
বিটিচিৰ নিৰ্বাচন প্ৰসংগত
বিগত দুমাহ ধৰি বিটিচি নিৰ্বাচনৰ প্ৰসংগই সকলো সংবাদ মাধ্যমত স্থান পালে৷ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰখনৰ কাৰ্যকাল উকলি যোৱাৰ সময়ত সৃষ্টি হোৱা কভি’ড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ৰাজ্যপালৰ শাসন জাৰি কৰা হয়৷ ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে আদালতত আৱেদন জনালেও সেয়া গ্ৰাহ্য নহ’ল৷ তেনে পৰিস্থিতিত বিটিচি অঞ্চলৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পোষকতা কৰে৷ পিছে, অসম চৰকাৰ আৰু বিজেপি দলৰ বিৰোধিতাৰ বাবে নিৰ্বাচন গৈ গৈ ডিচেম্বৰ পায়৷ অৱশেষত কভি’ড পৰিস্থিতিৰ মাজতে বিটিচি নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু ইতিমধ্যে ফলাফলো ওলাইছে৷
বিটিচি নিৰ্বাচনটো ভালেকেইটা দিশৰ পৰা গুৰুত্বপূৰ্ণ হৈ উঠিল৷ এটা সময়ত বড়ো বসতিপ্ৰধান অঞ্চলটোক অৱহেলা কৰা বুলি উঠা অভিযোগৰ ভিত্তিত জন্ম পোৱা বিদ্ৰোহী সংগঠনসমূহে মূলসুঁতিলৈ ঘূৰি অহাৰ লগতে বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰিলে৷ ইফালে দেখা গ’ল নিৰ্বাচনটোত বিজেপি দল নিজৰ মিত্ৰদল বিপিএফৰ বিৰুদ্ধে যুদ্ধংদেহি মনোভাবেৰে নামি পৰে৷ আনফালে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল দলে বিজেপিৰ লগত ভিতৰুৱা বুজাবুজিৰে চৰকাৰ দখলৰ বাবে উঠিপৰি লাগে৷ ফলত এই নিৰ্বাচনটোৱে বিধানসভা, লোকসভা নিৰ্বাচনৰ দৰে আকৰ্ষণীয় হৈ পৰে৷ প্ৰথমবাৰৰ বাবে বিটিচিৰ নিৰ্বাচনক লৈ অসমত এক ৰাজনৈতিক জাগৰণ হ’ল৷ এটা পৰিষদীয় নিৰ্বাচনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে৷ এনে হোৱাৰ ফলত ব্যয়বহুল দীঘলীয়া নিৰ্বাচনী প্ৰচাৰে সস্তীয়া পৰ্যায় পালে৷
এটা সময়ত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে এই অঞ্চলত বিএলটি, এনডিএফবিৰ দৰে কেইবাটাও উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছিল৷ এই সংগঠনসমূহে অঞ্চলটোত উগ্ৰবাদী কাৰ্যকলাপ বৃদ্ধি কৰিছিল৷ স্বাধীন বড়োলেণ্ডৰ দাবী উত্থাপন হৈছিল৷ ‘ডিভাইড আছাম ফিফ্টী ফিফ্টী’ শ্লোগান জোৰদাৰ হৈ উঠিছিল৷ বড়োভূমিৰ ছাত্ৰ সংগঠন এবছুয়ে সুকীয়া বড়োলেণ্ডৰ দাবীত দীঘলীয়া আন্দোলন সংগঠিত কৰে৷ বড়োভূমিত অশান্তিয়ে স্থায়ী ৰূপ লয়৷ বড়োভূমিৰ অশান্তিয়ে সমগ্ৰ অসমক অশান্ত কৰি তোলে৷ ইতিমধ্যে আলফাই স্বাধীন অসমৰ দাবীত পৰিস্থিতি অস্থিৰ কৰি তুলিছিল৷ সকলো মিলি অসম হৈ পৰিছিল অশান্ত অঞ্চল৷ অশান্ত অসমক শান্ত কৰিবলৈ যাওঁতে শ-শ লোকে শ্বহীদ বৰণ কৰিবলগীয়া হয়, হাজাৰ হাজাৰ লোক নিৰ্যাতিত আৰু অপমানিত হ’বলগীয়া হয়৷ আলফা আৰু বড়ো বিদ্ৰোহী সংগঠনক নিয়ন্ত্ৰণ কৰিবলৈ যাওঁতে বহু যুৱকৰ মৃত্যু হয়৷ দীৰ্ঘদিনীয়া সংঘাতৰ অন্তত বিএলটি আৰু ভাৰত চৰকাৰৰ মাজত আলোচনা হয় আৰু অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত গঠিত হয় বড়োলেণ্ড টেৰিটৰী কাউঞ্চিল, বিটিচি৷
বিএলটিৰ সদস্যসকলৰ নেতৃত্বত গঠিত বিপিএফ দলে বিটিচিৰ শাসনভাৰ লয়৷ বড়োভূমিত আৰম্ভ হয় উন্নয়নৰ নতুন ব্যৱস্থা৷ বিপিএফ দলে ইতিমধ্যে সোতৰ বছৰ শাসন কৰিলে৷ পিছে, সোতৰ বছৰৰ পাছত বড়োভূমিত সৃষ্টি হৈছে নতুন সমীকৰণ৷ উত্থাপিত হৈছে বিটিচিপ্ৰধানৰ দুৰ্নীতিৰ বিষয়৷ এইবাৰৰ নিৰ্বাচনত দুৰ্নীতিৰ বিষয়টোৱে নিৰ্বাচনী প্ৰচাৰত যথেষ্ট গুৰুত্ব পালে৷
বিএলটিয়ে অস্ত্ৰ সম্বৰণ আৰু চৰকাৰত অংশগ্ৰহণ কৰাৰ পাছতো এন ডিএফবি সক্ৰিয় হৈ আছিল৷ এসময়ত এনডিএফবি কেইবাটাও গোটত বিভাজিত হৈ পৰে আৰু উগ্ৰপন্থী কাৰ্যকলাপ চলাই নিয়ে৷ অঞ্চলটোত বুলেট আৰু বোমাৰ ৰাজত্ব চলি থাকে৷ গুৱাহাটীৰ মাজমজিয়া গণেশগুৰি, পাণবজাৰত সংঘটিত হয় ঘৃণনীয় বোমা বিস্ফোৰণৰ দৰে ঘটনা৷ এবছুৰ অসম বিভাজনৰ দাবীও চলি থাকে৷ এই সময়ৰ ভিতৰতে বড়োলেণ্ডত বড়ো-অবড়োৰ সংঘাতৰ ৰাজনীতি আৰম্ভ হয় আৰু এসময়ৰ উগ্ৰপন্থী নেতা নৱ শৰণীয়াই অবড়ো লোকৰ সমৰ্থনত কোক্ৰাঝাৰৰ সাংসদ নিৰ্বাচিত হয়৷
লক্ষণীয় বিষয়টো হ’ল বিপিএফ দলে আৰম্ভণিৰে পৰাই চৰকাৰৰ অংশীদাৰ হৈ আছে৷ এটা সময়ত কংগ্ৰেছ চৰকাৰৰ অংশীদাৰ দলটো বৰ্তমান বিজেপি চৰকাৰৰ অংশীদাৰ হৈ আছে৷ বিটিচিপ্ৰধান মহিলাৰীয়ে ৰাজহুৱাভাৱে কৈছিল তেওঁলোক সদায় যি দলে চৰকাৰ কৰিব সেই দলৰ লগতে থাকিব৷
এনে অৱস্থাত অনুষ্ঠিত নিৰ্বাচনৰ পাছৰ পৰিস্থিতি অধিক আকৰ্ষণীয় হৈ উঠিছে৷ চৰকাৰৰ মিত্ৰদল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ সংখ্যাগৰিষ্ঠ দল হোৱাৰ পাছতো দলটোক একাশৰীয়া কৰি বিজেপিয়ে ৰাতিটোৰ ভিতৰতে ‘ডিভাইড অছাম ফিফ্টী ফিফ্টী’ আন্দোলনৰ নায়ক তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু অবড়ো ভোটৰ ওপৰত নিৰ্ভৰশীল সাংসদ তথা গণ সুৰক্ষা পাৰ্টীৰ মুৰব্বী নৱ শৰণীয়াক লগত লৈ চৰকাৰ গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ তাৰ মাজতো লাজ-অপমান কাটি কৰি বিপিএফৰ মুৰব্বীজনে চৰকাৰ গঠনৰ বাবে বিজেপিৰ সহায় ভিক্ষা কৰি আছে৷ ৰাইজক বিভ্ৰান্ত কৰি বিজেপিয়ে কৈছে– বিধানসভাৰ নিৰ্বাচনপৰ্যন্ত বিপিএফৰ সৈতে মিত্ৰতা থাকিব আৰু তিনিজন মন্ত্ৰীও চৰকাৰত থাকিব৷
এইবাৰৰ বিটিচি নিৰ্বাচনটোৱে প্ৰতিটো দলৰ চৰিত্ৰ উদঙাই দিলে৷ ৰাজনীতিত সকলো সম্ভৱ বুলি পুনৰ প্ৰমাণ কৰিলে৷ ক্ষমতাই মূৰত ধৰা ৰাজনীতিকে যিকোনো পৰ্যায়লৈ যে যাব পাৰে, সেই কথা আকৌ এবাৰ দেখুৱাই দিল৷ ক’ভিডৰ সংক্ৰমণ চলি থকা অৱস্থাতে চৰকাৰী আৰু বিৰোধী পক্ষত থকা সকলো দলেই প্ৰমাণ কৰি দিলে জনসাধাৰণৰ জীৱনৰ মূল্যতকৈ তেওঁলোকৰ ৰাজনৈতিক হিচাপ-নিকাচবোৰ বেছি গুৰুত্বপূৰ্ণ৷