Logo
image

বিবাদমুক্ত সীমান্তৰ সন্ধানত মন্ত্ৰী অতুল

আমাৰ অসম, ২৩ আগষ্টঃ অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনে হৈ থকা সীমা সমস্যা দূৰ কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিবদমান ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰী সকলৰ লগত কেইবালানি আলোচনা কৰাৰ পাছত অসমৰ কেইবাজনো মন্ত্ৰীক বিবদমান অঞ্চলৰ দুয়োখন ৰাজ্যৰ স্থানীয় বিধায়কক লগত লৈ চৰজমিন তদন্ত কৰি ১৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিয়া নিৰ্দেশৰ ভিত্তিত সোমবাৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনামীনৰ লগতে শদিয়াৰ বিধায়ক বলিন চেতিয়া, অৰুণাচল প্ৰদেশৰ লেকাংৰ বিধায়িকা জুমুম এতে দেউৰী, নামচাইৰ বিধায়ক জিংনু নামচুম, তেজুৰ বিধায়ক কাৰিক ক্ৰী উপৰিও তিনিচুকীয়া জিলাৰ উপায়ুক্ত, নামচাই জিলাৰ উপায়ুক্ত তথা চৰকাৰী বিষয়া সকলক লগত লৈ বিবদমান হৈ থকা সীমান্ত টেঙাপানী গাওঁখন পৰিদৰ্শন কৰে৷ পাছত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনৰ বাসগৃহত অনুষ্ঠিত কৰা এক যৌথ সংবাদমেলত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পিচৰেপৰা অসমৰ সীমা সমস্যা সমাধানৰ বাবে অহৰ্নিশে চেষ্টা কৰি আহিছে আৰু অতিশীঘ্ৰে অসমৰ সীমা সমস্যাৰ চুবুৰীয়া ৰাজ্য সমূহৰ লগত আলাপ আলোচনাৰ জৰিয়তে স্থায়ী সমাধান হব৷ ১৫ জুলাইত মুখ্যমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ নামচাই জিলা ভ্ৰমণ কৰাৰ সময়তে এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছিল  বিবদমান হৈ থকা টেঙাপানী গাঁওখনৰ ওপৰত তিনিচুকীয়া জিলাৰ উপায়ুক্ত আৰু নামচাই জিলাৰ উপায়ুক্তই প্ৰতিবেদন দাখিল কৰিলেই সীমা চূড়ান্ত হ’ব৷ আনহাতে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনে কয় যে ১৫ জুলাইৰ নামচাইৰ ঘোষনাত ৮৭টা বিবদমান বিষয়ৰ ভিতৰত ৩৭টা বিষয় ইতিমধ্যে নিস্পত্তি হৈছে আৰু দুটা বিষয় নিস্পত্তি হোৱাৰ পথত বুলি উল্লেখ কৰি আলাপ আলোচনাৰ মাজেৰে পৰ্যায়ক্ৰমে সকলো সমস্যাৰ সমাধান কৰিবলৈ দুয়োখন ৰাজ্যৰ বিজেপি চৰকাৰ বদ্ধপৰিকৰ বুলি কয়৷ অসমখন অৰুণাচলৰ জেষ্ঠ ভাতৃ বুলি উল্লেখ কৰি তেখেতে প্ৰতিটো দিশতে অসম স্পৰ্শ কৰিহে অৰুণাচলৰ জনজীৱন চলে বুলি প্ৰকাশ কৰে৷ সংবাদ মেলখনত অৰুণাচল প্ৰদেশৰ লেকাং সমষ্টিত বসবাস কৰা মৰাণ, দেউৰী, মিচিং, আদিবাসী আদি লোক সকলক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ এৰাই চলি অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই এই বিষয়টো সীমা নিদ্ধাৰণ সমিতিৰ হাতত নাই বুলি কয়৷ উল্লেখযোগ্য যে পূৰ্বৰে পৰা অৰুণাচলত বসবাস কৰি অহা এই জনগোষ্ঠী কেইটাক অৰুণচল চৰকাৰে স্থায়ী বাসিন্দা হিচাপে স্বীকৃতি দিয়া নাই৷ আনহাতে জনগোষ্ঠী কেইটাই দীৰ্ঘদিনৰ পৰা স্থায়ী বাসিন্দাৰ স্বীকৃতিৰ বাবে¸ আন্দোলন চলাই আহিছে যদিও অৰুণাচল চৰকাৰে আজিলৈকে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুদ্ধ হৈ পৰিছে সদৌ মৰাণ ছাত্ৰ সন্থা৷ সংগঠনটোৰ  কেন্দ্ৰীয় সভাপতি নৱ মৰাণ আজি সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি মৰাণ ছাত্ৰ সন্থাই পি আৰ চি ৰ পৰ বঞ্চিত অৰুণাচল প্ৰদেশত বসবাস কৰা আন জনগোষ্ঠীয় সংগঠনৰ সহযোগত অচিৰেই ডিৰাকত থকা অৰুণাচল প্ৰদেশৰ তালাচী চকীখন উঠাই টেঙাপানীত স্থাপন কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে৷ উল্লেখ্য যে অসম আৰু অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতি দুখনে আজি তিনিচুকীয়া আৰু নামচাই জিলা সীমান্তৱৰ্তী মেংকেংমিৰি, টেঙাপানী আৰু অসমৰ শদিয়া আৰু অৰুণাচল প্ৰদেশৰ লোহিত সীমান্তৰ চূণপুৰা আদি অঞ্চল ভ্ৰমণ কৰে৷

শোণিতপুৰৰ বালিপাৰাত অসম অৰুণাচলৰ সীমা বিষয়ক আঞ্চলিক সমিতিৰ বৈঠকত মন্ত্ৰী পীয়ূষ

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই সোমবাৰে শোণিতপুৰ জিলাৰ বালিপাৰাত অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হোৱা আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে৷ অসম দলক নেতৃত্ব দিয়া মন্ত্ৰী হাজৰিকাই অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিৱেশ, বন, জলসম্পদ, ক্ৰীড়া আদি বিভাগৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ লৈ অসমৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ সৈতে থকা অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰে৷ আলোচনাকালত মন্ত্ৰী পীযুষ হাজিৰকাই কয়– অহা ২ আৰু ৩ ছেপ্টেম্বৰত দুয়োখন ৰাজ্যৰ দল দুটাই বিবদমান অঞ্চল কেইটা পৰিভ্ৰমণ কৰি ক্ষেত্ৰ অধ্যয়নৰ পাছত প্ৰতিবেদন প্ৰস্তুত কৰিব৷ সীমা সমস্যাৰ স্থায়ী সমাধানৰ অবিহনে সীমা অঞ্চলত বসবাস কৰি থকা লোকসকলৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয়৷ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে৷ আনহাতে সীমা অঞ্চল কেইটা ভ্ৰমণ কৰি স্থানীয় বাসিন্দাসকলৰ সম্পূৰ্ণ মতামত লৈহে প্ৰতিবেদন প্ৰস্তুত কৰাৰ ওপৰত মন্ত্ৰীজনে গুৰুত্ব দিয়ে৷ আলোচনাত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙে শান্তিপূৰ্ণ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ উদ্যোগ লোৱাৰ বাবে দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰী দুজনক ধন্যবাদ জনোৱাৰ লগতে অসমক জ্যেষ্ঠ ভ্ৰাতৃৰ দায়িত্ব গ্ৰহণ কৰি অঞ্চলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত সবল ভূমিকা ল’বলৈ আহ্বান জনায়৷ পাছত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– অসমক অৰুণাচলৰ মন্ত্ৰীজনে জ্যেষ্ঠ ভ্ৰাতৃৰ সন্মান দিয়াত আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছো আৰু ৰাজ্য দুখনৰ মাজত দীঘলীয়া সময় ধৰি থকা সীমা সমস্যা শীঘ্ৰে সমাধান হ’ব৷ নামচাইত আলোচনা কালত ইতিমধ্যেই বহুকেইটা বিবদমান অঞ্চলৰ সমাধান হৈ গৈছে৷ অহা ২ আৰু ৩ ছেপ্টেম্বৰত তেওঁ অৰুণাচলৰ মন্ত্ৰীজন আৰু আন প্ৰতিনিধিসকলৰ সৈতে সীমা অঞ্চল ভ্ৰমণ কৰি স্থানীয় ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰিব৷ তেওঁলোকৰ মতামত লৈহে সমিতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব৷ উল্লেখযোগ্য যে অসমৰ বিশ্বনাথ জিলা আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী দিকালমুখ, বালিচ’, দিপিক আৰু পাচ’ এই চাৰিখন গাঁৱত বৰ্তমানে সীমা সংক্ৰান্তীয় সমস্যা আছে৷ শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত সীমা সমস্যা সমাধানৰ বাবে অৰুণাচলৰ নামচাইত এখন চুক্তি স্বাক্ষৰিত হৈছিল৷ এই চুক্তিৰ আধাৰত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল৷ অহা ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই সমিতিসমূহে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব৷ আজিৰ বৈঠকত অসমৰ প্ৰতিনিধি দলত মন্ত্ৰী হাজৰিকাৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়কত্ৰয় প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু কৃষ্ণ কমল তাঁতী, অসম চৰকাৰৰ জ্যেষ্ঠ সচিব আকাশদ্বীপ, শোণিতপুৰ-বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলত মন্ত্ৰী মামা নাটুঙৰ লগতে বিধায়ক বিয়ুৰাম ৱাগে, চৰকাৰৰ উচ্ছ পদস্ত বিষয়া আৰু পাকে কিচাং জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক উপস্থিত আছিল৷