Logo
image

আস্থাভোটত নীতীশৰ জয় বিধায়কৰ ঘৰে ঘৰে চিবিআই

আমাৰ অসম, ২৫ আগষ্টঃ বিজেপি বিৰোধী হ’লেই দেশৰ যিকোনো ৰাজনৈতিক নেতা-মন্ত্ৰী এতিয়া কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জেৰা আৰু তালাচীৰ সন্মুখীন হোৱাতো সহজাত ঘটনাত পৰিণত হৈছে৷ দেশৰ বিজেপিবিৰোধী চৰকাৰ থকা ৰাজ্যত সম্প্ৰতি যিদৰে ৰাজনীতিকৰ ওপৰত চি বি আই-ইডি জঁপিয়াই পৰিছে, তালৈ চাইএই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকেইটাই স্বমৰ্যাদা লোপ পেলাই কেৱল ক্ষমতাধিষ্ঠিত বিজেপি চৰকাৰৰ নিয়ন্ত্ৰণত পৰিচালিত হৈ থকা নিৰ্লজ্জভাৱে উন্মোচিত হৈছে৷ এফালে পশ্চিম বংগ আৰু দিল্লী আৰু আনফালে বিহাৰত নতুনকৈ ক্ষমতাত অধিষ্ঠিত হোৱা আৰ ডেজিৰ নেতাৰ কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠানত আজি চি বি আয়ে তালাচী চলোৱাত কেন্দ্ৰত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ প্ৰকৃত মনোভাৱ মুকলি হৈ পৰিছে৷ বুধবাৰে বিহাৰৰ নীতীশ কুমাৰ মন্ত্ৰীসভা আস্থাভোটত শক্তিপৰীক্ষাত অৱতীৰ্ণ হোৱাৰ দিনাই চি বি আয়ে ‘চাকৰিৰ বিনিময়ত ভূমি কেলেংকাৰি’ৰ অভিযোগত নীতীশ মন্ত্ৰীসভাৰ উপ-মুখ্যমন্ত্ৰী আৰু আৰডেজি দলৰ দুজন আগশাৰীৰ নেতাৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলায়৷ লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে সংঘটিত এই কেলেংকাৰিৰ তদন্ত চি বি আয়ে চলাই আছিল৷ দীৰ্ঘ বহুবছৰ চি বি আই এই গোচৰ সন্দৰ্ভত নীৰৱে থকাৰ পাছত বুধবাৰে হঠাতে সক্ৰিয় হৈ পৰি বহুকেইটা স্থানত তালাচী চলায়৷ বিহাৰৰ নতুন চৰকাৰৰ নেতৃস্থানীয় দল আৰ জে ডিৰ নেতা তথা লালুপ্ৰসাদ যাদৱৰ ঘনিষ্ঠ সুনীল সিঙৰ ঘৰত চি বি আয়ে চাকৰিৰ বিনিময়ত ভূমি কেলেংকাৰিৰ গোচৰত তালাচীচলায়৷ তদুপৰি আৰ জে ডিৰ আন নেতা সুবোধ ৰয়, আছফাক কৰিম, ফায়াজ আহমেদৰ উপৰি দুজন আৰ জে ডিৰ সাংসদৰ ঘৰতো তালাচী চলায়৷ চি বি আয়ে গুৰগ্ৰামৰ ‘আৰবান কিউবছ ৭১’ নামৰ এটা মলতো তালাচী চলায়৷ চৰ্চা অনুসৰি এই মলৰ স্বত্বাধিকাৰ বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদব৷ চি বি আয়ে অৱশ্যে তালাচীসন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই৷

ইপিনে, বুধবাৰে হোৱা বিহাৰ বিধানসভাৰ আস্থাভোটত নীতীশ কুমাৰৰ জে ডি [ইউ] আৰু আৰজেডি তথা কংগ্ৰেছৰ মহাজোঁট চৰকাৰ সহজে উত্তীৰ্ণ হয়৷ শক্তিপৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে নতুন মহাজোঁট চৰকাৰক ১২২জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন আছিল৷ নীতীশ কুমাৰে অলপতে লগ এৰা বিজেপিৰ বিধায়কে বিশ্বাসঘাটকতাৰ অভিযোগ তুলি সদন ত্যাগ কৰে আৰু মহাজোঁটে হাঁহি হাঁহি শক্তিৰ প্ৰমাণ দিয়ে৷ তাৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ, বিজেপিৰ বিধায়ক বিজয় কুমাৰ সিন্‌হাই নাটকীয়ভাৱে পদত্যাগ কৰে৷ নীতীশ কুমাৰৰ জে ডি [ইউ] দলে বিজেপিৰ সংগ ত্যাগ কৰি আৰ জে ডিৰ সৈতে চৰকাৰ গঠন কৰা সত্ত্বেও তেওঁ নজিৰবিহীনভাৱে অধ্যক্ষৰ পদ এৰি দিয়া নাছিল৷