Logo
image

অধ্যাপকক কাণত ধৰাই উঠ-বহ উপায়ুক্তৰ, শিক্ষাৰ্থীৰ বিক্ষোভ

আমাৰ অসম, ২৩ আগষ্টঃ অৱশেষত চৰ্ত সাপেক্ষে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথৰ দেওবাৰে নিশাৰ ভাগত জামিন মঞ্জুৰ হয়৷ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাত বিসংগতি হোৱাৰ অভিযোগত আৰক্ষীয়ে কাছাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ নাথক গ্ৰেপ্তাৰ কৰিছিল৷ জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰিছিল৷ কাছাৰ কলেজ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰি জিলা উপায়ুক্তই শিলচৰ সদৰ থানাত এফ আই আৰ দাখিল কৰে৷  জিলা উপায়ুক্তৰ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অধ্যক্ষ নাথক গ্ৰেপ্তাৰ কৰে৷ ইপিনে অধ্যক্ষ সিদ্ধাৰ্থ শংকৰ  নাথে তেওঁৰ অনুপস্থিতিত কলেজৰ এজন অধ্যাপক স্বদেশৰঞ্জন দাসক পৰীক্ষাৰ প্ৰশ্নকাকত আনিবলৈ পঠাইছিল৷ তেখেত পলমকৈ প্ৰশ্নকাকত আনিবলৈ যোৱাৰ অভিযোগত উপায়ুক্ত ৰোহন কুমাৰ ঝায়ে তেওঁক অপদস্থ কৰা বুলি অভিযোগ উত্থাপিত হৈছিল৷ উপায়ুক্তই তেওঁকো গ্ৰেপ্তাৰ কৰিব বুলি ধমকি দিছিল৷ এই ঘটনা পোহৰলৈ অহাৰ পিছত অৰ্থাৎ উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ বিৰুদ্ধে কাছাৰ কলেজৰ অধ্যাপক স্বদেশ কুমাৰ দাসক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি আজি গোটেই দিন কাছাৰ কলেজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ দুপৰীয়াৰ ভাগত এই ঘটনাক কেন্দ্ৰ কৰি কলেজৰ একাংশ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ পৰে আৰু বিক্ষোভ প্ৰদৰ্শন কৰে৷ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন কাকত সংগ্ৰহ কৰিবলৈ সামান্য পলমকৈ উপস্থিত হোৱাৰ ফলত অধ্যাপক স্বদেশ কুমাৰ দাসক পলম হোৱাৰ কাৰণ সুধি কানত ধৰাই উঠা বহা কৰোৱা বুলি উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে৷ এজন অধ্যাপকৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ ঘটনাক কেন্দ্ৰ কৰি কাছাৰ কলেজত দফাই দফাই প্ৰতিবাদী সভা অনুষ্ঠিত হয় আজি৷ ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাত কলেজ কতৃৰ্পক্ষই বাধ্য হৈ আৰক্ষী মোতায়েন কৰে৷ অৱশ্যে বিয়লি পৰ্যন্ত কলেজত কোনো ধৰণৰ অঘটন সংঘটিত হোৱা নাই৷ ইপিনে,  কাছাৰ কলেজৰ অধ্যক্ষক গ্ৰেপ্তাৰৰ ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে অসম বিশ্ববিদ্যালয় শিক্ষক সন্থাই৷  কাছাৰ কলেজৰ অধ্যক্ষক অনানুষ্ঠানিকভাৱে আটক কৰি ৰখাৰ লগতে একেখন মহাবিদ্যালয়ৰ এজন শিক্ষকক পৰীক্ষাৰ সামগ্ৰী সংগ্ৰহ কৰাত পলম হোৱাৰ অভিযোগত জিলা উপায়ুক্তই শাৰীৰিক নিৰ্যাতন চলোৱাক তীব্ৰ ভাষাৰে গৰিহণা দিছে অসম বিশ্ববিদ্যালয় শিক্ষক সন্থাই৷ সন্থাৰ মতে, উপযুক্ত তদন্ত অবিহনে শিক্ষকৰ ওপৰত  নিৰ্যাতন গণতন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ উক্ত ঘটনাৰ প্ৰতিবাদ জনাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সন্থাৰ বিষয়ববীয়া সকলে ক’লা দিৱস পালন কৰিছে৷ ইপিনে কাছাৰত অনুষ্ঠিত হোৱা চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তি পৰীক্ষাৰ দিনা বৰাক উপত্যকাত তীব্ৰ যান-জটৰ বাবে ৫৫২৮জন পৰীক্ষাৰ্থী অনুপস্থিত আছিল৷ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত কোনো পৰীক্ষা কেন্দ্ৰ নথকাৰ ফলত জিলা দুখনৰ প্ৰাৰ্থীসকল পৰীক্ষা দিবলৈ শিলচৰৰ চহৰলৈ আহিবলৈ বাধ্য হয়৷ যাৰ ফলত শিলচৰৰ চহৰত পুৱাৰে পৰা সৃষ্টি হয় অভাৱনীয় যান-জট৷ এই যান-জটৰ ফলত পৰীক্ষাগৃহত সময় মতে উপস্থিত হ’ব নোৱাৰিলে প্ৰায় পাঁচ সহস্ৰাধিক প্ৰাৰ্থী৷ আনহাতে দেওবাৰৰ সমগ্ৰ দিনটো ৰাজ্যত এই পৰীক্ষাৰ বাবে ইণ্টাৰনেট সেৱা কৰ্তনৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে৷ বাছনি পৰীক্ষাৰ বাবে পুৱা ২ ঘণ্টা আৰু বিয়লি ২ ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ কথা চৰকাৰে ঘোষণা কৰিছিল যদিও কাৰ্যতঃ দিনটোৰ বাবে  কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা৷ যাৰ ফলত সমগ্ৰ দিনটোৰ বাবে মোবাইল এপ যোগে চলা সকলো ধৰণৰ সেৱা ৰাজ্যত স্তব্ধ হৈ পৰে৷ ইয়াৰে ভিতৰত মোবাইল বেংকিং সেৱা, আৰ্থিক লেনদেন, চিকিৎসা সেৱাৰ দৰে জৰুৰী আৰু অত্যাৱশ্যকীয় সেৱাসমূহো অন্যতম৷