Logo
image

লাচিত বৰফুকনক লৈ চৰকাৰে নিৰ্মাণ কৰিব ছবি, সংঘক লৈও ২০০ কোটি টকীয়া চিনেমা

আমাৰ অসম, ২৩ আগষ্টঃ বীৰ লাচিত বৰফুকনক লৈ ছবি নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে৷ সোমবাৰে কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত এটা অনুষ্ঠানত ভাগ লৈ এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘক লৈ সংঘ পৰিয়ালে ২০০ কোটি টকা ব্যয় সাপেক্ষে এখন ছবি নিৰ্মাণ কৰিব বুলি সংঘৰ এটা সূত্ৰই সদৰি কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে সংঘৰ ওপৰত ছবি নিৰ্মাণৰ বাবে শীঘ্ৰেই কাম আৰম্ভ কৰিব প্ৰখ্যাত তেলেগু চিত্ৰনাট্যকাৰ বিজয়েন্দ্ৰ প্ৰসাদে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল প্ৰথমটো ফিল্ম ষ্টুডিঅ’ জ্যোতি চিত্ৰবনৰ প্ৰাংগণত সোমবাৰে এটি অত্যাধুনিক দৃশ্য-শ্ৰাব্য হাব ৰাইজৰ বাবে উৎসৰ্গিত কৰে৷ উত্তৰ-পূব পৰিষদৰ সাহায্যত ১০ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পটো ২০১৯ চনৰ ১০ নৱেম্বৰত আৰম্ভ কৰা হৈছিল৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি এই দৃশ্য-শ্ৰাব্য হাবটোৰ উদ্বোধন অসমীয়া চলচ্ছিত্ৰ উদ্যোগৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ড॰ শৰ্মাই কয় যে এতিয়াৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চলচ্ছিত্ৰ প্ৰযোজকসকলে তেওঁলোকৰ ছবিৰ পোষ্ট প্ৰডাকশ্বন কাৰ্যকলাপৰ বাবে চেন্নাই বা মুম্বাইলৈ যাব লগা নহ’ব৷ দৃশ্য শ্ৰাব্য হাবটোত স্থাপন কৰা অত্যাধুনিক সুবিধাসমূহৰ জৰিয়তে ছবি নিৰ্মাতাসকলে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকৰ পোষ্ট প্ৰডাকশ্বন সম্পন্ন কৰিবলৈ সক্ষম কৰিব৷ যি সময়ত সমগ্ৰ দেশৰ চলচ্ছিত্ৰ জগতখন অতি চালুকীয়া অৱস্থাত আছিল, সেই সময়ত অসমৰ দৰে এখন ৰাজ্যৰ পৰা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাই এখন পূৰ্ণাংগ চলচ্ছিত্ৰ নিৰ্মাণ কৰা কাৰ্য এক দুঃসাহস বুলিয়েই অভিহিত কৰিব পাৰি৷ চলচ্ছিত্ৰ হৈছে এক শক্তিশালী গণ মাধ্যম৷ অসমত বৰ্ণাঢ্য সংস্কৃতিৰ সংৰক্ষণ সংবদ্ধৰ্ন তথা বৰ্ণিল ইতিহাসৰ প্ৰচাৰৰ বাৰে ৰাজ্য চৰকাৰে ১৯৬১ চনত এটা চৰকাৰী ষ্টুডিঅ’ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ অসমীয়া চলচ্ছিত্ৰৰ পিতৃ স্বৰূপ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই ফিল্ম ষ্টুডিঅ’টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়৷ জ্যোতি চিত্ৰবন স্থাপনে অসমত ফিল্ম ষ্টুডিঅ’ স্থাপনৰ  ৰূপকোঁৱৰৰ সপোনক সাকাৰ ৰূপ দিছে৷ চলচ্ছিত্ৰৰ মাধ্যমেৰে সাংস্কৃতিক জীৱনবোধ বিশ্ব দৰবাৰলৈ নিয়াৰ লগতে ইয়াৰ সম্ভাৱনাসমূহকো বিকশাই তোলাৰ বাবে গণসংযোগৰ এই উৎকৃষ্ট মাধ্যমটোক অধিক সুপৰিকল্পিতভাৱে আগুৱাই নিয়াৰ সময় আহি পৰিছে৷ ৰাজ্যখনৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত কথাছবিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰাজ্য চৰকাৰে বীৰ লাচিত বৰফুকনৰ জীৱন ওপৰত এখন কথাছবি নিৰ্মাণৰ বাবে প্ৰস্তুতি হাতত লৈছে৷  ৰাজ্য চৰকাৰে জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত ১৫০০ আসন বিশিষ্ট এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷