Logo
image

বিহগুৰিৰ শিক্ষয়িত্ৰী মীনাক্ষি গোস্বামীলৈ ৰাষ্ট্ৰীয় বঁটা

আমাৰ অসম, ২৬ আগষ্টঃ তেজপুৰৰ নাতিদূৰৰ বিহগুৰি মৌজাৰ পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মীনাক্ষি গোস্বামীলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা’৷ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অধীনস্থ বিদ্যালয় শিক্ষা আৰু পুথিভঁৰাল বিভাগৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে৷ ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগটোৰ ‘শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা’ শাখাৰ সঞ্চালক জি বিজয়া ভাস্কৰে প্ৰেৰণ কৰা বিভাগীয় পত্ৰত উল্লেখ কৰা মতে, এইবাৰ শিক্ষক দিৱস উপলক্ষে দেশৰ মুঠ ৪৬গৰাকী শিক্ষকলৈ আগবঢ়োৱা হৈছে শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা৷ এই তালিকাত স্থান পোৱা অসমৰ একমাত্ৰ শিক্ষকগৰাকীয়েই হৈছে মীনাক্ষি গোস্বামী৷ শিক্ষক দিৱস উপলক্ষে ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ অনুষ্ঠানত মীনাক্ষি গোস্বামীকে ধৰি কেউজনকে ২০২২ বৰ্ষৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব৷ এই বঁটাত প্ৰমাণ-পত্ৰৰ লগতে থাকিব নগদ ধন আৰু ৰূপৰ পদক৷ বঁটাপ্ৰাপকসকলক ৩ ছেপ্টেম্বৰত নতুন দিল্লীত উপস্থিত হ’বলৈ কোৱা হৈছে– সংশ্লিষ্ট বিভাগৰ দ্বাৰা৷ উল্লেখ্য, বিহগুৰিৰ পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ইংৰাজীৰ বিষয় শিক্ষয়িত্ৰীৰূপে যোগদান কৰা মীনাক্ষি গোস্বামীয়ে পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব বহন কৰে৷ ২০০৭ চনত ভাৰতীয় চিকিৎসা সন্থাৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক নাৰী দিৱসত বিশেষভাৱে পুৰস্কৃত হয় কৃতী শিক্ষয়িত্ৰী আৰু সুদক্ষ প্ৰশাসক মীনাক্ষি গোস্বামী৷ ২০১৬ চনত অইল ইণ্ডিয়া লিমিটেডৰ সন্মানজনক ‘শিক্ষাৰত্ন’ পুৰস্কাৰ লাভ কৰা মীনাক্ষি গোস্বামীয়ে ২০১৮ চনত কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা লাভ কৰে৷ ২০১৯ চনৰ গণৰাজ্য দিৱসত মীনাক্ষি গোস্বামীক অসম চৰকাৰে বিশেষভাৱে সন্মান জনায়– শিক্ষা, কলা-সংস্কৃতি আৰু মানৱ সম্পদৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁ আগবঢ়োৱা বৰঙণিৰ বাবে৷ ছাত্ৰ জীৱনত তীক্ষ্ণ মেধাৰ পৰিচয় দিয়া মীনাক্ষি গোস্বামী এগৰাকী আগশাৰীৰ কবি৷ ভাৰতৰ বিভিন্ন ঠাইৰ উপৰি বিদেশতো কবিতাৰ বহু কাৰ্যসূচীত অংশ লোৱা মীনাক্ষি গোস্বামী একাধিক গ্ৰন্থৰ ৰচয়িতা৷ নৰ্থ-ইষ্ট ৰাইটাৰ্ছ ফ’ৰামৰ অন্যতম সদস্য মীনাক্ষি গোস্বামী এগৰাকী দক্ষ ক্ৰীড়া সংগঠকো৷ মীনাক্ষি গোস্বামীৰ প্ৰয়াত পিতৃ, তেজপুৰৰ মাজগাঁও ৰত্নপুৰ নিবাসী ড॰ লোহিত চন্দ্ৰ গোস্বামী আছিল তেজপুৰ চৰকাৰী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু এগৰাকী বিশিষ্ট শিক্ষাবিদ৷ মীনাক্ষি গোস্বামীৰ মাতৃ গীতা গোস্বামী সৰবৰহী আৰু ধৰ্মপ্ৰাণা মহিলা, সুগৃহিনী৷ শিক্ষা, সাহিত্য আৰু ক্ৰীড়া জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, তেজপুৰৰ কমাৰচুবুৰী নিবাসী মীনাক্ষি গোস্বামী সামাজিক কাম-কাজতো বিশেষভাৱে আগৰণুৱা৷ এইবাৰৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমৰ একমাত্ৰ শিক্ষক মীনাক্ষি গোস্বামীৰ কৃতিত্বৰ বাবে বৃহত্তৰ বিহগুৰি পিঠাখোৱা অঞ্চলৰ উপৰি তেজপুৰকে ধৰি সমগ্ৰ শোণিতপুৰ জিলাত পৰিলক্ষিত হৈছে আনন্দময় পৰিৱেশ৷ অসম সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, তেজপুৰ সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বাণ থিয়েটাৰ, তেজপুৰ জিলা মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা, উচ্ছতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা আৰু তেজপুৰ জাৰ্নেলিষ্ট ইউনিয়নকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অসমলৈ সন্মান কঢ়িয়াই অনাৰ বাবে মীনাক্ষি গোস্বামীক অভিনন্দন জনাইছে৷ ৫ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মীনাক্ষি গোস্বামীকে ধৰি দেশৰ মুঠ ৪৬গৰাকী কৃতী শিক্ষকক প্ৰদান কৰিব শিক্ষকৰ অতি সন্মানজনক ৰাষ্ট্ৰীয় বঁটা৷ ২০২২ বৰ্ষৰ শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা মীনাক্ষি গোস্বামীয়ে বৃহস্পতিবাৰে নিশা ‘আমাৰ অসম’ক এইদৰে কয়– ‘বঁটা লাভ কৰাৰ বাবে নি(য় ভাল লাগিছে৷ তাতকৈ বেছি ভাল লাগিছে এইবাবেই যে ইয়াৰ জৰিয়তে বিহগুৰি পিঠাখোৱাৰ টুমুকীস্থিত কৰ্মবীৰ চন্দ্ৰনাথ উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনৰ নাম উচ্ছাৰিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ত৷ সামগ্ৰিকভাৱে অসমৰ বাবে আৰু বিশেষভাৱে শোণিতপুৰ আৰু তেজপুৰৰ লগতে বিহগুৰি পিঠাখোৱা অঞ্চলৰ উপৰি মই কাম কৰা বিদ্যালয়খনৰ বাবে এয়া গৌৰৱৰ বিষয়৷ মই ভাবোঁ যে মোৰ সহকৰ্মী শিক্ষক-কৰ্মচাৰীসকলৰ সহায়-সহযোগ অবিহনে এয়া সম্ভৱ নহ’লহেঁতেন৷ মই মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সন্মানীয় অভিভাৱক-অভিভাৱিকাসকলক তেখেতসকলৰ নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ টুমুকী-পিঠাখোৱাকে ধৰি বৃহত্তৰ বিহগুৰি অঞ্চলৰ সকলো শ্ৰেণীৰ ৰাইজক– যিসকলৰ সহায়-সহযোগ আৰু সৰ্বাত্মক অংশগ্ৰহণ অবিহনে চন্দ্ৰনাথ শৰ্মা উচ্ছতৰ মাধ্যমিক বিদ্যালয়খনে বৰ্তমানৰ অৱস্থান নাপালেহেঁতেন৷ মই মোৰ এই বঁটা সেই সকলোৰে নামত অৰ্পণ কৰিছোঁ৷ এই বঁটাৰ প্ৰকৃত গৌৰৱৰ অংশীদাৰ সেইসকলহে৷ মোক শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচন কৰাৰ কাৰণে মই ভাৰত চৰকাৰক ধন্যবাদ জনাইছোঁ৷ এই বঁটাই মোৰ দায়িত্ব আৰু কৰ্তব্য দুগুণে বৃদ্ধি কৰিলে বুলি মই উপলব্ধি কৰিছোঁ৷’