Logo
image

আধাৰ কাৰ্ডেই বাট মুকলি কৰিছে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ

আমাৰ অসম, ২৪ আগষ্টঃ অসমৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে ২০২১ চনত অনুষ্ঠিত পৰীক্ষাত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এই পৰ্যন্ত নিযুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ যদি চৰকাৰে অহা ৫ ছেপ্টেম্বৰৰ ভিতৰত প্ৰাথমিক শিক্ষক পদৰ বাবে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ নকৰে তেন্তে ৫ ছেপ্টেম্বৰ শিক্ষক দিবসৰ দিনাই টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকলে সৰ্বশিক্ষা মিছনলৈ গৈ টে’ট উত্তীৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰসমূহঘুৰাই দি প্ৰতিবাদ সাব্যস্ত কৰিব৷ এই মন্তব্য অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ মঞ্চৰ উপদেষ্টা অমৰজ্যোতি ৰয়ৰ৷ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই ঘোষণা কৰি অমৰজ্যোতি ৰয়ে কয় ২০২১ বৰ্ষৰ টে’ট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু হয়তো হোৱা নাই৷  শেহতীয়াকৈ ১৪,২৮১ পদৰ বাবে অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষা যেন তাৰেই এক জ্বলন্ত উদাহৰণ৷ এফালে চৰকাৰে নিকা আৰু স্বচ্ছ পৰীক্ষা অনুষ্ঠিত কৰাৰ স্বাৰ্থত ইণ্টাৰনেট কৰ্তন, ১৪৪ধাৰা জাৰি কৰাৰ পাছতো প্ৰাৰ্থীসকলক তেওঁলোকৰ প্ৰশ্নকাকতখনো লগত নিবলৈ অনুমতি নিদিলে৷ যি ব্যৱস্থাই প্ৰকৃততে স্বচ্ছ পৰীক্ষাৰ নামত হৈ থকা ভেকোঁভাওনাৰ ছবিখন পৰিস্ফূট কৰিলে৷ কিয়নো এটা বস্তুনিষ্ঠ অ’ এম আৰ পৰীক্ষাত প্ৰাৰ্থীসকলে নিজৰ প্ৰশ্নকাকতখন পালে কোন প্ৰশ্নত কি উত্তৰ তেওঁ লিখিলে সেয়া চিহ্নিত কৰি ঘৰত আহি উত্তৰ পৰীক্ষা কৰিব পাৰে৷ দ্বিতীয়তে, যদি প্ৰশ্নকাকতত বা উত্তৰত ভুল থাকে সেই বিষয়ে সংশ্লিষ্ট কতৃৰ্পক্ষক অৱগত কৰিব পাৰে৷ তৃতীয়তে, স্বচ্ছ পৰীক্ষাৰ নিয়ম অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰা সংস্থাই অফিচিয়েল এনছাৰ কী অৰ্থাৎ প্ৰশ্নোত্তৰ সমূহ তেওঁলোকৰ ৱেবছাইটত আপলোড কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত প্ৰাৰ্থীসকলক প্ৰশ্নোত্তৰৰ কিবা আসোঁৱাহ থাকিলে জনাবলৈ দিয়া হয়৷ লক্ষণীয়ভাৱে অসম লোকসেৱা আয়োগৰ দৰে সাংবিধানিক সংস্থাৰ অসামৰিক সেৱা পৰীক্ষা ২০১৮ত ৯৭টাকৈ আয়োগৰ নিজৰ ভুল এনছাৰ কী শুদ্ধ কৰাৰ  পাছতো প্ৰায় ৩৫ টাকৈ ভুল প্ৰশ্নোত্তৰ থাকি যোৱাৰ দৰে ঘটনা ঘটিছে৷ আনকি প্ৰায় ৯৪জনকৈ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰা প্ৰাৰ্থীয়ে মূল পৰীক্ষা লিখাৰ কথা অসম লোকসেৱা আয়োগে নিজেই আদালতত স্বীকাৰ কৰিছে৷ সেয়ে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীসকলক নিজৰ প্ৰশ্নকাকতখনেই আনিবলৈ নিদিয়া ব্যৱস্থাই অতি অস্বচ্ছ পৰীক্ষাৰ ছবিখনহে উদঙাই দেখুৱালে৷ গতিকে অসম চৰকাৰৰ এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ সদৃশ৷ যাৰ বাবেই পৰীক্ষাটোৰ স্বচ্ছতা আৰু নিকাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ইণ্টাৰনেট কৰ্তন, ১৪৪ধাৰা জাৰি ইত্যাতি প্ৰকৃততে ৰাজনৈতিক চমক সৃষ্টিৰ কেৱল এক কৌশল বুলি  চৰ্চিত হৈছে৷ ইফালে  চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাত উত্তৰ প্ৰদেশৰ প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বাতৰিয়ে প্ৰাৰ্থীসকলৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে৷ ই অসমৰ বাবে কোনো নতুন খবৰ নহয়৷ অসম চৰকাৰে হিন্দীত প্ৰশ্নকাকত প্ৰস্তুত কৰোতেই আমি এই আশংকা কৰিছিলো৷ তদুপৰি অসমৰ চাকৰিৰ আবেদন কৰিবলৈ হ’লে অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন কৰাটো আৱশ্যক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দিনত নিয়োগ বিনিময় কেন্দ্ৰত আধাৰৰ ভিত্তিত নাম পঞ্জীয়নৰ যি অনলাইন ব্যৱস্থা কৰা হ’ল তাত এটা গুৰুত্বপূৰ্ণ অসোঁৱাহ আছে৷  আমি এই ব্যৱস্থা আৰম্ভ হোৱাৰ আগে আগে এই বিষয়ে মুখ্যমন্ত্ৰীক তথ্যসহ সতৰ্ক কৰি দিছিলোঁ৷ এই ব্যৱস্থাৰ প্ৰধান আসোঁৱাহ হৈছে– আধাৰ ভিত্তিত অনলাইন পঞ্জীয়ন কৰিবলৈ প্ৰাৰ্থীজনৰ অসমৰ ঠিকনা থকা আধাৰ নম্বৰ থাকিলেই হয় আৰু বাকী নথি পত্ৰসমূহৰ কোনোধৰণৰ পুনৰীক্ষণ কৰা নহয়৷ আধাৰত ঠিকনা সলনি কৰাটো যে সহজ সেই কথা সকলোৰে জ্ঞাত৷ গতিকে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে তেওঁলোকৰ ঠিকনা অসমলৈ অস্থায়ীভাৱে সলনি কৰি নিয়োগ বিনিময় কেন্দ্ৰৰ প’ৰ্টেলত নাম পঞ্জীয়ন কৰি অসমৰ চৰকাৰী চাকৰিত আবেদন কৰাটো অতি সহজ হৈ পৰিল৷ এতিয়া  ইয়াৰ সত্যত প্ৰমাণিত হৈছে৷ গতিকে চৰকাৰক দাবী জনাইছোঁ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ যি অনলাইন ব্যৱস্থা তাত নিবনুৱা সকলৰ নথি পত্ৰসমূহ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰত পুনৰীক্ষণ কৰাৰ ব্যৱস্থা কৰক যাতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নাম পঞ্জীয়ন কৰিব নোৱাৰে৷ আৰু লগত যিমান সংখ্যক প্ৰাৰ্থীয়ে ইতিমধ্যে আধাৰৰ ভিত্তিত নাম পঞ্জীয়ন কৰিছে তেওঁলোকৰ নথি পত্ৰসমূহ পুনৰীক্ষণৰ ব্যৱস্থা কৰক৷ তেতিয়াহে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ পথ বন্ধ কৰি অসমৰ স্থানীয় নিবনুৱাই সংস্থাপন লাভ কৰিব৷