Logo
image

পুনৰ ৩৪খন স্কুল বন্ধ, তালিকা দিলে চৰকাৰে

আমাৰ অসম, ২৪ আগষ্টঃ গুৱাহাটীৰ ১৬ খন চৰকাৰী খণ্ডৰ বিদ্যালয় বন্ধৰ জাননীৰ পাছত ৰাজ্যৰ আৰু ৩৪ খন হাইস্কুল বন্ধৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ নোহোৱা ৩৪ খন হাইস্কুল বন্ধৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ১৫ খন জিলাৰ ৩৪ খন হাইস্কুল বন্ধৰ জাননী জাৰি কৰা হৈছে৷ কাছাৰৰ খুৰছিড আলি সুখদেব নাথ হাইস্কুল, লখিপুৰ হাইস্কুল, নেহৰু ছোৱালী হাইস্কুল, ফুলেশ্বৰী পাব্লিক হাইস্কুল, এছ এল ডি এম হাইস্কুল, চিৰাঙৰ বৰপথাৰ হাইস্কুল, দৰঙৰ পদ্মপুখুৰী হাই মাদ্ৰাছা, ধুবুৰীৰ মোহন লাল শোভাশাৰীয়া হিন্দী একাডেমী হাইস্কুল, সাপতগ্ৰাম হাই মাদ্ৰাছা, ডিব্ৰুগড়ৰ ছাত্ৰীকল্যাণ ছোৱালী হাইস্কুল, গোৱালপাৰাৰ ৰংজুলি হাইস্কুল, থৰকা হাইস্কুল, গোলাঘাটৰ মিছামৰা আদৰ্শ হাইস্কুল, হাইলাকান্দিৰ স্বামী বিবেকানন্দ হাইস্কুল, যোৰহাটৰ আমগুৰীখাট হাইস্কুল, বালিগাঁও গীতাৰ্থী ভোকেছনেল হাইস্কুল, বিদ্যাধৰ শৰ্মা মেমোৰিয়েল হাইস্কুল কুঁৱৰী পুখুৰী হাইস্কুল, নকছাৰী ছোৱালী হাইস্কুল, কামৰূপ [গ্ৰাম্য]ৰ গোহল কোনা হাইস্কুল, কাৰ্বি আংলঙৰ দেওপানি হাইস্কুল, ডিফু নাইট হাইস্কুল, হাওৰাঘাট তিনি আলি আঞ্চলিক বড়ো মিডিয়াম হাইস্কুল, ইংলংগৰি হাইস্কুল, জয়পং আদৰ্শ  হাইস্কুল, কাৰেং হাইস্কুল, টেকেলাংগুন হাইস্কুল, কোকৰাঝাৰৰ শাস্ত্ৰী বিদ্যাপীঠ হাইস্কুল, লখিমপুৰৰ আজাদ আদৰ্শ বিদ্যাপীঠ, শান্তিজ্যোতি হাইস্কুল, নগাঁৱৰ আমনি তিনিআলি মাধৱদেৱ হাইস্কুল, ড॰ বি কে বি হাইস্কুল, নলবাৰীৰ বৰকুৰিহা বিদ্যামন্দিৰ হাইস্কুল আৰু পশ্চিম কাৰ্বি আংলঙৰ মেনামজি হাইস্কুল বন্ধৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে বহুকেইখন স্কুল একত্ৰিকৰণৰ কাৰণে বন্ধ কৰা হৈছে৷ উল্লেখ্য, ছাত্ৰ-ছাত্ৰীৰ অভাৱ আৰু শূন্য ফলাফলৰ বাবেই ইতিপূৰ্বে প্ৰাথমিক আৰু মাধ্যমিকৰ স্তৰৰ ৭ হাজাৰৰো অধিক স্কুলত তলা ওলোমাই দিছে শিক্ষা বিভাগে৷ একত্ৰীকৰণৰ নাম দি বছৰ বছৰ ধৰি চলি থকা বহু শিক্ষানুষ্ঠানক কাষৰীয়া স্কুলৰ সৈতে সংলগ্ন কৰি দিয়াত শিক্ষাৰ্থী-অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ দূৰ-দূৰণি শিক্ষানুষ্ঠানৰ সৈতে বিদ্যালয়সমূহ একত্ৰীকৰণ কৰাত বহু ঠাইত শিক্ষাৰ্থীসকল সমস্যাত পৰিছে৷ কিন্তু ৩০ জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা  বিদ্যালয় বন্ধ কৰাৰ ক্ষেত্ৰত আঁকোৰগোঁজ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ইতিমধ্যে জিলা তথা খণ্ড পৰ্যায়ত ৩০ জনতকৈ কম শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰেৰণ কৰিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছে৷ এই নিৰ্দেশৰ পাছতেই জিলা সমূহৰ পৰা সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহ চিনাক্ত কৰি শিক্ষা বিভাগলৈ তালিকা প্ৰেৰণ কৰিছে৷ সেই অনুসৰি কামৰূপ মহানগৰ জিলাত ১৬ খন বিদ্যালয় বন্ধ কৰিছে শিক্ষা বিভাগে৷ নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী উক্ত ১৬ খন বিদ্যালয়ত তলা ওলোমাই কাষৰীয়া আন ১৫ খন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে এই শিক্ষানুষ্ঠান কেইখনত ৩০তকৈ কম শিক্ষাৰ্থী থকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে৷