Logo
image

শিক্ষকৰ নিযুক্তি আৰু বদলিত পৰিৱৰ্তন

নতুন শিক্ষানীতি-২০২০ত ভাৰতত  শিক্ষকতাৰ বৃত্তিটোৰ হেৰোৱা গৌৰৱ ঘূৰাই অনাৰ লগতে নিযুক্তিত স্বচ্ছতা অনাৰ কথা কোৱা হৈছে৷ শিক্ষকতাৰ বৃত্তিলৈ যাতে মেধাৱী আৰু উত্তম ছাত্ৰসকল [বিশেষকৈ গাঁৱৰ] আহে, সেই উদ্দেশ্যে  চাৰি বছৰীয়া বি এড পঢ়াৰ বাবে দেশত মেধাভিত্তিক জলপানি-বৃত্তিৰ ব্যৱস্থা কৰাৰ পৰামৰ্শ দিয়া হৈছে৷ কোৱা মতে গ্ৰামাঞ্চলত এনে বিশেষ মেধাভিত্তিক জলপানি আগবঢ়োৱা হ’ব, যাতে প্ৰস্তাৱিত চাৰি বছৰীয়া বি এড পাঠ্যক্ৰম সমাপ্ত কৰাসকলক স্থানীয়ভাৱে নিযুক্তি দিব পৰা যায়৷ এই জলপানিয়ে অতি ভাল ছাত্ৰসকলৰ বাবে, বিশেষকৈ মহিলা প্ৰাৰ্থীৰ বাবে স্থানীয় পৰ্যায়ত নিয়োগ সৃষ্টি কৰিব, যাতে এইসকল অঞ্চলটোত আদৰ্শ হিচাপে পৰিচিত হ’ব পাৰে আৰু উচ্ছ শিক্ষিত শিক্ষকসকলে স্থানীয় ভাষাত কথা ক’ব পাৰে৷গ্ৰামাঞ্চল, বিশেষকৈ শিক্ষকৰ বিশেষ অভাৱ থকা আৰু অতি উত্তম শিক্ষকৰ চাহিদা থকা অঞ্চলত শিক্ষকতা কৰাসকলৰ বাবে অতিৰিক্ত সুবিধা আগবঢ়োৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে৷ সেইমতে বিশেষ সুবিধা হিচাপে স্কুল চৌহদত বা ওচৰে-পাঁজৰে থকা গৃহৰ সুবিধা দিয়া হ’ব, অন্যথা উচ্ছ নিৰিখৰ ঘৰভাড়া বানচ দিয়া হ’ব৷ ইয়াৰ লগতে কোৱা হৈছে যে শিক্ষকৰ ক্ষতিকাৰক অতিমাত্ৰা বদলি বন্ধ কৰা হ’ব, যাতে শিক্ষকসকলে ছাত্ৰ আৰু সংশ্লিষ্ট সমাজখনৰ লগত সম্পৰ্ক গঢ়ি বেছি সময়ৰ বাবে সেৱা আগবঢ়াব পাৰে৷ বদলি হ’ব কেৱল উত্তম শিক্ষক বা প্ৰশাসকক নেতৃত্বৰ বাবে নিযুক্তি দিবলগীয়া হ’লে৷ শিক্ষক নিযুক্তিৰ বাবে থকা টে’টক  অধিক কাৰ্যকৰী কৰা হ’ব, যাতে পৰীক্ষাৰ্থীৰ জ্ঞান আৰু দক্ষতাৰ উচিত বিচাৰ কৰিব পাৰি৷


নতুন শিক্ষানীতিত কোৱা কথাৰ পৰা দেখা গ’ল যে শিক্ষকতাৰ বৃত্তিলৈ মেধাৱী ছাত্ৰক আকৰ্ষণ কৰিব খোজা হৈছে৷ গ্ৰামাঞ্চলৰ মেধাৱী ছাত্ৰৰ বিশেষ উল্লেখ কৰা কথাটো গুৰুত্বপূৰ্ণ৷ মহিলা শিক্ষক প্ৰাৰ্থীৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে৷ নতুন শিক্ষানীতিত স্থানীয় বা আঞ্চলিক নিযুক্তিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা হৈছে৷ লগতে, শিক্ষকৰ বদলিক ক্ষতিকাৰক বুলি বিবেচনা কৰা হৈছে৷