Logo
image

‘বিদ্যাঞ্জলি’ত ভুল নাই মুখ্যমন্ত্ৰীক সমৰ্থন প্ৰদ্যুতৰো

আমাৰ অসম, ২৩ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিদ্যাঞ্জলি’ আঁচনিৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিদ্যালয়সমূহলৈ অনুদান প্ৰদানৰ বাবে লিখা পত্ৰক লৈ উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি৷ বিভিন্ন দল-সংগঠনে এনে পত্ৰৰ বিৰোধিতা কৰাৰ সময়ত শিক্ষামন্ত্ৰী পেগুৰ পত্ৰ প্ৰেৰণ কাৰ্যক প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ সোমবাৰে সংবাদ মাধ্যমৰ আগত কয়– শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ভাল পত্ৰ দিছে৷ তেওঁ ইমানেই কৈছে যে আপুনি পঢ়ি অহা স্কুলখনক দান দিয়ক৷ পঢ়ি অহা স্কুলখনক সেৱা কৰক৷ এইটোত কোনো বিতৰ্ক নাই৷ এতিয়া অসমত বিতৰ্কৰ কোনো ইচ্ছ্যু নাই৷ যদি বিতৰ্ক কৰি থাকিব খোজে তাৰ পৰাটো উপায় নাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত যিখন আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিখনত অসমৰ মানুহে ভৰপূৰ সহযোগিতা কৰিছে আৰু সহযোগিতা কৰি যাব৷ মোৰ অসমীয়া মানুহৰ প্ৰতি বিশ্বাস আছে যে তেওঁলোকে নিজে পঢ়া স্কুলত হিয়া উজাৰি সহায় কৰিব৷ বছৰৰ শেষত মোক সুধিব মই তালিকা দিম কিমানে সহায় কৰিলে৷ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ‘বিদ্যাঞ্জলি’ আঁচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সমৰ্থন জনাইছে৷ তেওঁ কয়– নিজে পঢ়ি অহা স্কুলখনলৈ সহায় বিচৰাটো অপৰাধ নহয়৷ স্কুলত সামাজিক অংশীদাৰিত্ব বঢ়াব লাগে৷ মই নিজে পঢ়া স্কুলতো মই সহায় কৰিছোঁ৷  ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এনে আহ্বানক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ তেওঁ কয়– যেতিয়া নিৰ্বাচন আহে প্ৰচাৰ সভাসমূহত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীয়ে কয়– অসমত যদি ডাবল ইঞ্জিনৰ চৰকাৰ চলে ৰাইজ উপকৃত হ’ব৷ তেতিয়া তেওঁলোকে ক’ব লাগিছিল তিনিটা ইঞ্জিনৰ চৰকাৰ চলিব বুলি৷ যদি বানপানী আহিলেও ৰাইজে পইচা দিব লাগে, ক’ভিড আহিলেও ৰাইজে পইচা দিব লাগে আৰু এতিয়া স্কুল চলাবলৈও ৰাইজে পইচা দিব লাগে তেতিয়া এখন চৰকাৰ থকাৰ অৰ্থ কি?