Logo
image

ৰাজপথত নামি প্ৰতিবন্ধীয়ে কঁপালে মহানগৰ

আমাৰ অসম, ২৪ আগষ্টঃ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণাৰ অভিযোগত মঙলবাৰে দিব্যাংগ প্ৰাৰ্থীৰ প্ৰতিবাদত উত্তাল হৈ পৰে দীঘলীপুখুৰী পাৰ৷ ৰাজ্য চৰকাৰে বিশেষভাৱে সক্ষমসকলৰ নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বৈষম্যমূলক নীতিৰ বিৰোধিতাৰে দিব্যাংগ প্ৰাৰ্থীসকলে জিলা পুথিভঁৰালৰ সন্মুখৰ মূল পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত দীৰ্ঘ সময় ধৰি যান-জঁটৰ সৃষ্টি হয়৷ আনকি প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ ঠেলা হেঁচাও হোৱাও দেখা যায়৷ ‘হয় আমাক নিযুক্তি দিয়ক, নহয় আমাক গুলিয়াই মাৰক’ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে দিব্যাংগ প্ৰাৰ্থীসকলে৷ সকলো শ্ৰেণীৰ লোকক সম অধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী লোকক প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দীঘলীপুখুৰীৰ সম্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই৷ জিএনবি ৰোডস্থিত ৰাজ্যিক সংগ্ৰাহালয়ৰ সম্মুখত প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ লৈ প্ৰতিটো নিযুক্তিত ৪শতাংশ হাৰত প্ৰতিবন্ধী লোকক নিযুক্তি দিয়ক, অসম চৰকাৰৰ মইমতালি নচলিব, মুখ্যমন্ত্ৰী হায় হায়, পেঞ্চনৰ ধন ৰহাজাৰৰ পৰিৱৰ্তে ৩হাজাৰলৈ বৃদ্ধি কৰা, অসম পুলিচ গ’ বেক, প্ৰতিবন্ধীক প্ৰতাৰণা কৰা চৰকাৰ নিপাত যাওক ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয়– নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী আইন ২০১৬ অনুসৰি ৪শতাংশ হাৰত প্ৰতিবন্ধী সকলে সংৰক্ষণ পাব লাগে যদিও চৰকাৰে এইসমূহৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ফলত হীনমন্যতাত ভুগিছে প্ৰতিবন্ধীসকল৷ আনকি ২০১৮ চনৰ ৩১ ডিচেম্বৰতে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত গুৱাহাটী বিশ্ববিদ্যালয়ে বিগত ২৬ এপ্ৰিলত ঘোষণা কৰা চতুৰ্থবৰ্গৰ বিশেষ পৰীক্ষাৰ ফলাফলৰ তালিকাখনৰ আসোঁৱাহসমূহ দূৰ কৰি চৰকাৰৰ হাতত জমা দিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক নিৰ্দেশ দিয়াৰ বাবে বাৰম্বাৰ লিখিতভাৱে দাবী জনোৱাৰ পাছতো কোনো কাৰ্যকৰী ব্যৱস্থা আজিলৈ চৰকাৰখনে গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ গতিকে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বিশ্ববিদ্যালয় কতৃৰ্পক্ষক আসোঁৱাহমুক্ত তালিকা প্ৰকাশ কৰাৰ বাবে চৰকাৰক আহ্বান জনালো৷ ইফালে ৰাজ্য চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত কৰা তৃতীয় চতুৰ্থ বৰ্গৰ ২৬হাজাৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰতিবন্ধী সকলে লাভ কৰিবলগীয়া সহায়ক প্ৰদানৰ ক্ষেত্ৰত কিছু কিছু জিলাত খেলিমেলি হোৱা পৰিলক্ষিত হৈছে৷ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোত ২৬ হাজাৰ পদৰ বিপৰীতে প্ৰতিবন্ধী আইন ২০১৬ ৰ দফা নং ৩৪ অনুসৰি ৪শতাংশ হাৰত প্ৰতিবন্ধীসকলে পাবলগীয়া ১০৫৪টা পদ প্ৰদানৰ কথা চৰকাৰে স্পষ্ট নকৰাতো ৰহস্যজনক৷ নিযুক্তি প্ৰক্ৰিয়াত অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থীসকলক মাচুল ৰেহাই দিয়াৰ বিপৰীতে প্ৰতিবন্ধীসকলৰ বাবে কোনোধৰণৰ মাচুল ৰেহাই দিয়াৰ ব্যৱস্থা নকৰিলে৷ সেয়েহে অনতি বিলম্বে প্ৰতিবন্ধীসকলৰ পৰা সংগ্ৰহ কৰা মাচুল ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ৷ দিব্যাংগ পেঞ্চনৰ ধনৰাশি অৰুণোদয় আঁচনিৰ লগত একাকাৰ কৰাৰ পৰিৱৰ্তে প্ৰতিবন্ধী আইনৰ ২৪ দফা অনুসাৰে প্ৰতিবন্ধী লোকসকলে লাভ কৰি থকা পেঞ্চনৰ মাহেকীয়া ধনৰাশি ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰি প্ৰকৃত প্ৰতিবন্ধী লোকসকলক সুকীয়াকৈ প্ৰদানৰ ব্যৱস্থা কৰক৷ প্ৰতিবাদৰ জৰিয়তে প্ৰতিজন আৰ্থিকভাৱে দুৰ্বল প্ৰতিবন্ধী লোকক আবাসগৃহ প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ প্ৰতিবাদস্থলীত উপস্থিত হৈ সামাজিক ন্যায় আৰু সৱলীকৰণৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই স্মাৰক-পত্ৰ গ্ৰহণ কৰি চৰকাৰৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ চেষ্টা কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত কাৰ্যসূচীৰ সামৰণি মাৰে৷ প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সংস্থাৰ সভাপতি টংকেশ্বৰ বৰা, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰণৱ বেজবৰুৱাকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে৷