Logo
image

বোলব’ম ভক্তৰ পৰা জব্দ কৰা ৫০ কেজি গাঞ্জা দাহ

মহানগৰ আৰক্ষীয়ে নষ্ট কৰিলে বহু সুৰাৰ বটলো

আমাৰ অসম, ২২ আগষ্টঃ সমাজৰ নীতিনিষ্ঠ ধৰ্মীয় পৰম্পৰাতো যেন কৰবাত আউল লাগিছে৷ প্ৰকৃত ধৰ্মীয় নিষ্কাম অহৈতুকী সাধু-সন্ত, উপাসকৰ বিপৰীতে এতিয়া ৰাজ্যত একাংশ ধৰ্মীয় আফিংখোৱা লোকৰহে দপদপনি বাঢ়িছে৷ পূৰণ কৰিছে নিজৰ নিষিদ্ধ অভিৰুচি৷ বিশেষকৈ পৱিত্ৰ শাওণ মাহৰ বোল ব’মত একাংশ উদণ্ড ভক্তৰ কৰ্মকাণ্ডই ইয়াৰে প্ৰতিচ্ছবি দাঙি ধৰিছে৷ ‘বোল ব’ম’ৰ সময়ছোৱাত ৰাজ্যত চৌদিশে কেজিয়ে কেজিয়ে গাঞ্জা তথা নিচাজাতীয় দ্ৰৱ্য উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ ‘বোল ব’মৰ সন্তৰ বেশত একাংশ অসাধু নিচাসক্তই অবাধে নিজৰ উশৃংখল বাসনা পূৰণ কৰে নেকি–এয়াই এতিয়া সৰ্বত্ৰ চৰ্চিত প্ৰশ্ন৷ বিশেষকৈ বোল ব’ম অৰ্থাৎ শ্ৰৱণ মেলাত বশিষ্ঠাশ্ৰম দেৱালয়ত ভক্তসকলে সৰবৰাহ কৰা নিচাজাতীয় সামগ্ৰীৰ দম দেখি স্বাভাৱিকতে সচেতন মহলৰ চকু কপালত উঠিছে৷ এইবাৰৰ শ্ৰৱণ মেলাত  বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা কমিটী আৰু বশিষ্ঠ বৃহত্তৰ যুৱ ঐক্য মঞ্চ সদস্যৰ অভিযানত জব্দ হৈছিল ৫০ কেজিতকৈও অধিক গাঞ্জা, চিলিম হকা আৰু বিলাতী সুৰা৷ শাওণ মাহৰ ৫টা সোমবাৰত অহা একাংশ নিচাসক্ত ভক্তৰ পৰা জব্দ হৈছিল এই সামগ্ৰীখিনি৷ আজি সমিতিয়ে পৱিত্ৰ বশিষ্ঠ ধামৰ চৌহদত দাহন কৰে এই নিচাজাতীয় সামগ্ৰীখিনি৷ উল্লেখ্য, ২০১৮ চনৰ পৰাই এনেদৰে জব্দকৃত নিচাজাতীয় সামগ্ৰী দাহন কৰি আহিছে বশিষ্ঠাশ্ৰম দেৱালয় পৰিচালনা কমিটীয়ে৷ লক্ষণীয় যে এইবাৰৰ পৱিত্ৰ বোল ব’মৰ সময়তে কোকৰাঝাৰ বোকাজান কৰিমগঞ্জ আদিকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত উদ্ধাৰ হয় হাজাৰ হাজাৰ কেজি গাঞ্জা তথা নিচাজাতীয় সামগ্ৰী৷ মহানগৰ আৰক্ষীয়েও গুৱাহাটীৰ বিভিন্ন প্ৰান্তত জব্দ কৰা বিলাতী সুৰা বটল চন্দ্ৰপুৰৰ হাতীশিলাৰ ব্ৰহ্মপুত্ৰৰ পাৰত নষ্ট কৰিছিল৷ কোকৰাঝাৰত এখন ট্ৰাকৰ পৰা উদ্ধাৰ হয় ৪৯৭ কেজি গাঞ্জা৷ গুৱাহাটী জালুকবাৰীতো উদ্ধাৰ হয় ৩০ কেজি গাঞ্জা৷ বোকাজানত উদ্ধাৰ হয় ৪৭৭ কেজি মেৰিজুৱান৷ কৰিমগঞ্জৰ ত্ৰিপুৰা সীমান্তত উদ্ধাৰ হয় ১৪৮০ কেজি গাঞ্জা৷ ইয়াৰ পৰাই সহজে অনুমান কৰিব পাৰি যে কোন দিশৰে গৈ আছে সমাজখন৷