Logo
image

অসমৰ ‘শিক্ষা’ক কেজৰিৱালৰ কটাক্ষ, মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰত্যুত্তৰ

দিল্লীৰ মডেল স্কুল তুলনামূলকভাৱে সকলো দিশতে পিছপৰা, অসমৰ পৰা শিকিবলৈ কেজৰিৱাল অসমলৈ আহকঃ মন্ত্ৰী পীয়ূষ

আমাৰ অসম, ২৬ আগষ্টঃ অসমৰ শিক্ষাক লৈ  দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলিছে প্ৰচণ্ড টুইট যুদ্ধ৷ বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ শিক্ষাক কটাক্ষ কৰি এটা টুইট কৰাৰ পাছতেই আজি নিশা আন এক টুইট কৰি কেজৰিৱালক থকা-সৰকা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শিক্ষামন্ত্ৰী হৈ থকা কাৰ্যকালৰ পৰা বৰ্তমানলৈকে অসমত কিমানখন নতুন চৰকাৰী স্কুল পাতিলে, কেনেধৰণৰ নতুন নতুন দৃষ্টিভংগীৰ মডেল স্কুল স্থাপন হ’ল বা কিমানখন স্কুল প্ৰাদেশিকীকৰণ কৰিলে ইয়াৰ সমস্ত তথ্য টুইটযোগে দাঙি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰ বিপৰীতে কেজৰিৱালে যোৱা সাত বছৰত কি কৰিলে তাৰো হিচাব বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে মেট্ৰিকৰ ফলাফল শূন্য তথা কম ছাত্ৰ-ছাত্ৰী থকাৰ অজুহাতত ৰাজ্য চৰকাৰে প্ৰায় আঢ়ৈ হাজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ ওলোৱা সন্দৰ্ভত অসমৰ ‘শিক্ষা’ক কটাক্ষ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বুধবাৰে টুইটযোগে এনেদৰে মন্তব্য কৰিছিল– ‘স্কুল বন্ধ কৰাটো সমাধান নহয়৷ আমি এতিয়া সমগ্ৰ দেশতে বহুতো নতুন স্কুল খোলাৰহে প্ৰয়োজনীয়তা আছে৷ স্কুল বন্ধ কৰাৰ পৰিৱৰ্তে স্কুলৰ সংস্কাৰ ঘটাই পঢ়া-শুনা ঠিক কৰক৷’ উল্লেখ্য, অৰবিন্দ কেজৰিৱালৰ এই টুইটৰ পাছতেই দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক উভতি ধৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিশা কৰা টুইটত  এনেদৰে কয়– ‘কেজৰিৱালজীয়ে কোনো ধৰণৰ হোমৱৰ্ক নকৰাকৈ কথা কয়৷ মই শিক্ষামন্ত্ৰী থকাৰ পৰা বৰ্তমানলৈকে ৮,৬১০খন নতুন চৰকাৰী স্কুল প্ৰতিষ্ঠা কৰা হৈছে৷ আপোনাৰ চৰকাৰে যোৱা সাত বছৰত কিমান চৰকাৰী স্কুল প্ৰতিষ্ঠা কৰিলে৷ ২০১৩ চনৰ পৰা ৬,৮০২খন প্ৰাথমিক বিদ্যালয় আৰু ১,৫৮৯খন মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ল৷ ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয় স্থাপন কৰা হ’ল৷ ৩খন নেতাজী সুভাষ চন্দ্ৰ বসু আবাসিক বিদ্যালয় স্থাপন কৰা হ’ল৷ ৩৮খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ’ল৷ চাহ বাগিচাৰ ৯৭খন মডেল স্কুল স্থাপন কৰা হ’ল৷’ শেষত মুখ্যমন্ত্ৰী শৰ্মাই টুইটত কটাক্ষ কৰে যে দিল্লীৰ ফিগাৰটো জানিবলৈ তেওঁ ইচ্ছুক৷ ইফালে, অসমৰ শিক্ষাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে কেবিনেট মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীয়ূষ হাজৰিকায়ো৷ মন্ত্ৰী হাজৰিকাই কয় যে আম আদমি পাৰ্টীৰ শিক্ষাৰ মডেলে দেশৰ ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক ডুবাইছে৷ অসমত কোনো স্কুল বন্ধ কৰা হোৱা নাই৷ সৰ্বদিশৰ শৈক্ষিক উত্তৰণৰ বাবে একাংশ স্কুল একত্ৰীকৰণহে কৰা হৈছে৷ অসমৰ স্কুলক লৈ অৰবিন্দ কেজৰিৱালে কোৱাৰ কোনো অধিকাৰ নাই৷ তেওঁৰ দিল্লী মডেলৰ ভুৱা স্কুলৰ সত্য সময়ে সময়ে ফাদিল হৈয়ে আছে৷ আম আদমি পাৰ্টীৰ শিক্ষা মডেলে দিল্লীৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ অৱনমিত কৰিছে৷ ২০১১ চনত দিল্লীত ৯৯.০৯ শতাংশ ছাত্ৰ-ছাত্ৰী দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২০২২ চনত মাত্ৰ ৮১.২৭ শতাংশহে উত্তীৰ্ণ হৈছে৷ দিল্লীৰ মডেল স্কুলবিলাক পণ্ডিচেৰীৰ স্কুলৰ তুলনাত সৰ্বদিশত নিম্নগামী৷ ‘অসমৰ পৰা শিকিবলৈ কেজৰিৱাল ডাঙৰীয়া অসমলৈ আহক৷’– শেষত এনেদৰে অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰে মন্ত্ৰী হাজৰিকাই৷

দিল্লীত উজলিছে চৰকাৰী স্কুল, অসম এখনৰ পাছত এখন স্কুলত তলাঃ আপ

অসমৰ চৰকাৰী বিদ্যালয়ৰ বাবে এক জটিল সংকট নমাই আনিছে ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বি জে পি চৰকাৰে৷ যি সময়ত অৰবিন্দ কেজৰীৱাল নেতৃত্বাধীন আপ চৰকাৰে দিল্লীৰ চৰকাৰী বিদ্যালয় সমূহক জাকত জিলিকা কৰি গঢ়ি তুলিছে৷  চৰকাৰী বিদ্যালয়ৰ দিল্লী মডেল আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰশংসিত হৈছে সেই সময়ত অসমত ইখনৰ পিছত সিখন বিদ্যালয় বন্ধ কৰাত নামি পৰিছে ৰাজ্য চৰকাৰ৷ বৃহস্পতিবাৰে গণেশগুৰিস্থিত আপৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এইদৰে অভিযোগ কৰে দলটোৰ কেবাজনো নেতাই৷  আপৰ অসমৰ ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাই আঁত ধৰা এক সংবাদ মেলত ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা, লক্ষ্মী কান্ত দুবে, সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰীয়ে কয় যে সৌ সিদিনা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে চৰকাৰী বিদ্যালয়ৰ বাবে সাহায্য বিচাৰি বিধায়ক সকললৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ এই পত্ৰত বিদ্যালয় চলাবলৈ আৰ্থিক সংকটৰ কথা উল্লেখ কৰিছিল৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে কৌশলগত ভাবে শিক্ষামন্ত্ৰীৰ এই আহ্বানক প্ৰধানমন্ত্ৰীৰ এক আঁচনিৰ অংশ বুলি অভিহিত কৰি দান সম্পৰ্কে তাত্বিক বক্তব্য আগবঢ়াই৷ ইতিমধ্যেই শিক্ষা বিভাগত মাধ্যম বিতৰ্কৰ সূত্ৰপাত কৰিছে এইখন চৰকাৰে৷ দান বিচৰা মাধ্যম বিতৰ্ক চলি থকা সময়তে চৰকাৰে ইখনৰ পিছত সিখন চৰকাৰী বিদ্যালয় একত্ৰীকৰনৰ নামত চিৰকালৰ বাবে বিলুপ্ত নাইবা বন্ধ কৰাত নামি পৰিছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী বা শিক্ষা মন্ত্ৰীয়ে অজুহাত দেখুৱাইছে যে বন্ধ কৰিব বিচৰা বিদ্যালয় সমূহৰ ফলাফল বেয়া৷ এতিয়া আপ অসমে এই সন্দৰ্ভত স্পষ্ট তাৰে কয় যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্য খনৰ সুদীৰ্ঘ কাল শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ শিক্ষামন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা বাৰ্থ হোৱাৰ পৰিণতিত চৰকাৰৰ বৰ্তমানৰ বিদ্যালয় বন্ধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্তৰ বলি হব লগা হৈছে ছাত্ৰ ছাত্ৰী, শিক্ষক আৰু অভিভাৱক সকল৷ অসমৰ চৰকাৰী বিদ্যালয় সমূহ ধাৰাবাহিক ভাবে বন্ধ কৰা বিষয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো চৰ্চা হৈছে৷ আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীয়ালেও টুইটাৰত অসমৰ বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত কৈছে যে বিদ্যালয় বন্ধ কৰাটো সমস্যাৰ সমাধান হব নোৱাৰে৷ এইয়া অসমৰ চৰকাৰী শিক্ষাৰ বাবে দুৰ্ভাগ্যজনক কথা৷ যি সময়ত পুঁজিৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ বাবে শিক্ষামন্ত্ৰীয়ে সাহায্য বিচাৰিছে দুৰ্বল ফলাফলৰ দোহাই দি বিদ্যালয় বন্ধ কৰাত নামি পৰিছে একে সময়তে মুখ্যমন্ত্ৰী গৰাকী আকৌ ব্যক্তিগত বিদ্যালয়ৰ পৃষ্ঠপোষক হিচাপে অৱতীৰ্ণ হৈছে৷ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আমিনগাঁৱত প্ৰায় ৬০ বিঘা মাটিত অভিলাষী বিদ্যালয় খুলিছে৷ তাত অসম চৰকাৰে ২০১৮ চনতে অধিসূচনা জাৰি কৰি নামভৰ্ত্তি,  মাহেকীয়া মাচুল আদিৰ ধনৰ ক্ষেত্ৰত যি সৰ্বোচ্ছ পৰিমাণ নিৰ্ধাৰণ কৰি দিছিল তাক দেশদেখকৈ উলংঘা কৰা হৈছে৷ ইফালে মুখ্যমন্ত্ৰীয়ে নিজে পঢ়া গান্ধীবস্তি প্ৰাথমিক বিদ্যালয় খনকেই আজিলৈকে উন্নত কৰি দেখুৱাব নোৱাৰিলে৷ শিক্ষামন্ত্ৰীয়ে কালি শিক্ষকৰ টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক ডাক্তৰ, ইঞ্জিনিয়াৰ ডিগ্ৰীধাৰীৰ সৈতে তুলনা কৰি  কৰা মন্তব্য গৰিহণাযোগ্য৷ আনহাতে সংবাদ মেলত আপৰ ফালৰ পৰা চৰকাৰক ৰাজ্যৰ ২০০০-২৫০০খন চৰকাৰী বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱা হয়৷