Logo
image

ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰণক্ষেত্ৰ, উপাচাৰ্যক ঘেৰাও

৩৩ শতাংশ মাচুল বৃদ্ধি

আমাৰ অসম, ২৫ আগষ্টঃ  উজনি অসমৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাছুল বৃদ্ধিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৩৩ শতাংশ মাছুল বৃদ্ধিৰ বাবে মঙলবাৰে জাৰি কৰা জাননিৰ পাছত প্ৰতিবাদমুখৰ হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদ৷ এই প্ৰসংগক কেন্দ্ৰ কৰি কাৰ্যতঃ ৰণক্ষেত্ৰত পৰিণত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়৷ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিছে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক৷ উল্লেখ্য, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণৰ পাছতে অধ্যাপক ড॰ জিতেন হাজৰিকাই গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্ত বাতিলৰ দাবীত মঙলবাৰে সন্ধিয়া বিশ্ববিদ্যালয় উপাচাৰ্য কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ পাছত আজি পুনৰ পুৱাৰ ভাগৰ পৰা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অৱস্থান কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ ইফালে প্ৰতিবাদৰ মাজতে বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ থকা ৰসায়ন বিজ্ঞান বিভাগৰ এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি প্ৰস্থান কৰাৰ সময়তে নৱ-নিৰ্বাচিত উপাচাৰ্য ড॰ জিতেন হাজৰিকাক প্ৰতিবাদকাৰীসকলে বাধা প্ৰদান কৰাক লৈ প্ৰচণ্ড ঠেলা-হেঁচা লাগে৷ উপাচাৰ্য আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় গতিয়া-গতিৰ পৰিস্থিতি৷ এক উত্তেজনাময় পৰিস্থিতিৰ মাজতে বিশ্ববিদ্যালয়ৰ দুই প্ৰতিবাদকাৰী আহত হয় এই ঘটনাত৷ ইফালে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণতো ব্যৰ্থ হয় বিশ্ববিদ্যালয়ৰ নিৰাপত্তাৰক্ষীসকল৷ প্ৰতিবাদকাৰীসকলে ৃবিশ্ববিদ্যালয়ৰ মাচুল হ্ৰাস কৰক,উপাচাৰ্যৰ হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ’ব, উপাচাৰ্য গ’ বেক’ আদি শ্লোগানেৰে বিশ্ববিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে৷ নৱ-নিৰ্বাচিত উপাচাৰ্য ড॰ জিতেন হাজৰিকাক মাছুল বৃদ্ধিৰ সিদ্ধান্তৰ প্ৰসংগত জবাবদিহি কৰে প্ৰতিবাদকাৰী ছাত্ৰ সমাজে৷ শিক্ষাৰ্থীৰ সন্মুখত উপাচাৰ্য ড॰ জিতেন হাজৰিকাই কয় যে, বিশ্ববিদ্যালয়ৰ মাছুল হ্ৰাস কৰাটো অসম্ভৱ৷ মোক যদি তোমালোকে এমাহৰ বাবে বন্দী কৰি ৰাখা বা মোৰ যদি মৃত্যু হয় তেতিয়াও মাছুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিব নোৱাৰোঁ৷ মই অগণতান্ত্ৰিক সিদ্ধান্ত লোৱা উপাচাৰ্য নহয়৷ একাডেমিক কাউন্সিল, বিভাগীয় মুৰব্বীসকলেহে এই সন্দৰ্ভত ক’ব পাৰিব৷ ছেমিনাৰত অংশ ল’বলৈ অহা ব্যক্তিক বন্দী কৰি ৰাখি গণতান্ত্ৰিক আন্দোলন কৰিছা নেকি তোমালোকে? উল্লেখ্য যে, উপাচাৰ্য কাৰ্যালয়ৰ প্ৰৱেশ-দ্বাৰৰ সন্মুখত প্ৰতিবাদ কৰি থকা স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰতিবাদকাৰীসকলে ইন্দিৰা মিৰি প্ৰেক্ষাগৃহলৈ গৈ উপাচাৰ্যক ঘেৰাও কৰি তীব্ৰ বাক্‌ বিতণ্ডাৰ সৃষ্টি হয়৷ মাচুল বৃদ্ধিৰ সিদ্ধান্তত আঁকোৰগোঁজ স্থিতিত থকা নৱ-নিৰ্বাচিত উপাচাৰ্যজনক উভতি ধৰিলে প্ৰতিবাদকাৰী ছাত্ৰ সমাজে৷ বৰ্ধিত মাছুলত কোনো ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদকাৰীসকলে উপাচাৰ্যৰ সন্মুখতে স্পষ্ট কৰি দিছে৷ আনহাতে, নামভৰ্তিৰ ১২ ঘণ্টাৰ পূৰ্বে নামভৰ্তি বৃদ্ধিৰ জাননী জাৰি কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক বিপাঙত পেলাইছে বুলি উল্লেখ কৰে৷ তিনিদিনৰ পূৰ্বে মাছুল বৃদ্ধিৰ বিষয়ত অৱগত কৰাৰ অৱকাশ আছিল বুলি প্ৰকাশ কৰিছে৷ ২৫ জুলাইত মাছুল বৃদ্ধিৰ প্ৰসংগত অনুষ্ঠিত হোৱা বৈঠকত স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই মাছুল বৃদ্ধিৰ সিদ্ধান্তক বিৰোধিতা কৰাৰ পাছতো হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰাক লৈ সচকিত হৈছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা৷ ছাত্ৰ একতা সভাৰ সভাপতি বিকাশ মিচঙে এই সন্দৰ্ভত কয় যে, মঙলবাৰে সন্ধিয়া ৬ বজাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা মাছুল বৃদ্ধিৰ জাননীত কোনোপধ্যে ছাত্ৰ সমাজে মানি ল’ব নোৱাৰে৷ পূৰ্বৰ তুলনাত ৩৩ শতাংশলৈ বৃদ্ধি কৰা হৈছে বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাছুল৷ এই সন্দৰ্ভত স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই উপাচাৰ্যক সাক্ষাৎ কৰি স্মাৰক-পত্ৰ প্ৰদান কৰিব বিচৰাত উপাচাৰ্যই সাক্ষাতৰ অনুমতি নিদিলে ছাত্ৰ একতা সভাৰ দলটোক৷ মঙলবাৰে সন্ধিয়া জ্জ বজাৰ পৰা পুৱা ৯ বজালৈকে উপাচাৰ্য কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহিছিল স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা৷ কিন্তু প্ৰতিবাদকাৰীৰ কাষলৈ নাহিল বিশ্ববিদ্যালয় প্ৰশাসনৰ কোনো বিষয়া৷ উপাচাৰ্যক সাক্ষাৎ কৰিবলৈ আশা পালি থকা প্ৰতিবাদকাৰীসকলে উপাচাৰ্যক বিচাৰি ইন্দিৰা মিৰি প্ৰেক্ষাগৃহলৈ যোৱাৰ সময়তে সংঘটিত হয় এই অপ্ৰীতিকৰ পৰিস্থিতি৷ ইফালে আজিৰে পৰা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ পুৱা ১০ বজাৰ পূৰ্বে বিষয়টোৰ মিমাংসাৰ বাবে উপাচাৰ্যৰে আলোচনা বিচাৰিছিল ছাত্ৰ সমাজে৷ কিন্তু কোনোধৰণৰ সুদোত্তৰ নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি বিকাশ মিচঙে৷

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাচুল আটাইতকৈ কমঃ উপাচাৰ্য

মাছুল বৃদ্ধিক লৈ কালিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ প্ৰতিবাদৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি সংবাদ মেলৰ আয়োজন কৰে৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই উপাচাৰ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ মাছুল বৃদ্ধিৰ সিদ্ধান্ত সমূহীয়া আছিল বুলি প্ৰকাশ কৰিছে৷ সংবাদ মেলত উপাচাৰ্য ড॰ হাজৰিকাই কয় যে, দেশৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ বিপৰীতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাৰ স্বাৰ্থত বিশ্ববিদ্যালয়খনৰ শিক্ষকমণ্ডলী আৰু সংশ্লিষ্ট সকলো স্বীকৃতিপ্ৰাপ্ত সংস্থাৰ লগত বিভিন্ন পৰ্যায়ত হোৱা আলোচনা আৰু পৰামৰ্শমৰ্মে ২০২২-২০২৩ শিক্ষাবৰ্ষৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ দ্বাৰা আগবঢ়োৱা স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাৰ্ষিক মাছুল সামান্যভাৱে বৃদ্ধি কৰা হৈছে৷ সেই অনুসৰি পূৰ্বৰ মাছুলৰ তুলনাত কলা বিষয়ৰ পাঠ্যক্ৰমত বছৰি সৰ্বোচ্ছ ৪৪৯৮ টকাৰ পৰা বৃদ্ধি পাই ৫৯৮২ টকা আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰমত বছৰি ৬৯১৩ টকাৰ পৰা ৯১৯৪ টকা আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰমত ৪,৪৯৮ টকাৰ পৰা ৫৯৮২ টকালৈ বৃদ্ধি কৰা হৈছে নামভৰ্তিৰ মাছুল৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু পাঠ্যক্ৰমৰ মাছুল প্ৰায় ১২ বছৰ ধৰি সালসলনি হোৱা নাই আৰু তাৰ বিপৰীতে বৰ্তমানৰ প্ৰেক্ষাপটত এই মাছুল বৃদ্ধিৰে শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ বিভিন্নক্ষেত্ৰত আহি পৰা ন ন ব্যয়ৰ শিতানসমূহৰ জোৰা আংশিকভাৱে হ’লেও মাৰিবলৈ যত্ন কৰা হৈছে৷ তদুপৰি, উত্তৰ পূৰ্বাঞ্চলৰ ৯খন বিশ্ববিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়তে সকলোতকৈ নামভৰ্তি মাছুল কম৷ কিন্তু, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়সমূহ ভালদৰে বিশে¡ষণ নকৰা বাবেই এনেধৰণৰ প্ৰতিবাদৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি মন্তব্য কৰিছে উপাচাৰ্য ড॰ হাজৰিকাই৷ শিক্ষাৰ্থীসকলে প্ৰকৃত আৰু উন্নতমানৰ শিক্ষা প্ৰদান কৰিবৰ বাবে যাৱতীয় কিছুমান সুবিধা প্ৰদান কৰিবৰ বাবেহে এই মাছুল বৃদ্ধি কৰা হৈছে বুলি উপাচাৰ্যজনে মত প্ৰকাশ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এই শিক্ষাবৰ্ষৰ পৰা শিক্ষাৰ্থীৰ মাছুল সংশোধনৰ বাবে লোৱা পদক্ষেপক যুক্তিসংগত বুলি গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ৰক্ষা কৰাৰ লগতে উত্তৰণৰ ক্ষেত্ৰতো সহযোগিতা কামনা কৰিছে৷ ইফালে বিশ্ববিদ্যালয়ৰ বৰ্ধিত মাছুল বৃদ্ধিৰ সিদ্ধান্তক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা, শিক্ষক সন্থা, কৰ্মী সন্থাইয়ো একপ্ৰকাৰ সমৰ্থন জনালে আজিৰ সংবাদ মেলৰ জৰিয়তে৷ বিশ্ববিদ্যালয়ৰ সামূহিক উন্নয়নৰ স্বাৰ্থত মাছুল বৃদ্ধিৰ সিদ্ধান্ত জৰুৰী আছিল৷ এই সংবাদ মেলত বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক ড॰ প্ৰশান্ত কুমাৰ কাকতি, যুটীয়া শৈক্ষিক পঞ্জীয়ক ড॰ বিনোদ চন্দ্ৰ বড়া, বিষয়া সন্থাৰ সভাপতি মনোজ তামুলি, শিক্ষক সন্থাৰ সভাপতি ড॰ লক্ষীৰাম শইকীয়া, কৰ্মী সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গগৈ উপস্থিত থাকে৷