Logo
image

ৰবীশ কুমাৰৰ ভৱিষ্যতক লৈ উদ্বিগ্ন অনুৰাগী

আদানিৰ মালিকানাধীন হ’ল এনডি টিভি

আমাৰ অসম, ২৫ আগষ্টঃ দেশত গোডী মিডিয়াৰ চৰম উৎকৰ্ষৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্নেহধন্য হিচাপে চৰ্চিত উদ্যোগপতি গৌতম আদানিয়ে বিজেপি বিৰোধী অৱশিষ্ট মিডিয়াৰ বিশাল পৰিমাণৰ অংশীদাৰিত্ব ক্ৰয় কৰি লোৱাৰ খবৰে দেশৰ বিজেপি সমৰ্থকক উৎফুল্লিত কৰি তুলিছে৷ সাধাৰণ সমৰ্থকে উল্লাসত সাত জাঁপ মাৰিছে আৰু সামান্য শিক্ষিত সমৰ্থকে ‘লিবাৰেল ফৰ ছেল’ বুলি মন্তব্য কৰিছে৷ পিছে সামগ্ৰিকভাৱে সকলোৰে আশা  আৰু প্ৰশ্ন এটাই– গৌতম আদানিয়ে বৃহৎ স্বত্ত্ব ক্ৰয় কৰি লোৱা গোডী মিডিয়াৰহিত এনডি টিভি নামৰ ছেটেলাইট চেনেলটোৰ  মোডীবিৰোধী সাংবাদিক ৰবীশ কুমাৰে কেতিয়াকৈ চেনেলটোৰ পৰা পদত্যাগ কৰিব? জল্পনা-কল্পনা মঙলবাৰে আদানিয়ে এনডি টিভিৰ স্বত্ত্ব ক্ৰয় কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পাছৰ পৰাই আৰম্ভ হৈ গৈছিল৷ আনকি অসমৰ্থিত অনেক সূত্ৰই ৰবীশ কুমাৰে এনডি টিভিৰ পৰা পদত্যাগ কৰা বুলিয়েই অপপ্ৰচাৰ চলাইছিল৷ পিছে বুধবাৰে এই সন্দৰ্ভত এটা কটাক্ষপূৰ্ণ স্পষ্টীকৰণ দি ৰবীশ কুমাৰে তেওঁৰ শত্ৰুসকলক নিৰাশ কৰিছে৷ টুইটাৰৰ আশ্ৰয় লৈ ৰবীশ কুমাৰে বুধবাৰে লিখিছে– ‘সন্মানীয় জনগণ, মই এনডি টিভি এৰি যোৱাৰ খবৰটো সিমানেই উৰাবাতৰি, যিমান ডাঙৰ উৰা বাতৰি হ’ব পাৰে – মোডীয়ে মোক সাক্ষাৎকাৰ ল’বলৈ আমন্ত্ৰণ জনাইছে আৰু তেওঁৰ দুৱাৰমুখত হাতত মুম্বাইৰ আম লৈ অভিনেতা অক্ষয় কুমাৰ থিয় হৈ ৰৈ আছে৷ ইতি, ৰবীশ কুমাৰ, পৃথিৱীৰ প্ৰথম আৰু সৰ্বাধিক শূন্য টি আৰ পি থকা এংকৰ৷’ 

স্বাভাৱিকতে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয় মালিকানাধীন টিভি চেনেলটোৰ হিন্দী বিভাগৰ অন্যতম শীৰ্ষ সাংবাদিক ৰবীশ কুমাৰৰ এই স্পষ্টীকৰণে তামাম বিজেপি সমৰ্থকক হতাশ কৰিছে৷ কোৱা বাহুল্য মাথোঁ, গৌতম আদানিৰ এনডি টিভিৰ স্বত্ত্ব ক্ৰয় লগে লগে ৰবীশ কুমাৰে বিদায় ল’ব বুলি ভবাটো বাতুলামি মাত্ৰ৷ অৱশ্যে পৰিৱৰ্তিত পৰিস্থিতিত ৰবীশ  কুমাৰে এনডি টিভি ভৱিষ্যতে ত্যাগ কৰাটো অস্বাভাৱিক ঘটনা নহ’ব৷ কিয়নো প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ স্নেহধন্য গুজৰাটৰ উদ্যোগপতি গৌতম আদানিয়ে ‘আঁত ঘাট বান্ধি’ অৰ্থাৎ হাতত ডাঙৰ পৰিকল্পনা লৈ সম্পূৰ্ণ প্ৰস্ততি চলাইয়েই এনডি টিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে৷ কিয়নো এই মুহুৰ্তত এনডি টিভিত গৌতম আদানিৰ কোম্পানীতকৈ অধিক অংশীদাৰিত্ব থকা ব্যক্তি হ’ল প্ৰতিষ্ঠাতা প্ৰণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়৷ তেওঁলোকৰ পাছতে মঙলবাৰৰ পৰা এনডি টিভিৰ অন্যতম মালিক হিচাপে স্বত্ত্ব লাভ কৰিলে গৌতম আদানিয়ে৷ সন্দেহ নাই, এয়া তেওঁৰ দেশৰ মিডিয়া ক্ষেত্ৰ সামগ্ৰিকভাৱে দখল কৰাৰ আগ্ৰাসী পৰিকল্পনাৰ এটা অংশ মাত্ৰ৷ যদিও গৌতম আদানি নেতৃত্বাধীন আদানি গ্ৰুপৰ সহযোগী সংস্থা এ এম জি মিডিয়া নেটৱৰ্কছ লিমিটেডে এনডি টিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে, তথাপি পৰোক্ষভাৱে এই অংশীদাৰিত্বৰ মালিক হৈ পৰিছে স্বয়ং গৌতম আদানি৷ কোম্পানীটোৱে ষ্টক মাৰ্কেটৰ পৰা  অংশীদাৰিত্ব ক্ৰয় কৰি এনডি টিভিৰ পৰোক্ষ মালিক হোৱাৰ ঘটনাই টিভি চেনেলটোৰ প্ৰতিষ্ঠাকালৰ  মালিকপক্ষক অসন্তুষ্ট কৰি তুলিছে৷ 

এনডি টিভিৰ পক্ষৰ পৰা আগবঢ়োৱা প্ৰতিক্ৰিয়াত গৌতম আদানিৰ সহযোগী কোম্পানীৰ অংশীদাৰিত্ব ক্ৰয়ৰ পদক্ষেপক সহজভাৱে লোৱা নাই মূল মালিকে৷ এনডি টিভিৰ প্ৰতিষ্ঠাপক প্ৰণয় ৰয় আৰু তেওঁৰ পত্নী ৰাধিকা ৰয়ৰ হাতত এতিয়া কোম্পানীটোৰ ৩২.২৬ শতাংশ অংশীদাৰিত্ব আছে৷ তাৎপৰ্যপূৰ্ণভাৱে গৌতম আদানিৰ এ এম জি মিডিয়া নেটৱৰ্কছ লিমিটেডে মঙলবাৰে এনডি টিভিৰ ২৯.১৮ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰাৰ পূৰ্বে তেওঁলোকে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ৰ সৈতে সামান্যতমো আলোচনা কৰা নাছিল৷ সেয়ে এ এম জি মিডিয়া নেটৱৰ্কছ লিমিটেডৰ এই অংশীদাৰিত্ব ক্ৰয়ক এনডি টিভিৰ পক্ষৰ পৰা বৈৰীতামূলক ক্ৰয় প্ৰক্ৰিয়া বুলি অভিহিত কৰা হৈছে৷ প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে তেওঁলোকৰ চেনেলটোৰ স্বত্ত্ব যে গৌতম আদানিৰ কোম্পানীয়ে ক্ৰয় কৰিছে সেই খবৰ লাভ কৰিছিল ‘ছেবি’য়ে প্ৰেৰণ কৰা জাননীৰ পৰা৷ কোনো আলোচনা অবিহনে এনে বিশাল অংশীদাৰিত্ব ক্ৰয় কৰাৰ ক্ষেত্ৰত ডাঙৰ অভিসন্ধি লুকাই থকা বুলি চৰ্চা হৈছে৷ কিয়নো সৰ্বাধিক অংশীদাৰিত্ব থকা অৰ্থাৎ মূল স্বত্ত্বাধিকাৰীৰ সৈতে এনেদৰে কোনো কোম্পানীৰ বিশাল অংশীদাৰিত্ব ক্ৰয় কৰাৰ পূৰ্বে সততে আলোচনা হয়৷ উভয়পক্ষৰ  সন্মতিৰ পাছতহে নতুন কোম্পানীয়ে বিশাল অংশীদাৰিত্ব ক্ৰয় কৰে বা কৰিব পাৰে৷ এই ক্ষেত্ৰত কিন্তু তেনে প্ৰক্ৰিয়া গ্ৰহণ কৰা নহ’ল৷ প্ৰকৃততে প্ৰণয় ৰয় আৰু ৰাধিকা ৰয়ে জানিবলৈ নাপালে, তেওঁলোকৰ নিজৰ হাতেৰে গঢ়ি তোলা টিভি চেনেলটোৰ বিৰাট এটা অংশ তেওঁলোকৰ পচন্দ নোহোৱা কোনো ব্যৱসায়ীয়ে ক্ৰয় কৰি লৈছে৷ সেয়ে গৌতম আদানিৰ সহযোগী কোম্পানী এ এম জি মিডিয়া নেটৱৰ্কছ লিমিটেডৰ এই অংশীদাৰিত্ব ক্ৰয়ক ‘হ’ষ্টাইল’ বা বৈৰীতামূলক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে৷ সেই দিশৰ পৰা বিজেপিৰ সমৰ্থক উল্লসিত হ’বই পাৰে৷  

প্ৰসংগতঃ উল্লেখযোগ্য, চলিত বছৰৰ মে’ত আদানি গ্ৰুপে ডিজিটেল নিউজ যোগানকাৰী প্ৰতিষ্ঠান ‘ব্লুমবাৰ্গ  কুইণ্ট’ৰ  ৪৯ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰি লৈছিল৷ সেই পদক্ষেপেৰে আদানি গ্ৰুপে দেশবাসীক বুজাই দিছিল যে, মিডিয়াৰ ব্যৱসায়তো গৌতম আদানি দেশৰ ভিতৰত অগ্ৰণী হ’বলৈ আগবাঢ়িছে৷ এতিয়া মঙলবাৰে এনডি টিভিৰ বিশাল অংশীদাৰিত্ব ক্ৰয় কৰাৰ পাছত সেই বিষয়ত সন্দেহ নোহোৱা হৈছে৷ কোৱা বাহুল মাথোঁ, সম্প্ৰতি দেশত সকলো নিউজ চেনেল আৰু সংবাদ পত্ৰ গোডী মিডিয়া হৈ পৰাৰ সময়ত কেৱল এনডি টিভিহে প্ৰতিষ্ঠানবিৰোধী আছিল৷  সেই বিৰোধীক গুজৰাটী উদ্যোগপতি গৌতম আদানিয়ে ক্ৰয় কৰি লোৱাৰ পাছত সম্ভৱতঃ দেশত কোনো বিজেপি বিৰোধী মিডিয়া নাথাকিব৷