Logo
image

ক্ষমা খুজিও পাৰ পোৱা নাই মন্ত্ৰী জয়ন্তমল্লই

জনপ্ৰতিনিধিৰ এনে তৰল মন্তব্য অসমৰ বাবেই দুৰ্ভাগ্যজনক, এয়া ৰাষ্ট্ৰীয় শিক্ষানীতিৰো বিৰোধীঃ এবিভিপি

আমাৰ অসম, ২৪ আগষ্টঃ শাসকীয় বিজেপি দলৰ অভিভাৱক আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক চোৰ-ডকাইতৰ সৈতে তুলনা কৰি এইবাৰ হিন্দুত্ববাদী ছাত্ৰ সংগঠনটোৰ ৰোষত পৰিছে বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ ইংৰাজী ভাষা প্ৰীতিক সমালোচনা কৰি প্ৰাথমিক বিদ্যালয়ত অসমীয়া মাতৃভাষাৰ শিক্ষাৰ পোষকতা কৰি প্ৰকাশ কৰিছিল এটা বিবৃতি৷ কিন্তু এই বিবৃতিত অসন্তুষ্ট হৈ কংগ্ৰেছৰ পৰা গৈ বিজেপিত মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱাই আৰ এছ এছৰ ছাত্ৰ সংগঠনটোৰ কথা মানি লোৱা নহ’ব বুলিও হুংকাৰ দিছিল৷ এবিভিপিয়ে প্ৰাথমিক শিক্ষাত ইংৰাজী মাধ্যমত শিক্ষাদান ব্যৱস্থাৰ প্ৰচলন কৰিলে অসমীয়া ভাষা ৰসাতলে যাব বুলি চৰকাৰক সকীয়াই দিয়াৰ পাছতেই ছাত্ৰ-সংগঠনটোৱে দিয়া বিবৃতিক চোৰ-ডকাইতে দিয়া বিবৃতি বুলি ৰাজহুৱাকৈ মন্তব্য কৰিবলৈও ধৃষ্টতা কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ আনকি এবিভিপিৰ বিবৃতিৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত সাংবাদিককো নৈতিকতাৰ শিক্ষা দিবলৈ এৰা নাছিল দল বাগৰি বিজেপিৰ সদস্য হোৱা মন্ত্ৰী জয়ন্ত মল্লই৷ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবিভিপিক ৰাজহুৱাকৈ অপদস্থ কৰা কাৰ্যক লৈ ক্ষোভিত  হৈ পৰে ছাত্ৰ সংগঠনটো৷ ছাত্ৰ সংগঠনটোৰ একাংশ সদস্যই সামাজিক মাধ্যমযোগে ক্ষোভ ব্যক্ত কৰে মন্ত্ৰীজনৰ বিৰুদ্ধে৷ এবিভিপিৰ অসন্তুষ্টিৰ পাছতেই বিজেপিৰ ভিতৰচৰাতো চৰম অস্বস্তিয়ে দেখা দিয়ে৷ অৱশ্যে এদিন আগৰলৈকে এবিভিপিৰ বিৰুদ্ধে দপদপাই থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ২৪ঘণ্টা নৌহওতেই হিন্দুত্ববাদী ছাত্ৰ সংগঠনটোৰ ওচৰত নতশিৰ হ’বলৈ বাধ্য হয়৷ এক কথাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এতিয়া যেন ক্ষমা খুজিও পাৰ পোৱা নাই৷ সোমবাৰে কোৱা ব্যক্তব্যৰ সন্দৰ্ভত মঙলবাৰে পুৱাই এবিভিপিৰ ওচৰত ক্ষমা বিচাৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱই সামাজিক মাধ্যমত কয়– ‘আমাৰ অতিকৈ শ্ৰদ্ধাৰ এবিভিপিৰ কাৰ্যকৰ্তালৈ মোৰ অনুৰোধ যোৱা সাতটা বছৰে বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে এবিভিপি  আৰু সংঘৰ সকলো আদৰ্শবান ব্যক্তিৰ লগত এক মধুৰ সম্পৰ্কৰে সদায়ে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত একেলগে কাম কৰি থকাৰ পাছতো কাৰোবাৰ পৰিকল্পিত ষড়যন্ত্ৰৰ বাবে মোৰ প্ৰতি সন্দেহৰ দৃষ্টিৰে চোৱাটো মোৰ কাৰণে দুখজনক৷ এবিভিপি সম্পৰ্কে মই কোৱা বুলি যিধৰণে বাতৰি পৰিবেশন কৰা হৈছে সেই কথাত প্ৰতিজন এবিভিপি কাৰ্যকৰ্তাই দুখ পোৱাটো স্বাভাবিক৷ সেয়েহে আচল সত্যটো জানি মোৰ প্ৰতি ঋণাত্মক ধাৰণা নল’বলৈ মই ৰাষ্ট্ৰবাদত বিশ্বাসী আমাৰ সকলো সতীৰ্থলৈ অনুৰোধ জনাইছো৷ পৰিকল্পিত ভাবে আচল সত্যটো নেদেখুৱাই বিকৃত সম্পাদনাৰে, আধাকৈ দেখুৱা এই বাতৰি সমূহক বিশ্বাস নকৰি এবিভিপিৰ সৈতে থকা বিগত দিনসমূহৰ মোৰ আত্মিক সম্পৰ্কক অগ্ৰাধিকাৰ দিবলৈ আটাইলৈকে মোৰ বিনম্ৰ অনুৰোধ৷ পৰিকল্পিত ষড়যন্ত্ৰৰে মই নোকোৱাৰ পাছতো এবিভিপি সম্পৰ্কে এইধৰণৰ মন্তব্য কৰা বুলি দিয়া বাতৰিৰ বাবে অনাহকতে এবিভিপি ৰ নিষ্ঠাবান কাৰ্যকৰ্তা সকলে মনত দুঃখ পোৱাৰ কাৰণে মই নিজেও দুখ পাইছোঁ আৰু বিনম্ৰতাৰে তেওঁলোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী হৈছোঁ৷’ অৱশ্যে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষমা বিচাৰিলেও এবিভিপিৰ সন্দৰ্ভত তেওঁ কৰা বক্তব্য জ্ঞানৰ অভাৱ বুলি উল্লেখ কৰি মাতৃভাষাত শিক্ষাৰ বিৰুদ্ধে মন্ত্ৰীজনক  বক্তব্য দুৰ্ভাগ্যজনক বুলিও আক্ষেপ কৰিছে আৰএছএছৰ ছাত্ৰ সংগঠনটোৱে৷ আনকি মন্ত্ৰী জয়ন্ত মল্লক বিদ্যাৰ্থী পৰিষদৰ সন্দৰ্ভত জ্ঞানৰ প্ৰশিক্ষণ ল’বলৈও আহ৩ান জনাইছে ছাত্ৰ সংগঠনটোৱে৷ মন্ত্ৰী বৰুৱাই ক্ষমা খোজাৰ পাছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এবিভিপিৰ ৰাজ্যিক সহ কাৰ্যালয় সম্পাদক ৰুবুল ৰাজখোৱাই কয়– ‘মাতৃভাষাত শিক্ষাৰ বিৰুদ্ধে মন্ত্ৰীৰ দায়িত্বহীন বক্তব্য অসমৰ ছাত্ৰ-ছাত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা ৰাষ্ট্ৰীয় শিক্ষানীতি দুয়োটাৰে বিৰুদ্ধ৷ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰাটো ছাত্ৰ-ছাত্ৰীৰ মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ মৌলিক মনোভাৱ৷ যদি অসম চৰকাৰ এই বিষয়ত গুৰুতৰ নহয় আৰু নিজৰ স্বেচ্ছাচাৰিতা কৰিব বিচাৰে তেন্তে বিদ্যাৰ্থী পৰিষদে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীৰ মাজলৈ বিষয়টো লৈ যাব৷ প্ৰাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে বুলি বিষয়টোত বিদ্যাৰ্থী পৰিষদৰ এটা স্পষ্ট মতামত আছে৷ ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ সমিতিৰ অধ্যক্ষ, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা শিক্ষামন্ত্ৰীৰ পৰা আশা কৰা হৈছে যে কেবিনেট মন্ত্ৰী, বিধায়ক আৰু ইয়াৰ সৈতে জড়িত সকলো লোককে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সঠিক আৰু বিশদতাৰ বাবে সভা কৰ্মশালাৰ আয়োজন কৰক৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সমগ্ৰ দেশতে প্ৰতিষ্ঠা হোৱাৰ ৭৫ বছৰ উদ্‌যাপন কৰি থকাৰ সময়তে অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰীয়ে বিদ্যাৰ্থী পৰিষদক লৈ অশুভ মন্তব্য কৰাটো দুৰ্ভাগ্যজনক৷ এয়া কেবল এবিভিপিকেই নহয় অসমৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক অপমান কৰা হৈছে৷ আমি ভাবো মন্ত্ৰীজনে শিক্ষা বিষয়টোৰ প্ৰতি চিন্তা নকৰি, তেওঁ নিজৰ বিভাগীয় বিষয়ত মনোনিৱেশ কৰা উচিত৷ অসমত বহু অসামাজিক উপাদান, চোৰ ডকাইত আৰু ৰাষ্ট˜ বিৰোধী শক্তি সক্ৰিয় হৈ আছে, মন্ত্ৰীয়ে সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক৷ অসমত বাংলাদেশী মুছলমানৰ অনুপ্ৰৱেশ, চলো কাশ্মীৰ, অসম আন্দোলন, চলো চিকেন  নেক আন্দোলনৰ দৰে সকলো ৰাষ্ট্ৰীয় বিষয়ত বিগত ৭৫ বছৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ছাত্ৰ আৰু শিক্ষা খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এবিভিপি এনে এটা অনন্য ছাত্ৰ সংগঠন য’ত ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰীসকলে একেলগে নিজৰ অনন্য কাৰ্যপদ্ধতি দলীয় ৰাজনীতিৰ ওপৰলৈ উঠি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ কৰে৷  গতিকে মন্ত্ৰীজনৰ যদি বিদ্যাৰ্থী পৰিষদৰ বিষয়ে জ্ঞান নাথাকে তেন্তে আমি তেওঁক প্ৰশিক্ষণ দিব পাৰো৷ এজন জনপ্ৰিনিধিয়ে এনে তৰল শব্দ ব্যৱহাৰ কৰাটোৱে তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে আৰু ই অসম ৰাজ্যৰ বাবে দুৰ্ভাগ্যজনক৷ এবিভিপিৰ ৰাজ্যিক সম্পাদক সীমান্ত কুমাৰ বৈশ্যই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ মন্ত্ৰীক মৰ্যাদা পালন কৰি থাকিবলৈ আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি ১০০শতাংশ ৰূপায়ণৰ বাবে প্ৰচেষ্টা আগবঢ়াবলৈ আহ্বান জনাইছে৷’ তাৎপৰ্যপূৰ্ণভাৱে এবিভিপিৰ এই হুংকাৰৰ পাছতেই মুখত মাত নাইকিয়া হৈ পৰা দেখা যায় বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ৷ সাংবাদিকক সততে নীতি শিক্ষা দি সংবাদ পত্ৰৰ ৯ নম্বৰ পৃষ্ঠাত কি বাতৰি লিখিব লাগিব তাক নিৰ্ধাৰণ কৰিব বুলি দম্ভালি মৰা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মঙলবাৰে বৰঝাৰৰ বিমানবন্দৰত সংবাদ মাধ্যমৰ কেমেৰা দেখি কাৰ্যতঃ পলায়ন কৰাহে দৃষ্টিগোচৰ হয়৷