মোদীৰ নিৰ্দেশত বাণিজ্য বিস্তাৰৰ লক্ষ্যৰে মধ্যপ্ৰাচ্যত সৰ্বানন্দ
আমাৰ অসম, ২৩ আগষ্টঃ নিৰ্দেশ মোদীৰ৷ পৰিকল্পনা মোদীৰ৷ কাৰ্যকৰী কৰাৰ গুৰুদায়িত্ব সৰ্বানন্দ সোণোৱালৰ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশতেই ভাৰতৰ বাণিজ্য বিস্তাৰৰ লক্ষ্যৰে মধ্যপ্ৰাচ্যত সোণোৱালৰ চফৰ৷ সোণোৱালৰ এই ভ্ৰমণে ভাৰত আৰু মধ্যপ্ৰাচ্যৰ মাজৰ বাণিজ্যিক সম্পৰ্ক অধিক উন্নত কৰিব বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে তেহৰানত ইৰাণৰ উপ-ৰাষ্ট˜পতি মহম্মদ মোখবাৰক সাক্ষাৎ কৰে৷ দুয়োজন নেতাই ইণ্ডো-ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে৷ ভাৰতৰ সৈতে সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত ইৰাণৰ বিশেষ দূত উপ-ৰাষ্ট্ৰপতিজনে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ভ্ৰমণক ভূয়সী প্ৰশংসা কৰে, কিয়নো ই দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ লগতে প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিব৷ চাবাহাৰ বন্দৰৰ উন্নয়নৰ ফলত পাৰস্পৰিক বাণিজ্য আৰু আনুষংগিক দিশসমূহ বৃদ্ধি পাব বুলি উপ-ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে৷ আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে চাবাহাৰ বন্দৰক বাণিজ্য বৃদ্ধি আৰু আমদানি-ৰপ্তানিৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গ্ৰহণ কৰিবলগীয়া পৰৱৰ্তী পদক্ষেপসমূহত পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷ এই প্ৰসংগত সোণোৱালে কয়– ‘ভাৰত চৰকাৰে ইৰাণৰ সৈতে পাৰস্পৰিক সহযোগিতা বৃদ্ধি কৰিবলৈ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ ফলত আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী হৈ গৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুয়োখন ৰাষ্ট্ৰৰ মাজত পাৰস্পৰিকভাৱে লাভজনক আৰু গভীৰ সম্পৰ্ক গঢ় দিয়াত বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু তাৰ বাবে সামুদ্ৰিক তথা বাণিজ্যিক পথ আদিকে ধৰি বিভিন্ন সুযোগ-সম্ভাৱনা উন্মুক্ত কৰাৰ ক্ষেত্ৰত ইৰাণ চৰকাৰৰ সৈতে উচ্ছ পৰ্যায়ত আলোচনা কৰিবলৈ মোক নিৰ্দেশ দিছে৷ এই সন্দৰ্ভত ভাৰত তথা ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ দিশত ইৰাণৰ আকাংক্ষাৰ সৈতে ভাৰতৰ ইচ্ছা, আশা-আকাংক্ষা আৰু সহযোগিতাৰ সমন্বয় বৃদ্ধিত আমি গুৰুত্ব আৰোপ কৰিছোঁ৷’ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ইয়াৰ পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰানত ইৰাণ চৰকাৰৰ পথ আৰু নগৰ উন্নয়ন মন্ত্ৰী ৰ’ষ্টম ঘাছেমিৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকতো অংশগ্ৰহণ কৰে৷ এই বৈঠকতে দুয়োখন দেশে নাবিকসকলৰ সুচল ভ্ৰমণৰ বাবে দক্ষতাৰ প্ৰমাণপত্ৰৰ স্বীকৃতিৰ ক্ষেত্ৰত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰে যাতে দুয়োখন দেশৰ নাবিকসকলে আন্তৰ্জাতিক সন্মিলন [১৯৭৮]ৰ ব্যৱস্থা অনুসৰি পৰ্যাপ্ত সহায়-সহযোগিতা লাভ কৰিব পাৰে৷ সৰ্বানন্দ সোণোৱাল আৰু ৰ’ষ্টম ঘাছেমিয়ে ইণ্ডো-ইৰাণৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে এক ফলপ্ৰসূ দ্বিপাক্ষিক বৈঠকত মিলিত হয়৷ উল্লেখ্য, বুজাবুজিৰ চুক্তি স্বাক্ষৰৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ নাবিকসকলৰ চলাচল মসৃণ কৰা৷ সৰ্বানন্দ সোণোৱালে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বৰ কথা দোহাৰে৷ বৈঠকত তেওঁ বাণিজ্যিক সম্ভাৱনা উন্মুক্তকৰণৰ ক্ষেত্ৰত চাবাহাৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে, কিয়নো মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত দ্ৰুত আৰু ব্যয়সন্মত বাণিজ্যিক পথ মুকলিকৰণৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰে সম্ভাৱনাময় বন্দৰ হিচাপে কাম কৰিব৷ উল্লেখ্য, ২০২০ চনত ভাৰতে মানৱীয় সহায় কাৰ্যসূচীৰ অংশ হিচাপে আফগানিস্তানলৈ ৭৫ হাজাৰ টন ঘেঁহু যোগান ধৰিছিল আৰু লগতে ইৰাণত খাদ্য সুৰক্ষা বৃদ্ধি কৰাৰ এক সমন্বিত প্ৰচেষ্টাৰ জৰিয়তে চাবাহাৰ বন্দৰৰ মাধ্যমেৰে ইৰাণক ৪০ হাজাৰ লিটাৰ মালাথিয়ন ৯৬% ইউএলভি কীটনাশক প্ৰদান কৰিছিল৷ চাবাহাৰ বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে দেওবাৰে ‘ভাৰতীয় বন্দৰ গোলকীয় চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ’ক ছয়খন ভ্ৰাম্যমাণ বন্দৰ ক্ৰেন হস্তান্তৰ কৰিছিল৷ ইণ্ডিয়া প’ৰ্টছ্ গ্ল’বেল প্ৰাইভেট লিমিটেডে শ্বাহিদ বেহেষ্টী বন্দৰৰ কাৰ্যকলাপ তদাৰক কৰাৰ পৰাই ই ৪.৮ নিযুত টনতকৈও অধিক কাৰ্গ’ পৰিচালনা কৰিছে৷ সোণোৱাল ইৰাণ আৰু ইউএইলৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচী লৈ উপস্থিত হৈছে৷ ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰি তেওঁ ইউএইৰ জেবেল আলী বন্দৰ ভ্ৰমণ কৰিব আৰু দ্বিপাক্ষিক বৈঠকত অংশ লোৱাৰ উপৰি বিনিয়োগকাৰীৰ সৈতেও বৈঠকত মিলিত হ’ব৷ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউএইৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা৷