএছ বাতিলৰ দাবীত ৫ লক্ষাধিক কৰ্মচাৰীৰ কৰ্মবিৰতি

আমাৰ অসম, ২২ আগষ্টঃ নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি কাৰ্যকৰীকৰণৰ দাবীত কাইলৈ অৰ্থাৎ সোমবাৰে ৰাজ্যৰ পাঁচ লক্ষ চৰকাৰী কৰ্মচাৰীয়ে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিব৷ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে ৫০ৰো অধিক শিক্ষক-কৰ্মচাৰী সংগঠনৰ সমৰ্থনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসমাজে দিনজোৰা অসহযোগ কাৰ্যসূচী পালন কৰিব৷ অৰ্থাৎ সোমবাৰে চৰকাৰী কৰ্মচাৰীসকল কৰ্তব্যস্থলীত উপস্থিত থাকিব যদিও দিনজোৰাকৈ কাম-কাজৰ পৰা বিৰত থাকিব৷ তদুপৰি নতুন পেন্সন নীতি বাতিলৰ দাবীত প্ৰতিটো কাৰ্যালয়তে এন পি এছ কৰ্মচাৰীসকলে দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিও প্ৰতিবাদ সাব্যস্ত কৰিব৷ অৱশ্যে অত্যাৱশ্যকীয় সেৱা আৰু শিক্ষক-কৰ্মচাৰীৰ সংস্থাসমূহেও এই আন্দোলনলৈ সমৰ্থন জনাইছে যদিও পৰীক্ষাৰ কৰ্তব্যত নিয়োজিত শিক্ষক-কৰ্মচাৰীসকলৰ লগতে অত্যাৱশ্যকীয় সেৱাৰে জড়িত কৰ্মচাৰীসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদৰ মাজতে কৰ্তব্য পালন কৰিব৷ ইফালে, উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই এটা বিবৃতিত কয়– এনপিএছ ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ লগতে অন্যান্য অৱসৰকালীন অসুবিধাসমূহ দূৰ কৰাৰ হকে বিগত ১২ জুনত সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাৰ নেতৃত্বৰ লগত বিত্তমন্ত্ৰী অজন্তা নেওগৰ সৈতে এখন সভা অনুষ্ঠিত হৈছিল৷ ৰাজ্য চৰকাৰৰ এই ভূমিকাই সকলো শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰীৰ প্ৰতি অসম চৰকাৰৰ দ্বায়বদ্ধতাকে সূচাইছে বুলি অনুভৱ কৰি ৰাজ্যত পুৰণি পেন্সন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ বাবে সুস্থ পৰিবেশৰ স্বাৰ্থত সংস্থাই ১৫ জুনত ঘোষিত ধৰ্ণা কাৰ্যসূচীও স্থগিত ৰাখিছিল৷ কিন্তু চৰকাৰৰ লগত হোৱা আলোচনাৰ কাৰ্যবিৱৰণীত এনপিএছ ব্যৱস্থাটো বাতিলৰ কোনো প্ৰসংগই স্থান নাপালে৷ যাৰ ফলত অসমৰ কৰ্মচাৰী সমাজ যথেষ্ট অসন্তুষ্ট হৈ পৰিছে৷ সংস্থাই বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক কৰ্মচাৰী সমাজৰ অসন্তুষ্টিৰ বিষয়ে লিখিতভাবে জনোৱাৰ পাছতো এই ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো সহাঁৰি পোৱা নাই৷ অসমৰ কৰ্মচাৰী সমাজে দাবী কৰে অৱসৰী জীৱনৰ আৰ্থিক সুৰক্ষাৰ স্বাৰ্থত এনপিএছ আঁচনি বাতিল কৰি সকলোকে পুৰণি পেন্সন আঁচনিৰ যোগেদি সুবিধা প্ৰদান কৰক৷ পশ্চিমবংগৰ পাছত ৰাজস্থান, চত্তিশগড়, ঝাৰখণ্ড আৰু পঞ্জাব চৰকাৰৰ দৰে অসম চৰকাৰে ৰাজ্যত পুৰণি পেঞ্চন ব্যৱস্থা পুনঃ বাহালৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ নকৰালৈকে কৰ্মচাৰী সমাজে সংগ্ৰাম অব্যাহত ৰাখিব৷  ইফালে এন পি এছ কৰ্মচাৰী সংস্থাৰ ‘সৰ্বাত্মক কৰ্মবিৰতি’ লৈ পূৰ্ণ সহযোগিতা আগবঢ়াইছে ক্ৰমে– সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, অসম কলেজ শিক্ষক সংস্থা, সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা, সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থা, সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ আৰু মঞ্চৰ অংশীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, অসম প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা, অসম হাইস্কুল শিক্ষক সংস্থা, অসম কনিষ্ঠ মহাবিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সন্থা, সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সংস্থা, ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্মী সন্থা, জইণ্ট কাউন্সিল অৱ ট্ৰেড ইউনিয়ন অসম আদিয়ে৷ উল্লেখ্য, ৰাজ্যত চৰকাৰৰ মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছে প্ৰায় ৫ লাখ৷ ইয়াৰ ভিতৰত ২.৫০ লাখ কৰ্মচাৰীয়ে এন পি এছৰ অধীনৰ৷ আনহাতে, এন পি এছ কৰ্মচাৰী সমাজৰ আন্দোলনলৈ ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলেও পূৰ্ণ সমৰ্থন জনোৱা বুলি শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে জানিবলৈ দিছে৷