Logo
image

জাত-পাতৰ প্ৰাচীৰ, এঘৰীয়া ব্ৰাহ্মণ পৰিয়াল

গণকচুবা, বাইহাটাৰ পাছত ছিপাঝাৰত জাতিভেদৰ প্ৰকোপ

আমাৰ অসম, ২৪ আগষ্টঃ দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পাছতো অসম মুলুকত একাংশই ধৰ্মীয় গোড়ামি ত্যাগ কৰা নাই৷ জাতি-ভেদ প্ৰথা আৰু উচ্ছ বৰ্ণ-নিম্ন বৰ্ণৰ ভেদাভেদৰ ৰীতি-নীতিয়ে দ্বাবিংশতিতম শতিকাতো সংকীৰ্ণ সমাজ গঢ়ি তুলিছে একাংশ লোকে৷ বিশেষকৈ এচাম ধৰ্মান্ধই আজিও সমাজত পুৰণিকলীয়া পৰম্পৰাত অটল থাকি সামাজিক ভেদা ভেদৰ যেন বিষবাষ্প বিয়পোৱাৰ পৰা বাদ পৰি ৰোৱা নাই৷ মঙলদৈৰ গণকচুবাত অতুল শৰ্মা নামৰ এজন লোকে অসবৰ্ণ বিবাহ কৰোৱাত বছৰ বছৰ ধৰি সমাজৰ পৰা এঘৰীয়া হৈ থাকিবলগীয়া হোৱাই নহয়, ব্যক্তিজনৰ মৃতদেহ সৎকাৰৰ পৰিৱৰ্তে সমাধিস্থ কৰাৰ দৰে কৰুণ ঘটনাও সংঘটিত হৈছিল৷ অনুৰূপ ধৰণে বাইহাটা চাৰিআলিতো অন্য জাতিৰ ছোৱালী বিয়া কৰোৱাৰ অপৰাধতে তিনিটাকৈ ব্ৰাহ্মণ পৰিয়ালক ৰক্ষণশীল ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি ২০ হাজাৰ টকা শুচিকৰণৰ দণ্ড দাবী কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনাও উন্মোচন হৈছে৷ গণকচুবা বা বাইহাটা নহয়, এইবাৰ দৰঙৰ ছিপাঝাৰত সমাজে এঘৰীয়া কৰা এজন লোকক ঘৰলৈ নিমন্ত্ৰণ কৰি পূজাৰ প্ৰসাদ খুওৱাৰ বাবেই আন এটা ব্ৰাহ্মণ পৰিয়ালক এঘৰীয়া কৰিছে স্থানীয় সংকীৰ্ণ ব্ৰাহ্মণ সমাজে৷ ৰক্ষণশীল সমাজৰ পৰা এঘৰীয়া হোৱা পৰিয়ালটোৰ মূৰব্বীজন হৈছে দীনেশ শৰ্মা৷ এই উদ্বেগজনক ঘটনাটো সংঘটিত হৈছে ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২ নং ঘোঁৰাশাল গাঁৱত৷ অভিযোগ অনুসৰি গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা নামৰ ব্যক্তিজনে ঘৰতে পূজাৰ আয়োজন কৰিছিল৷ সেই পূজালৈ আন লোকৰ সৈতে বহু বছৰ পূৰ্বৰ পৰাই সমাজে এঘৰীয়া কৰা এজন লোককো আমন্ত্ৰণ কৰিছিল৷ নিৰ্দিষ্ট দিনটোত সমাজে এঘৰীয়া কৰি থোৱা লোকজনে দীনেশ শৰ্মাৰ ঘৰৰ পূজাত উপস্থিত হৈ প্ৰসাদো গ্ৰহণ কৰিছিল৷ পিছে সমাজে এঘৰীয়া কৰা লোকজনক মাতি আনি পূজাৰ প্ৰসাদ দিয়াটোৱেই অপৰাধ হ’ল দীনেশ শৰ্মাৰ পৰিয়ালটোৰ৷ দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ স্থানীয় ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা এখন পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমূহৰ বাসগৃহত কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে৷ এই সন্দৰ্ভত আনন্দিপাৰাবাসীয়ে ১৯ আগষ্টত ৰাজহুৱা সভাপাতি সিদ্ধান্ত লোৱা বুলিও পত্ৰখনত স্পষ্ট কৰি দিছে৷ পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাই স্বাক্ষৰ কৰিছে৷ উদ্বেগজনক বিষয়টো হৈছে সমাজে এঘৰীয়া কৰা পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দীনেশ শৰ্মা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে৷ কিন্তু উক্ত ঘটনাটোৰ পাছৰে পৰা ৰাইজে মহিলাগৰাকীক দিন হাজিৰাৰ বাবেও নিবিচৰাৰ অভিযোগ উঠিছে৷ নিজ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ এতিয়া মানসিকভাৱে ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো৷