Logo
image

বন্ধ কৰা হ’ল গুৱাহাটীৰ নতুন ট্ৰেফিক ছীষ্টেম

আমাৰ অসম,২৫ আগষ্টঃ স্মাৰ্ট চিটী প্ৰকল্পৰ অংশৰূপে গুৱাহাটীৰ কেইটামান গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন হৈছে অত্যাধুনিক ট্ৰেফিক ছিগনেল৷ গুৱাহাটীৰ ক্ৰমবৰ্ধমান যান-জঁট নিয়ন্ত্ৰণৰ উদ্দেশ্যে মঙলবাৰৰ পৰা কাৰ্যকৰী কৰা হৈছে ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম [আই টি এম এছ] শীৰ্ষক অত্যাধুনিক ট্ৰেফিক ছিগনেল ব্যৱস্থা৷ প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীৰ পল্টন বজাৰৰ নেপালী মন্দিৰৰ পৰা খানাপাৰা পৰ্যন্ত জিএছ ৰোডৰ ২০টা জংচনত উক্ত ট্ৰেফিক ছিগনেল সংস্থাপন কৰা হৈছে৷ পৰীক্ষামূলকভাৱে উক্ত স্বয়ংক্ৰিয় ট্ৰেফিক ছিগনেল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে খেলিমেলি লাগে বহুকেইটা স্থানত৷ দিছপুৰ ছুপাৰ মাৰ্কেট, খ্ৰীষ্টানবস্তি, উলুবাৰী আদি ঠাইৰ জংচন আৰু জেব্ৰা ক্ৰচিঙত সংস্থাপন কৰা আই টি এম এছৰ ছিগনেলৰ বিসংগতিৰ বাবে যান-জঁটৰহে সৃষ্টি হয়৷ কেইবা ঠাইত নতুন ট্ৰেফিক ছিগনেলৰ খেলিমেলিৰ ফলত সৃষ্টি হোৱা যান-জঁট আঁতৰ কৰিবলৈ ছিগনেল অফ কৰি ৰাজপথত নামিবলগীয়া হয় যান-বাহন আৰক্ষীৰ লোক৷ কেইবাঠাইত ট্ৰেফিক লাইট বিকল হোৱা বাবেও অযথা যান-জঁটৰ সৃষ্টি হয়৷ একাংশ যাতায়াতকাৰীয়ে অভিযোগ কৰা মতে আই টি এম এছৰ ছিগনেলৰ লাইটসমূহ ২/৩ ঘণ্টাৰ পাছত বিকল হৈ যায়৷ অত্যাধুনিক ট্ৰেফিক ছিগনেল ব্যৱস্থা আৰম্ভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে বিকল লাইট মেৰামতিত ব্যস্ত হ’ব লগা হয় আই টি এম এছৰ লোক৷ উল্লেখ্য, ৭৮ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত সংস্থাপন কৰা হৈছে আধুনিক ট্ৰেফিক ছিষ্টেম৷ উল্লেখ্য, আই টি এম এছ অনুসৰি যান-বাহনৰ চালকে ট্ৰেফিক ছিগনেলৰ নিয়ম নামানিলে বা হেলমেট অবিহনে বাইক চলালে উক্ত বাহনৰ গৰাকীলৈ প্ৰেৰণ কৰা হ’ব চালান৷