Logo
image

এটা পকী খুঁটাৰে শ শ ছাত্ৰ-ছাত্ৰীৰ বিপজ্জনক যাতায়াত

আমাৰ অসম, ২৪ আগষ্টঃ এইবাৰ বিধবংসী বানৰ কৱলত পৰা শোণিতপুৰৰ বিভিন্ন অঞ্চলৰ যোগাযোগ ব্যৱস্থা বিধবস্ত হোৱাৰ পাছত বৰ্তমানেও বিধবস্ত ৰূপত আছে এনেবোৰ অঞ্চলৰ বাট-পথ৷ জিলাখনৰ বানবিধবস্ত অঞ্চল হিচাপে চিহ্নিত তেজপুৰৰ নিকটৱৰ্তী তথা চাৰিদুৱাৰ ৰাজহচক্ৰ অন্তৰ্গত বাঁহবাৰী ডেকাচুবুৰীতোতো বানে এইবাৰ বিস্তৰ ক্ষতিসাধন কৰিছিল৷ বৰছলা বিধানসভা সমষ্টিৰ তথা বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত এই অঞ্চলত বৰ্তমান এনে এক গুৰুত্বপূৰ্ণ তথা বানবিধবস্ত এটা পথে সৰ্বসাধাৰণক যথেষ্ট বিপদত পেলাইছে৷ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোৱে এই পথৰে বৰ্তমান অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে যদিও এই পথটোৰ মেৰামতিৰ বাবে বৰ্তমান কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই৷ উল্লেখ্য যে, অঞ্চলটোৰ ডেকাচুবুৰী আৰু বিন্দুকুৰি সংযোগী পথটোৰ চাৰিটা অংশ এইবাৰ বানে চিঙি নিয়ে৷ ঘগৰা নৈৰ বানে প্ৰলয়ৰ সৃষ্টি কৰা এই অঞ্চলটো এই গুৰুত্বপূৰ্ণ পথটোৰ চিঙি নিয়া চাৰিটা অংশত বৰ্তমান এটা পকী খুঁটাৰে নিৰ্মিত ‘সাঁকো’ৰ ব্যৱস্থা কৰি স্থানীয় ৰাইজে কোনোমতে যাতায়াত কৰি আছে যদিও তেওঁলোকে ইয়াত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰিছে৷ উল্লেখ্য যে, অঞ্চলটোৰ বাঁহবাৰী ডেকা চুবুৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকল এনে সাঁকোৰে বিপদজনকভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে৷ বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে দৈনিক এই পথৰে কেইবা শতাধিক লোকে যাতায়াত কৰে৷ শিক্ষাৰ লগতে বেপাৰ-বাণিজ্য তথা কৃষিকৰ্ম আৰু একাংশ চাকৰিয়াল লোকে অহা-যোৱা কৰে যদিও এতিয়া এই বিধবস্ত পথটোৰে কেকোঁজেকোঁকৈ খোজকাঢ়ি পাৰ হোৱাৰ বিকল্প নাই৷ ৰাইজে প্ৰকাশ কৰা অনুসৰি, এতিয়া পথটোৰ বাবেই এম্বুলেন্সে প্ৰৱেশ কৰিব নোৱৰাত ৰাইজ অধিক বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, এই পথটো চিঙাৰ পাছতে যাতায়াতৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাত অঞ্চলটোৰ এজন অসুস্থ কিশোৰক উপযুক্ত সময়ত চিকিৎসালয়লৈ নিব পৰা নগ’ল যাৰ বাবে কিশোৰটোৰ পাছত মৃত্যু ঘটে৷ উল্লেখ্য যে, পথটোৰ চাৰিটাকৈ স্থানত প্ৰায় ২০-২৫মিটাৰ অংশ চিঙাৰ ফলত ইয়াত একোদাল পকী চিৰি পেলাই কেৱল দিনৰ সময়চোৱাত অহা-যোৱা কৰিবলৈ ৰাইজে ব্যৱস্থা কৰি লৈছে৷ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক এনে বিপদজনক অংশসমূহ পাৰ কৰাবলৈ জ্যেষ্ঠসকলৰ সহায় অবিহনে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভোগা লোকসকলে কয় যে, নিশা এই অঞ্চলত কোনো লোক গুৰুতৰভাৱে অসুস্থ হ’লেও এই পথৰে চিকিৎসালয়লৈ নিব নোৱাৰি দিনৰ বাবে অপেক্ষা কৰিব লাগে৷ আনকি অঞ্চলটোৰ গৰ্ভৱতী মহিলাসকলকো নিশা যন্ত্ৰণাতে থাকিবলৈ দি দিনৰ পোহৰত কোনোমতে ডংকোলাকৈ এই চিঙা অংশৰে পাৰ কৰাবলগীয়া হোৱাৰ বিষয়ে প্ৰকাশ কৰি স্থানীয় লোকসকলে কয় যে, ইচ্ছা কৰা হ’লে এই পথটো চৰকাৰীভাৱে শীঘ্ৰেই মেৰামতি কৰিব পৰা গ’লহেঁতেন৷ একাংশ লোকে কয় যে, আনলৈ অপেক্ষা নকৰি বিহগুৰি উন্নয়ন খণ্ডয়েই বানে চিঙা পথটোৰ অংশসমূহত মাটি পেলাই ৰাইজক সকাহ দিব পাৰিলেহেঁতেন আৰু এয়া কণ্টিজেঞ্চি পুঁজিৰেই সম্ভৱ হ’লহেঁতেন যদিও বৰছলা বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়ত এলেকাত সংঘটিত ব্যাপক দুৰ্নীতি আৰু এইক্ষেত্ৰত ৰহস্যজনকভাৱে হাতসাবটি বহি থকা বিহগুৰি উন্নয়ন খণ্ডত কোনো ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰিলে৷ বানত হোৱা লোকচানৰ খতিয়ান ল’লেও আজিলৈকে বিধবস্ত পথৰ নিৰ্মাণৰ বাবে প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত লোকসকলে কয় যে, এই পথটোৰ চিঙা অংশ মেৰামতি কৰাৰ বাবে বিশেষ ধনৰ প্ৰয়োজন নহয় যদিও সকলোপক্ষই এইক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াত স্থানীয় ৰাইজৰ বিপদ অধিক বৃদ্ধি পাইছে৷ একাংশ লোকে প্ৰকাশ কৰে যে, এই পথটোত কিবা এটা দুৰ্ঘটনা সংঘটিত হোৱালৈ বাট চাই আছে আৰু তেতিয়াহে চৰকাৰী বিষয়াৰ গা লৰিব৷