Logo
image

মন্ত্ৰী জয়ন্ত বনাম এবিভিপি জিলাই জিলাই গণস্বাক্ষৰ

অৱশেষত এবিভিপিক আলোচনালৈ মাতিলে চৰকাৰে

আমাৰ অসম, ২৫ আগষ্টঃ নিজৰ দলৰে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গণ স্বাক্ষৰ অভিযানেৰে প্ৰতিবাদত নামিল অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ বিজেপি-আৰএছএছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিয়ে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ অসমীয়া ভাষবিৰোধী নীতিৰ বিৰোধিতা কৰি বুধবাৰৰে পৰা ৰাজ্যজুৰি গণ স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে অসমত প্ৰাথমিক পৰ্যায়ত গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী মাধ্যমত শিক্ষাদানৰ বাবে লোৱা সিদ্ধান্তই ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাৰ অভিযোগ তুলি এবিভিপিয়ে বুধবাৰে ৰাজ্যজুৰি শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠানে গণস্বাক্ষৰ অভিযান কাৰ্যসূচী গ্ৰহণ কৰে৷ আৰএছএছ-বিজেপিৰ ছাত্ৰ সংগঠনটোৱে শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰি চৰকাৰক মাতৃভাষাবিৰোধী ষড়যন্ত্ৰ বন্ধ কৰাৰ দাবী জনায়৷ হিন্দুত্ববাদী ছাত্ৰ সংগঠনটোৱে নিজ দলৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তিনিদিন ধৰি গণস্বাক্ষৰ অভিযান অব্যাহত ৰাখিব বুলিও স্পষ্ট কৰি দিছে৷ ছাত্ৰ সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰাথমিক পৰ্যায়ত মাতৃভাষাত শিক্ষা প্ৰদানক সমৰ্থন জনাই ৰাষ্ট্ৰীয় শিক্ষানীতিক ১০০ শতাংশ বলৱৎ কৰাৰ বাবেও অসম চৰকাৰক দাবী জনায়৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত এবিভিপিৰ ৰাজ্যিক সহ-কাৰ্যালয় সম্পাদক ৰুবুল ৰাজখোৱাই এটা বিবৃতিত কয়– ‘প্ৰাথমিক শিক্ষাই হৈছে এটি শিশুৱে জীৱনৰ প্ৰাৰম্ভিক অৱস্থাত লাভ কৰা মূল শিক্ষা৷ অৰ্থাৎ ক’ব পাৰি যে মাতৃভাষাই হৈছে শিক্ষা জগতৰ মূল শিপা৷ মাতৃভাষাৰ দ্বাৰাই এটি শিশুৱে জীৱনৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰে৷ তেনেস্থলত শৈশৱ কালতে অৰ্থাৎ নিজ মাতৃভাষাক আঁকোৱালি লৈ শিক্ষাৰ জগতত নিজৰ প্ৰথম খোজ পেলাব ওলোৱা শিশুৱে কোনোদিনে নুশুনা বিদেশী ভাষাৰে প্ৰদান কৰা শিক্ষা গ্ৰহণ কৰিবলগীয়া হ’লে, বহুতো সমস্যাৰ সম্মুখীন হ’ব৷ যাৰ ফলত প্ৰকৃত শিক্ষা গ্ৰহণৰ পৰা সেই শিশুসকল বঞ্চিত হৈ ৰ’ৱ৷ সেয়েহে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ স্পষ্ট কথা– ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সম্পূৰ্ণৰূপে অসমত বলৱৎ হ’ব লাগিব আৰু লগতে প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্ছ মাধ্যমিক শিক্ষালৈকে অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰা দশম মানলৈকে মাতৃভাষাতেই শিক্ষা প্ৰদান কৰিব লাগিব৷ ৰাষ্ট্ৰীয় শিক্ষানীতিক বলৱৎ কৰা আৰু তৃতীয় মানৰ পৰা দশম মনলৈ মাতৃভাষাত শিক্ষা প্ৰদানৰ এই দুই দাবীৰ বিষয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইতিমধ্যে অসম চৰকাৰৰ লগতে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰিছে৷ সেই অনুসৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজিৰে পৰা অসমৰ বিভিন্ন জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰাংগণত গণ স্বাক্ষৰ অভিযান লোৱা হৈছে৷ এই গণ স্বাক্ষৰ অভিযানত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে পূৰ্ণ সমৰ্থন জনাইছে৷ গতিকে চৰকাৰক এই বিষয়ে পুনৰ বিবেচনা কৰি এক উচিত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহ৩ান জনাইছোঁ৷’ উল্লেখ্য, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ইতিপূৰ্বে ৰাষ্ট˜ীয় শিক্ষানীতিক সমৰ্থন জনাই অসম চৰকাৰে প্ৰাথমিক পৰ্যায়ত ইংৰাজীত শিক্ষাদানৰ বাবে লোৱা সিদ্ধান্তই অসমতে অসমীয়া ভাষাক ৰসাতলে নিব বুলিও সকীয়াই দিছিল৷ আৰএছএছৰ ছাত্ৰ সংগঠনটোৰ এই বিবৃতিৰ পাছতেই বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবিভিপিক চোৰ-ডকাইতৰ সৈতে তুলনা কৰি ৰাজহুৱাকৈ ককৰ্থনা কৰা দেখা গৈছিল৷ আনকি বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবিভিপিৰ বিবৃতিক মানি নলওঁ বুলিও হুংকাৰ দিছিল৷ দল বাগৰি বিজেপিত মন্ত্ৰী হোৱা জয়ন্ত মল্ল বৰুৱাই আৰএছএছ-বিজেপিৰে ছাত্ৰ-সংগঠনটোক চোৰ-ডকাইতৰ লগত তুলনা কৰাত স্বাভাৱিকতেই অস্বস্তিত পৰে বিজেপিৰ শীৰ্ষ নেতৃত্ব৷ আনকি জয়ন্ত মল্লৰ এই মন্তব্যক এবিভিপিৰ একাংশ সদস্যই সামাজিক মাধ্যমযোগে অসন্তুষ্টি ব্যক্ত কৰাত পাছমুহূৰ্ততেই দাম্ভিক মন্ত্ৰীজন ভিজা মেকুৰীলৈ পৰিণত হয়৷ মঙলবাৰে ছ’চিয়েল মিডিয়াযোগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ বক্তব্যৰ বাবে এবিভিপিৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচাৰিলেও ছাত্ৰ সংগঠনটোক ৰাজহুৱাকৈ কৰা অপমানে যেন ক্ষোভৰ উপশম কৰিব নোৱাৰিলে সংগঠনটোৰ নেতৃত্বক৷ যাৰ বাবে পুনৰ এবিভিপিয়ে আন এটা বিবৃতিযোগে অসম চৰকাৰৰ মাতৃভাষাবিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সকীয়াই দিয়াৰ লগতে এবিভিপিৰ সন্দৰ্ভত মন্ত্ৰীজনক প্ৰথমে জ্ঞান আহৰণৰ বাবে প্ৰশিক্ষণ ল’বলৈও পৰামৰ্শ দিয়ে৷ তাৎপৰ্যপূৰ্ণভাৱে এবিভিপিৰ এই ক্ষোভৰ পাছতেই সভাই-সমিতিয়ে সাংবাদিকক নীতি শিক্ষা দি ফুৰা বহুবল্কী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ কেমেৰা দেখিলেই পলায়ন কৰিবলৈ আৰম্ভ কৰে৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই ৰাজহুৱা অপমানৰ সন্দৰ্ভত ৰাজ্যিক  বিদ্যাৰ্থী পৰিষদে কেন্দ্ৰীয় নেতৃত্বক অভিযোগ দিয়াৰ লগতে সংগঠনটোৰ কাৰ্যনিৰ্বাহকতো বিষয়টোৱে স্থান পাব বুলি জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এবিভিপিৰ দাবীক মানি লোৱা নহয় বুলি দম্ভালি মাৰিলেও অসম চৰকাৰৰ প্ৰাথমিক পৰ্যায়ত ইংৰাজী মাধ্যমত শিক্ষাদানৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধীতাৰ পূৰ্বৰ স্থিতিত অটল থকাৰ কথা স্পষ্ট কৰি দিছে হিন্দুত্ববাদী ছাত্ৰ সংগঠনটোৱে৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে এবিভিপিয়ে অসম চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিবিৰোধী সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি গণস্বাক্ষৰ অভিযান ৰূপায়ণ কৰে৷ নিজৰ দলৰে চৰকাৰৰ বিৰুদ্ধে এবিভিপিয়ে প্ৰতিবাদ কৰাত স্বাভাৱিকতেই বিজেপি দলৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো চৰম অস্বস্তিত পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিততে ২৬ বা ২৭ আগষ্টৰ ভিতৰত এবিভিপিৰ সৈতে চৰকাৰে আলোচনাত বহিব বুলি জানিবলৈ দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ অৱশ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু এবিভিপিৰ সৈতে হোৱা মুকলি সংঘাতৰ বিষয়টোক কৌশলপূৰ্ণভাৱে সংবাদ মাধ্যমৰ পৰা এৰাই চলা দেখা গ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক৷

ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰাটো সহ্য কৰা নহ’বঃ এবিভিপি

নলবাৰী জিলাৰ বৰভাগৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত আজি প্ৰাথমিক শিক্ষা মাতৃভাষাত কৰাৰ দাবীত স্বাক্ষৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে৷ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে অসমৰ শিক্ষা ব্যৱস্থাত মাতৃভাষাৰ দ্বাৰা শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা স্বাক্ষৰ অভিযান কাৰ্যসূচী বৰভাগ মহাবিদ্যালয়ত বিদ্যাৰ্থী পৰিষদৰ বৰভাগ শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হয়৷ প্ৰায় ৩০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা উক্ত স্বাক্ষৰ অভিযানৰ জৰিয়তে পৰিষদে নিজৰ স্বতন্ত্ৰ ধাৰণা সুস্পষ্ট কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ক্ষেত্ৰত কোনো কাৰণতে কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়৷ স্বাক্ষৰ অভিযান চলাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শেহতীয়াকৈ অসম চৰকাৰে লোৱা শিক্ষানীতিক কোনোপধ্যেই মানি নলয় বুলি হুংকাৰ প্ৰদান কৰে৷ ৬০ ৰ দশকৰ পৰাই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰণয়নৰ দাবী জনাই অহাৰ পাছত বিদ্যাৰ্থী পৰিষদৰ দীঘলীয়া দাবীৰ পৰিক্ৰমাৰ ওচৰত হাৰ মানি ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে নতুন শিক্ষানীতি প্ৰণয়ন কৰাৰ সিদ্ধান্ত লোৱা কাৰ্যক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আদৰণি জনায় যদিও শেহতীয়াকৈ অসম চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী ভাষা প্ৰচলন কৰিব বিচাৰি ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰিছে বুলি অভিযোগ উত্থাপন কৰে৷ অসম চৰকাৰৰ এনে শিক্ষানীতিক পৰিষদে কোনোপধ্যেই মানি নলয় বুলি হুংকাৰ দিয়ে সংগঠনটোৱে৷