Logo
image

বিজেপিত যোগ দি চিবিআই-ইডিৰ গোচৰমুক্ত হোৱাৰ প্ৰস্তাৱ

গুজৰাটত সংবাদমেলত অৰবিন্দ-মনীষৰ দাবী

আমাৰ অসম, ২৩ আগষ্টঃ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক বিজেপিত যোগদান কৰি দিল্লীৰ আপ চৰকাৰ ভঙাৰ প্ৰস্তাৱ দিছিল গেৰুৱা দলটোৱে৷ মহাৰাষ্ট্ৰৰ মহাবিকাশ আঘাড়ী চৰকাৰ ভাঙি বিজেপি সমৰ্থিত চৰকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত শিৱসেনাৰ নেতা একনাথ সিন্দেই যি ভূমিকা লৈছিল, ঠিক একেই ভূমিকা লোৱাৰ বাবে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ বিজেপিৰ পৰা প্ৰস্তাৱ আহিছিল৷ দিল্লী চৰকাৰ ভাঙি তেওঁ বিজেপিত যোগদান কৰিলে চিবিআই আৰু ইডিয়ে চলোৱা তালাচী তথা গোচৰ সম্পূৰ্ণৰূপে নোহোৱা কৰি পেলাব বুলি মনীষ ছিছোদিয়াক বিজেপিৰ পক্ষৰ পৰা প্ৰস্তাৱ আগবঢ়োৱা হৈছিল৷ আজি স্বয়ং মনীষ ছিছোদিয়াই বিজেপিৰ বিৰুদ্ধে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে৷ টুইটাৰত ছিছোদিয়াই লিখে– ‘আপ ভাঙি বিজেপিত যোগদান কৰক, চিবিআই-ইডিৰ সকলো গোচৰ বন্ধ কৰি দিয়া হ’ব– এইদৰেই মোলৈ বিজেপিৰ পৰা প্ৰস্তাৱ আহিছে৷ বিজেপিক মই উত্তৰ দিছো– মই মহাৰাণা প্ৰতাপৰ বংশধৰ৷ মই ৰাজপুত৷ ডিঙি কাটি পেলাম কিন্তু দুৰ্নীতিবাজ, ষড়যন্ত্ৰকাৰীৰ আগত শিৰ নত নকৰো৷ মোৰ বিৰুদ্ধে সকলো অভিযোগ আৰু গোচৰ মিছা৷ যি ইচ্ছা কৰিব পাৰে৷’ একেদিনাই আপৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিংহই দাবী কৰি কৈছে যে বিজেপিয়ে বিচাৰিছিল মনীষ ছিছোদিয়াই একনাথ সিন্দেৰ দৰে ভূমিকা পালন কৰক৷  আপৰ বিধায়ক ভঙাই নি কেজৰিৱাল চৰকাৰৰ পতন ঘটাওক৷ কিন্তু মনীষ ছিছোদিয়াই একনাথ সিন্দে হ’বলৈ ৰাজি নোহোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে চিবিআইক ব্যৱহাৰ কৰা হ’ল৷ এতিয়া তেওঁক মিছা গোচৰত জড়িত কৰিবলৈ অভিসন্ধি ৰচনা কৰা হৈছে৷ চিবিআই-ইডিৰ জৰিয়তে মনীষ ছিছোদিয়াক কাবু কৰিবলৈ চেষ্টা চলাই থকা হৈছে৷ পিছে মনীষ ছিছোদিয়াই বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী হ’বলৈ দিয়া প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে৷ 

দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালে মনীষ ছিছোদিয়াক ভূয়সী প্ৰশংসা কৰে৷ তেওঁ কয়, বিজেপিয়ে মোৰ সতীৰ্থ মন্ত্ৰী মনীষ ছিছোদিয়াক দিল্লীৰ মুখ্যমন্ত্ৰী পতাৰ প্ৰস্তাৱ দিছিল৷ চৰ্ত আছিল তেওঁ আপৰ বৃহৎসংখ্যক বিধায়কক লগত লৈ দলৰ পৰা ওলাই যাব লাগিব৷ কিন্তু তেওঁ বিজেপিৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে৷ মই ভাবো মনীষ ছিছোদিয়াক ভাৰতৰত্ন প্ৰদান কৰা উচিত৷ 

ইপিনে যোৱা শুকুৰবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াকে ধৰি মুঠতে দিল্লীৰ ২১খন স্থান আৰু সামগ্ৰিকভাৱে ৭খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ৩০খন স্থানত চিবিআয়ে তালাচী চলাইছিল৷ উল্লেখ্য দিল্লী চৰকাৰে গুজৰাটত ব্লেক লিষ্টেড হোৱা এটা সুৰা কোম্পানীকো দিল্লীত সুৰা আবণ্টনৰ ঠিকা দিয়া বুলি বিজেপিৰ এজন নেতাই দাবী কৰিছে৷ পিছে তাৎপৰ্যপূৰ্ণ ঘটনা হৈছে, শেহতীয়াকৈ চিবিআয়ে কেইবাজনো ব্যক্তি আৰু বহুকেইটা কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলেও সেই কোম্পানীটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই৷ জানিব পৰা মতে এই সুৰা কোম্পানীটোৱে বিগত নিৰ্বাচনত বিজেপিক ২ কোটি টকাৰ চান্দা দিছিল৷ তালাচী চলোৱা কোম্পানীসমূহৰ ভিতৰত মুঠতে ৮ জন অভিযুক্তৰ বিৰুদ্ধে চিবিআয়ে সোমবাৰে লুকআউট চাৰ্কুলাৰ জাৰি কৰিছে৷ চিবিআইৰ সূত্ৰই জনাইছে, যি অভিযুক্তৰ দেশ এৰি পলাই যোৱাৰ আশংকা থাকে তেনে অভিযুক্তৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰা হয়৷ সেই অনুসৰি এই গোচৰৰ এটা ইভেণ্ট মেনেজমেণ্ট সংস্থাৰ চিইঅ’, পাঁচজন বিভিন্ন সুৰা কোম্পানীৰ কৰ্মকৰ্তা আৰু আন দুজন অভিযুক্তৰ বিৰুদ্ধে লুকআউট চাৰ্কুলাৰ জাৰি কৰা হৈছে৷ উল্লেখ্য মনীষ ছিছোদিয়াৰ বিৰুদ্ধে চিবিআয়ে লুকআউট চাৰ্কুলাৰ জাৰি কৰা বুলি দেওবাৰে দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছিল৷ পাছত চিবিআয়ে সেই কথা অস্বীকাৰ কৰে৷ ইপিনে দিল্লী বিজেপিৰ নেতা মনোজ তিৱাৰীয়ে মনীষ ছিছোদিয়াক প্ৰত্যাহ্বান জনাই তেওঁক বিজেপিত যোগদান কৰিবলৈ প্ৰলোভন দিয়া ব্যক্তিৰ নাম প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে৷