Logo
image

সীমান্তত শীঘ্ৰে বলিব শান্তিৰ বতাহ, আশাবাদী মন্ত্ৰী অতুল বৰা

আমাৰ অসম, ২৪ আগষ্টঃ অসম- অৰুণাচল প্ৰদেশৰ মাজৰ বহু দশকজোৰা সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত ১৫ জুলাইত স্বাক্ষৰিত নামচাই ঘোষণা-পত্ৰৰ অংশ হিচাপে আজি অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়নমন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতি আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী আল লিবাঙৰ অধ্যক্ষতাত গঠিত আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে৷ সমিতি দুখনে আজি তিনিচুকীয়া জিলাৰ শদিয়াৰ সীমন্তৱৰ্তী অঞ্চলসমূহৰ লগতে অৰুণাচল প্ৰদেশৰ পূব চিয়াং, নামনি ডিবাং ভেলীৰ সীমান্তৱতী ৰ নং কালিং, ২নং কালিং আটটুম, পাগলাম, কম আদি বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰে৷ উল্লেখ্য যে, কালি অৰুণাচল প্ৰদেশৰ উপ- মুখ্যমন্ত্ৰী চৌনা মেইৰ অধ্যক্ষতাত গঠিত অৰুণাচল প্ৰদেশ চৰকাৰৰ আঞ্চলিক সমিতিখন আৰু মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত অসমৰ আঞ্চলিক সমিতিখনৰ সদস্যসকলে যুটীয়াভাৱে তিনিচুকীয়া জিলা আৰু অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ লগতে লোহিত সীমান্তৰ বিবদমান অঞ্চলসমূহ পৰিভ্ৰমণ কৰি অঞ্চলসমূহৰ ৰাইজৰ সৈতে মত বিনিময় কৰিছিল৷ সীমান্তবাসী ৰাইজে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে স্থায়ী শান্তি বিচাৰে, অসূয়া-অশান্তি নহয়৷ অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই আশা প্ৰকাশ কৰে যে বিবদমান সীমান্তলৈ শীঘ্ৰেই শান্তি ঘূৰি আহিব৷ আজি পূৰ্ব চিয়াপ্তত সাংবাদিকৰ আগত মন্ত্ৰী বৰাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক দূৰদৰ্শী চিন্তা আৰু ৰাজনৈতিক সদিচ্ছাৰে চুবুৰীয়া ৰাজ্যসমূহৰ মাজত থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তিৰ বাবে ঐকান্তিকতাৰে আগবাঢ়িছে আৰু এইক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও উপযুক্ত সঁহাৰি আগবঢ়াইছে৷ ইতিমধ্যে, অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰা হৈছে আৰু নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতো যোগাত্মক সঁহাৰি লাভ কৰা হৈছে৷ আলাপ-আলোচনা আৰু বুজাবুজিৰ মাজেৰে অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যাৰ সমাধান সম্ভৱ বুলিও মন্ত্ৰী বৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ ১৫ ছেপ্টেম্বৰৰ ভিতৰত অসমৰ আঞ্চলিক সমিতিসমূহে মুখ্যমন্ত্ৰীৰ হাতত প্ৰথম পৰ্যায়ৰ প্ৰতিবেদন দাখিল কৰাৰ লক্ষ্য লৈছে বুলিও মন্ত্ৰী বৰাই উল্লেখ কৰে৷ আজিৰ যুটীয়া পৰিদৰ্শনৰ সময়চোৱাত অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতিখনৰ অধ্যক্ষ মন্ত্ৰী আল’ লিবাং আৰু বিধায়কদ্বয় গাম টায়েং আৰু মুচু মিথি আৰু মন্ত্ৰী বৰাৰ অধ্যক্ষতাত গঠিত অসমৰ আঞ্চলিক সমিতিখনৰ সদস্য সাংসদ প্ৰদান বৰুৱা, বিধায়ক বলীন চেতিয়া প্ৰমুখ্যে তিনিচুকীয়া, পূব চিয়াৎ, নামনি ডীৰাং ভেলী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসকল আৰু দুয়োখন ৰাজ্যৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল৷