Logo
image

১৪ বছৰীয়া অসমীয়া কিশোৰৰ পূৰ্ণদৈৰ্ঘ্যৰ ইংৰাজী উপন্যাস

আমাৰ অসম, ২৪ আগষ্টঃ মুম্বাইৰ ১৪বছৰীয়া ছাত্ৰ সপ্তৰ্ষিম বৰাই লিখি উলিয়াইছে এখন পূৰ্ণদৈৰ্ঘ্যৰ উপন্যাস৷ অলপতে সপ্তৰ্ষিমৰ এই উপন্যাসখন তেওঁ পঢ়ি থকা বিদ্যালয় মুম্বাইৰ হীৰানন্দানী ফাউণ্ডেশ্যন স্কুলত উন্মোচন কৰা হয়৷ উন্মোচন কৰে হীৰানন্দানী ফাউণ্ডেশ্যন স্কুলৰ অধ্যক্ষ নীলু লাম্বাই৷ সপ্তৰ্ষিমৰ ছাই-ফিক বা কল্পবিজ্ঞান ভিত্তিক উপন্যাসখনৰ নাম ‘ৱল্ডৰ্ছ কলাইডঃ চিটী অৱ চাইবৰ্গ’ আৰু উপন্যাসখন প্ৰকাশ কৰিছে দেশৰ প্ৰখ্যাত প্ৰকাশন সংস্থা ‘এলক’ভ পাব্লিচাৰ্ছে’৷ উপন্যাসখন উন্মোচন কৰি অধ্যক্ষ নীলু লাম্বাই কিশোৰ ঔপন্যাসিক সপ্তৰ্ষিমৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰে আৰু তেওঁ সাহিত্যিকৰূপে প্ৰতিষ্ঠিত হ’ব বুলি আশাপ্ৰকাশ কৰাৰ লগতে সহপাঠীসকলক তেওঁৰ পৰা অনুপ্ৰেৰিত হোৱাৰ আহ্বান জনায়৷ ২০০ পৃষ্ঠাৰো অধিক দৈৰ্ঘ্যৰ এই ছাই-ফিক উপন্যাসখনৰ কাহিনীভাগ আৰম্ভ হৈছে জাপানৰ এখন অনাথ আশ্ৰমৰ পৰা৷ মানৱ আৰু প্ৰযুক্তিৰ মাজত সৃষ্টি হোৱা এখন অভূতপূৰ্ব যুদ্ধক সমল হিচাপে লৈ কাহিনীভাগ আগুৱাই গৈছে,  য’ৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে ট্ৰেচাৰ লী নামৰ এটি ১৫ বছৰীয়া অনাথ কিশোৰ আৰু হেনৰী মেগালান নামৰ এজন অভাৱনীয় প্ৰতিভাৱান কিন্ত উন্নাসিক বিজ্ঞানী৷ উন্নাসিক বিজ্ঞানী মেগালানে চাইবৰ্গ, অৰ্থাৎ ইলেট্ৰোমেকানিকেল ডিভাইচৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা মানুহতকৈ শাৰীৰিকভাৱে শক্তিশালী প্ৰাণীৰ দ্বাৰা কিশোৰ ট্ৰেচাৰ লীৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়, ট্ৰেচাৰৰ হাতত থকা পাচঁবিধ ঐশ্বৰিক শক্তি কাঢ়ি লোৱাৰ বাবে৷ ট্ৰেচাৰ লীয়ে এই পাচঁবিধ শক্তি লাভ কৰিছিল তেওঁ থকা অনাথ আশ্ৰমৰ কাষতে নিঃশব্দে আহি পতিত হোৱা এটা উল্কা স্পৰ্শ কৰি৷ তেওঁলোকৰ যুদ্ধখনত কোন বিজয়ী হয় সেয়া সপ্তৰ্ষিমৰ ‘ৱল্ডৰ্ছ কলাইড’ উপন্যাসখন পঢ়া অনুসন্ধিৎসু পাঠকে জানিব পাৰিব৷ শুনাত কাহিনীটো শিশুসুলভ যেন লাগিলেও সপ্তৰ্ষিমৰ বৰ্ণনা, ভাৱপ্ৰকাশ আৰু সাহিত্যৰ গুণগত মান পৈণত আৰু অভিজ্ঞ লিখকৰ দৰে বুলি মতপোষণ কৰিছে আগশাৰীৰ সাহিত্য সমালোচকে, য’ত ছাই-ফিক উপন্যাসৰ প্ৰয়োজনীয় শিহৰণ-উৎকণ্ঠাৰ উপাদানো আছে৷ এলক’ভ পাব্লিচাৰ্ছৰ জ্যেষ্ঠ সম্পাদক এগৰাকীৰ মতে যেতিয়া তেওঁলোকে এই কিতাপখনৰ পাণ্ডুলিপি পৰীক্ষা কৰি প্ৰকাশ কৰিব বুলি চূড়ান্ত সিদ্ধান্ত লৈছিল, তেতিয়ালৈকে উপন্যাসখনৰ লিখক ১৩-১৪ বছৰীয়া ছাত্ৰ বুলি জানিব পৰা নাছিল৷ প্ৰসংগতঃ উল্লেখযোগ্য যে, সপ্তৰ্ষিমে তেওঁৰ উপন্যাসখনৰ গৰিষ্ঠসংখ্যক অংশ লিখিছিল দেশজোৰা লকডাউনৰ সময়ত, তেওঁ সপ্তমমানত পঢ়ি থাকোঁতে আৰু সম্পূৰ্ণ কৰিছিল অষ্টমমানত৷ কৃত্ৰিম বুদ্ধিমত্তা বিয়য়ত অধিক ৰাপ থকা সপ্তৰ্ষিমৰ পিতৃ গৌতম কুমাৰ বৰাও এজন লেখক-নিবন্ধকাৰ৷ দেৰগাঁৱত জন্ম হোৱা গৌতম কুমাৰ বৰাৰ এখন গ্ৰন্থ হেৰী পটাৰ ছিৰিজৰ প্ৰকাশক ‘ব্লুমছবাৰ্গে’ প্ৰকাশ কৰিছে৷