Logo
image

আমেৰিকাৰ ‘এমকিউ৯ ৰীপাৰ’ ড্ৰোন কিনিব ভাৰতে

অল-জাৱাহিৰীৰ হত্যাত হৈছিল ব্যৱহাৰ

আমাৰ অসম, ২৩ আগষ্টঃ আফগানিস্তানৰ কাবুলত লুকাই থকা অল-কায়দা নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী আয়মান অল-জৱাহিৰীক ড্ৰোন আক্ৰমণেৰে হত্যা কৰিবলৈ সক্ষম হৈছিল আমেৰিকা৷ আমেৰিকাৰ এই সফলতাই বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল৷ কাৰণ পূৰ্বে পাকিস্তানত লুকাই থকা অল-কায়দাৰ মুৰব্বী ওছামা বিন লাডেনক হত্যা কৰা আমেৰিকাই শেহতীয়াকৈ জৱাহিৰীকো হত্যা কৰিবলৈ সক্ষম হৈছিল৷ অল-জৱাহিৰীক মাৰিবলৈ যিধৰণৰ ড্ৰোন আমেৰিকাই ব্যৱহাৰ কৰিছিল, সেই শ্ৰেণীৰ ড্ৰোন অতি সোনকালেই ভাৰতে ক্ৰয় কৰিব৷ আমেৰিকাৰ পৰা এই ড্ৰোন কৰিবলৈ ভাৰতে আৰম্ভ কৰা আলোচনা অন্তিম পৰ্যায় পাইছেগৈ৷ আমেৰিকাই ব্যৱহাৰ কৰা এই ড্ৰোনবিধ হৈছে ‘এমকিউ৯ ৰীপাৰ’ ড্ৰোন৷ পাইলটবিহীন এই ড্ৰোনৰ বিশেষত্ব হৈছে এয়ে যে শত্ৰুৱে ইয়াৰ আহ-যাহৰ কোনো খবৰেই লাভ নকৰে৷ সেয়ে ভাৰতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত এই ড্ৰোনৰ সহায়ত নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে৷ এই শ্ৰেণীৰ ড্ৰোন কিনিবলৈ ভাৰতে আমেৰিকাৰ সৈতে ৩ বিলিয়ন ডলাৰৰো অধিক ধনৰ বিনিময়ত চুক্তি সম্পাদন কৰাৰ দিশে আগবাঢ়িছে৷ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু আমেৰিকাৰ মাজত এই ড্ৰোন ক্ৰয়ৰ আলোচনা প্ৰায় অন্তিম পৰ্যায় পাইছেগৈ৷ ভাৰতে এই ড্ৰোন ক্ৰয় নকৰে বুলি ওলোৱা বাতৰিও অস্বীকাৰ কৰে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰণালয়ে৷ এই ড্ৰোনক জয় ষ্টিকৰ জৰিয়তে দূৰৰ পৰাই কম্পিউটাৰৰ জৰিয়তে উৰুৱাব পাৰি৷ ইয়াক যিকোনোধৰণৰ অভিযানৰ বাবে প্ৰেৰণ কৰিব পাৰি৷ এমকিউ৯ ৰীপাৰৰ ৰেঞ্জ হৈছে ১,৯০০ কিলোমিটাৰ৷ ইয়াত ১,৭০০ কিলোগ্ৰাম ওজনৰ অস্ত্ৰ-শস্ত্ৰও নিব পাৰিব৷ এই ড্ৰোন হৈছে ৩৬.১ ফুট দীঘল, উচ্ছতা হৈছে ১২.৬ ফুট আৰু পাংখা হৈছে ৬৫.৭ ফুটৰ৷ খালীকৈ ইয়াৰ ওজন হৈছে ২,২২৩ কিলোগ্ৰাম৷ ঘণ্টাত ৪৮২ কিলোমিটাৰ বেগত ই উৰিব পাৰে৷