Logo
image

চিবিআইৰ পাছত মনীষৰ বিৰুদ্ধে ইডি, গুৱাহাটীলৈও চমন

গুজৰাটলৈ তাঁতবাতি কেজৰিৱাল-ছিছোডিয়াৰ

আমাৰ অসম, ২৪ আগষ্টঃ বিগত এমাহত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল ৫ বাৰ গুজৰাটলৈ গৈছে আৰু নিৰ্বাচনমুখী ৰাজ্যখনত ইটোৰ পাছত সিটো কাৰ্যসূচীত ভাগ লৈছে৷ কেজৰিৱালৰ এই কাৰ্যকলাপত বাৰুকৈয়ে অসন্তুষ্ট হৈ পৰিছে বিজেপি৷ অভিযোগ উঠিছে, আপৰ এই গুজৰাটক লৈ অতি সক্ৰিয়তাৰ বাবেই খৰ্গহস্ত হৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আই আৰু ইডিক সক্ৰিয় ৰূপত ব্যৱহাৰ কৰিছে৷ যোৱা শুকুৰবাৰে চিবিআয়ে আপ চৰকাৰৰ ছিছোদিয়া নেতৃত্বাধীন আবকাৰী বিভাগৰ ভুল নীতিৰ অভিযোগত ছিছোদিয়াৰ বাসভৱনত ১৪ ঘণ্টা ধৰি তালাচী চলাইছিল৷ ইতিমধ্যে চিবিআয়ে তালিকাৰ শীৰ্ষত মনীষ ছিছোদিয়াৰ নাম ৰাখি আবকাৰী কেলেংকাৰিৰ অভিযোগত ১৫ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ গুজৰাটৰ ভাৱনগৰত মঙলবাৰে অৰবিন্দ কেজৰিৱালে কাষত মণীষ ছিছোদিয়াক বহুৱাই সংবাদমেলত কৈছে–২-৩ দিনৰ ভিতৰতে তেওঁৰ সতীৰ্থ মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে৷ প্ৰথমে তেওঁ ১০ দিন মানৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব বুলি ভাবিছিল যদিও এতিয়া ভীতসন্ত্ৰস্ত হৈ পৰা কেন্দ্ৰীয় চৰকাৰে অহা দুই-তিনিদিনৰ ভিতৰতে ছিছোদিয়াক গ্ৰেপ্তাৰ কৰাৰ পাং পাতিছে বুলি কেজৰিৱালে মন্তব্য কৰিছে৷

এফালে চিবিআইৰ তালাচী আৰু বিজেপিৰ প্ৰবল আক্ৰমণত দিশহাৰা হৈ পৰা মণীষ ছিছোদিয়া ততোধিক গুৰুতৰ বিপদৰ সন্মুখীন হৈছে৷ মঙলবাৰে গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰুজু কৰা ফৌজদাৰী মানহানি গোচৰত ছিছোদিয়াক গুৱাহাটীৰ আদালতত উপস্থিত হ’বলৈ চমন জনাইছে আৰু একেদিনাই আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত মণীষ ছিছোদিয়াৰ বিৰুদ্ধে আৰ্থিক লেনদেনৰ কেলেংকাৰিৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গোচৰ ৰুজু কৰিছে৷ দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এই খবৰ পিছে ইডিৰ শীৰ্ষ বিষয়াই অস্বীকাৰ কৰিছে৷ বিপদৰ উপৰি বিপদত পৰা মণীষ ছিছোদিয়াক অহা ২৯ ছেপ্টেম্বৰত গুৱাহাটীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে৷ যোৱা ৪ জুনত ‘দ্য ৱায়াৰ’ নামৰ ৱেবছাইট এটাই প্ৰকাশ কৰা পিপিই কিট’ শীৰ্ষক বাতৰিৰ প্ৰসংগত সংবাদমেল অনুষ্ঠিত কৰি মণীষ ছিছোদিয়াই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নী ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে কেলেংকাৰি অভিযোগ উত্থাপন কৰিছিল৷ অভিযোগ অনুসৰি পূৰ্বৰ কাৰ্যকালত স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই ৰিনিকী ভূঞা শৰ্মাৰ অনভিজ্ঞ আৰু অৰ্হতাহীন জেচিবি ইণ্ডাষ্টিজ নামৰ ফাৰ্মক ৫০০০ পিপিই কিট যোগানৰ বাবে নিবিদা আহ্বান নকৰাকৈ ঠিকাৰ আবণ্টন দিছিল৷ পিছে পতি-পত্নী দুয়ো এই অভিযোগ অস্বীকাৰ কৰে আৰু ৩০ জুনত হিমন্ত বিশ্ব শৰ্মাই মণীষ ছিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ ফৌজদাৰী গোচৰ তৰে৷ অৱশ্যে তাৰ পূৰ্বে ২১ জুনত ৰিণিকী ভূঞা শৰ্মায়ো ছিছোদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰে৷ ইমান বিপদ স্বত্বেও বিজেপিক আক্ৰমণ কৰিবলৈ এৰা নাই মণীষ ছিছোদিয়া আৰু অৰবিন্দ কেজৰিৱালে৷ দুয়ো মুকলি অভিযোগ কৰি কৈছে, আপ এৰি আহিবৰ বাবে বিজেপিয়ে ছিছোদিয়াক প্ৰস্তাব দিছিল৷ সেই প্ৰস্তাবৰ অডিঅ’ ৰেকডিং তেওঁলোকৰ হাতত মজুত আছে৷ অভিযোগ অনুসৰি আপ এৰি অহা বিধায়কক ৫ কোটিকৈ টকা দিয়াৰ প্ৰস্তাব আগবঢ়াইছিল বিজেপিয়ে৷ মহাৰাষ্ট্ৰৰ শিৱসেনা ফালি ওলাই অহা একনাথ সিন্দেৰ দৰে ভূমিকা ল’লে ছিছোদিয়াক বিজেপি সমৰ্থিত দিল্লী চৰকাৰত মুখ্যমন্ত্ৰী পতাৰো প্ৰস্তাব দিয়া বুলি মঙলবাৰে মন্তব্য কৰিছে ছিছোদিয়া আৰু কেজৰিৱালে৷