Logo
image

ভাৰতীয় নেতাক বোমাৰে উৰুৱাই দিয়াৰ ব্লু-প্ৰিণ্ট আইছিছৰ

ৰাছিয়াত আত্মঘাতী সন্ত্ৰাসবাদীৰ  বিস্ফোৰক স্বীকাৰোক্তি

আমাৰ অসম, ২৩ আগষ্টঃ ৰাছিয়াত গ্ৰেপ্তাৰ কৰা এজন আইছিছ সন্ত্ৰাসবাদীয়ে ভাৰতৰ শাসনাধিষ্ঠিত দলৰ এজন নেতাক বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা হাতত লৈছিল৷ কিন্তু সেই পৰিকল্পনা ব্যৰ্থ হয়৷ গ্ৰেপ্তাৰাধীন সন্ত্ৰাসবাদীজনে নিজৰ স্বীকাৰোক্তিত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে বুলি ৰাছিয়াৰ চোৰাংচোৱা সূত্ৰই দাবী কৰিছে৷ চোৰাংচোৱা সূত্ৰটোৰ উদ্ধৃতি দি ৰাছিয়াৰ সংবাদ মাধ্যমসমূহে প্ৰকাশ কৰা মতে নিজকে ‘আজামভ’ বুলি পৰিচয় দিয়া সন্ত্ৰাসবাদীজনে স্বীকাৰোক্তিত প্ৰকাশ কৰা মতে হজৰত মহম্মদ সন্দৰ্ভত কৰা অপমানজনক মন্তব্যৰ প্ৰতিশোধ লোৱাৰ বাবেই ভাৰতৰ শাসনাধিষ্ঠিত দলৰ নেতা এজনক আত্মঘাতী বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ পৰিকল্পনা  হাতত হোৱা হৈছিল৷ সন্ত্ৰাসবাদীজনে লগতে এই বুলিও উল্লেখ কৰে যে আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন আইছিছে তেওঁক এই পৰিকল্পনা বাস্তৱত ৰূপায়ণ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছিল৷ কিন্তু সংগঠনটোৰ পৰিকল্পনা বাস্তৱ কৰাৰ পূৰ্বে ৰাছিয়াৰ হাতত গ্ৰেপ্তাৰ হ’বলগা হয়৷ উল্লেখ্য যে আজনভ নামৰ সন্ত্ৰাসবাদীজনক এছিয়াৰ নাগৰিক বুলি সন্দেহ কৰা হৈছে৷৷ নিজৰ স্বীকাৰোক্তিত দিয়া ভাষ্যত সন্ত্ৰাসবাদীজনে  উল্লেখ কৰা মতে২০২২ চনৰ এটা দিনত তেওঁ ৰাছিয়ালৈ আহে৷ তাৰ পৰা ভাৰতলৈ যোৱাৰ কথা আছিল৷ ভাৰতত আই ছিছে নিৰ্দিষ্ট কৰি দিয়া নেতাজনক তেওঁ সাক্ষাৎ কৰাৰ লগতে আত্মঘাতী বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছিল৷ কিন্তু সেই পৰিকল্পনা বাস্তৱত পৰিণত কৰাৰ পূৰ্বেই    ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচ অৰ্থাৎ এফ এছ বি নামৰ চোৰাংচোৱা সংস্থাটোৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়াত পৰে৷ আইছিছে কৰা এই ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পাছতে ভাৰতত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷