Logo
image

নতুন ট্ৰেফিক ছিগ্‌নেলত নিষেধ মন্ত্ৰী-নেতাৰ ছাইৰেন

আমাৰ অসম, ২৬ আগষ্টঃ চাইৰেনৰ বিকট শব্দত দিনে-নিশাই সন্ত্ৰস্ত হৈ থাকিব লাগে গুৱাহাটীবাসী৷ ৰাজপথত চলাচল কৰা সৰ্ব সাধাৰণ লোক ‘চাইৰেন আতংক’ত ভূগিবলগীয়া হয় সকলো সময়তে৷ অৱশেষত এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয় গুৱাহাটী মহানগৰ আৰক্ষী৷ বৃহস্পতিবাৰে গুৱাহাটী আৰক্ষী আয়ুক্ত হৰমিত সিঙে এখন সংবাদমেলত চাইৰেন ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ সকীয়নি দি যান-জঁটৰ সময়ত কোনো ৰাজানৈতিক নেতা বা আৰক্ষী বিষয়াই যদি চাইৰেন ব্যৱহাৰ কৰে তেনে লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ যান-যটত আবদ্ধ হৈ থকা কোনো লোকে যাতে চাইৰেন নবজায়৷ ইয়াৰ পিছতো যদি কোনো আৰক্ষী বিষয়া বা ৰাজনৈতিক নেতাই যান-যটত আবদ্ধ হৈ থকাৰ সময়তো চাইৰেন বজায় তেন্তে তেনে দৃশ্য ভিডিঅ’ কৰি আৰক্ষীক দিবলৈ ৰাইজক আহ্বান জনাইছে আৰক্ষী আয়ুক্তজনে৷ আৰক্ষীয়ে তেনে লোকৰ বিৰুদ্ধে তাৎক্ষণীকভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিব৷ উল্লেখ্য যে চাইৰেন ব্যৱহাৰৰ ক্ষেত্ৰত ইতিমধ্যে দেশৰ উচ্ছতম ন্যায়ালয়ে কেতবোৰ কঠোৰ বাধা নিষেধ আৰোপ কৰি থৈছে৷ এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী বিষয়া, নিৰ্মাণ সামগ্ৰী কঢ়িওৱা বাহন আৰু পৰিবহণ বিভাগৰ বিষয়াই কেবল মাত্ৰ কৰ্তব্যৰ সময়তহে গাড়ীত চাইৰেন ব্যৱহাৰ কৰিব পাৰিব বুলি উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দি থৈছে৷ অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পিছতে তদানীন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ কনভয়ত চাইৰেন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছিল৷ একেই ব্যৱস্থা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও অনুসৰণ কৰি আছে৷ আজিৰ তাৰিখত মুখ্যমন্ত্ৰীৰ কনভয় সাধাৰণ লোকৰ বাহন দৰে গুৱাহাটীৰ ৰাজপথত ঘূৰা ফুৰা কৰি থাকে৷ কোনো ধৰণৰ চাইৰেন বজোৱা নহয়৷ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বিপৰীতে শাসকীয় দলৰ একাংশ নেতা-পালীনেতা পৰ্যন্ত গুৱাহাটীৰ ৰাজপথেই হওক বা ৰাজ্যৰ অন্য ঠাইতে হওক যধে মধে চাইৰেন বজাই  পাৰ হৈ যোৱা দেখা পোৱা যায়৷ কেবল মন্ত্ৰীয়ে নহয়, বিভিন্ন নিকায়-নিগমৰ অধ্যক্ষ আনকি উপাধ্যক্ষ পৰ্যন্ত চাইৰেল বজাই ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি কৰি আহিছে৷ নিকায়-নিগমৰ অধ্যক্ষ উপাধ্যক্ষ, বিভিন্ন শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য, আনকি মন্ত্ৰী পত্নীও গুৱাহাটীৰ ৰাজপথত চাইৰেন বজাই ঘূৰি ফুৰাৰ মানসিকতা সহজলভ্য দৃষ্টি হৈ পৰিছে৷ আনকি যান-যটত সোমাই পৰা বা ট্ৰেফিক চিগনেলৰ বাবে ৰ’বলগীয়া হ’লেও ৰাজনৈতিক নেতা-পালিনেতা আৰু মন্ত্ৰীৰে চাইৰেন বজাই ৰাইজক আতংকিত কৰাটো এটা নিয়মত পৰিণত হৈছে৷ লক্ষণীয়ভাৱে মন্ত্ৰী বা ৰাজনৈতিক নেতা-পালিনেতাই নহয়, আৰক্ষী প্ৰশাসনৰ একাংশ আমোলা বিষয়াও চাইৰেন বজাই ঘূৰি ফুৰাটো অভ্যাসত পৰিণত হৈছে৷ যি সময়ত সৰ্বসাধাৰণ লোক গুৱাহাটীৰ ৰাজপথত সৃষ্টি হোৱা অভাবনীয় যান-জটৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰৈ থাকিবলৈ বাধ্য হয়, তেনে সময়তো যান-জঁট ফালি একাংশ নেতা আৰু শীৰ্ষ পদবীৰ আমোলা বিষয়াৰ গাড়ী চাইৰেন বজাই অতি দৃষ্টি কটুভাবে আগবাঢ়ি যোৱাৰ প্ৰৱণতাই অধিক দুৰ্ভোগ ভোগাই আহিছে সৰ্বসাধৰণ লোকক৷ এনে এক অৰাজকত পৰিস্থিতিৰ অবসান ঘটাবলৈয়ে আজি যাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই এই ক্ষেত্ৰত কঠোৰ সিদ্ধান্ত ঘোষণা কৰিবলৈ বাধ্য হয়৷ এতিয়াৰে পৰা পুলিছে হওঁক বা নেতাই হওঁক, গুৱাহাটীৰ নতুন ট্ৰেফিক চিগনেলত কোনেও চাইৰেন বজাব নোৱাৰিব৷ চাইৰেন বজোৱা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব আৰক্ষীয়ে৷

স্বয়ংক্ৰিয় ট্ৰেফিক ছিগনেল ব্যৱস্থাত এসপ্তাহৰ পাছতে ‘ই-চালান’

স্মাৰ্ট চিটী ৰূপ ল’বলৈ গৈ থকা গুৱাহাটী মহানগৰীত ৭৮.৪৪ কোটি টকা ব্যয়ৰে আৰম্ভ কৰা হৈছে অত্যাধুনিক ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম চমুকৈ আইটিএমএছ৷ যোৱা ২৩ আগষ্টত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ত জিএছ ৰোডৰ ২০টা স্থানত কাৰ্যক্ষম হৈ উঠা আইটিএমএছ পদ্ধতিৰে চলিব লগা অত্যাধুনিক ব্যৱস্থাটোৰ শুভাৰম্ভ কৰিছিল৷ ইয়াৰ পাছৰে পৰা পৰীক্ষামূলকভাৱে এই ২০টা স্থানত স্বয়ংক্ৰিয়ভাৱে যান-বাহন চলাচলৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰি অহা হৈছে৷ উলুবাৰীস্থিত আইটিএমএছৰ কাৰ্যালয়ৰ পৰাই নিয়ন্ত্ৰণ কৰি থকা হৈছে৷ সংহত যাতায়াত ব্যৱস্থাপনা প্ৰণালীৰে মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ কৰাৰ সময়তে বহুতে এই ব্যৱস্থাটোক সমালোচনা কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণেৰে লিখা-মেলা আৰম্ভ কৰিছে৷ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত আৰম্ভ কৰা ইণ্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেম মানি চলিবলৈ ৰাইজক আহ্বান জনাই আৰক্ষী আয়ুক্ত হৰমিত সিঙে৷ আজি পাণবজাৰ পুলিচ ৰিজাৰ্ভত এক সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ইতিমধ্যে আইটিএমএছ পদ্ধতিৰ জৰিয়তে যান-জঁট নিয়ন্ত্ৰণৰ বাবে প্ৰথম পৰ্যায়ত ২০টা স্থানত স্বয়ংক্ৰিয় সংকেতৰ ব্যৱস্থা কৰা হৈছে৷ দ্বিতীয় পৰ্যায়ত ৩০টা আৰু তৃতীয় পৰ্যায়ত ৪৪টা স্থানত আইটিএমএছ পদ্ধতিৰে যান জঁট নিয়ন্ত্ৰণ কৰা হ’ব৷ আইটিএমএছ পদ্ধতিত যান-বাহন আইন উলংঘা কৰা লোকসকলে স্বয়ংক্ৰিয়ভাৱে ই-চালান লাভ কৰিব৷ এসপ্তাহৰ ভিতৰত ই-চালান পদ্ধতি কাৰ্যকৰী কৰা হ’ব৷ সেয়েহে যান-বাহন আইন মানি চলিবলৈ ৰাইজক আৰক্ষী আয়ুক্ত হৰমিত সিঙে আহ্বান জনায়৷ সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে জনসাধাৰণে সন্মুখীন হৈ অহা অসুবিধাসমূহৰ বিষয়ে ছ’চিয়েল মিডিয়া অথবা ফোনযোগে এই সন্দৰ্ভত দিহা পৰামৰ্শ দিবলৈও ৰাইজক আহ্বান জনায়৷ সংবাদমেলত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত, যান-বাহন শাখাৰ ডিচিপি হেমন্ত কুমাৰ বৰ্মণ উপস্থিত থাকে৷ আইটিএমএছৰ অধীনত মূল নিৰ্দেশনা সমূহ হ’ল– ৰঙা লাইট জ্বলি থকাৰ সময়ত ক্ৰছ লাইন অতিক্ৰম নকৰিব৷ ক্ৰছ লাইন অতিক্ৰম কৰিলে সংস্থাপিত চিচি কেমেৰাত বন্দী হ’ব আৰু স্বয়ংক্ৰিয়ভাৱে ই চালান লাভ কৰিব আইন উলংঘাকাৰী চালকে৷ ট্ৰেফিক ছিগনেলৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ যান-বাহন পাৰ্কিং কৰিব নোৱাৰিব৷ ন’ পাৰ্কিং এৰিয়াত যান-বাহন পাৰ্কিং নকৰিব৷  লেন ড্ৰাইভিং কৰিব লাগিব৷ শ্বপিং মল ক’ছিং চেণ্টাৰ নিজাববীয়াকৈ নিয়ন্ত্ৰণ কৰিব লাগিব৷ অন্যথা বাতিল হ’ব ট্ৰেড লাইচেঞ্চ৷ গুৱাহাটী মহানগৰীত সুচল যাতায়াত ব্যৱস্থা প্ৰদানৰ বাবে আইটিএমএছ পদ্ধতিৰে স্বয়ংক্ৰিয় ট্ৰেফিক ছিগনেলৰ ব্যৱস্থা কৰিছে৷ এই সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰি আৰক্ষী আয়ুক্ত হৰমিত সিঙে যান-বাহন আইন মানি চলিবলৈ ৰাইজক আহ্বান জনায়৷ সংবাদমেলত তেওঁ লগতে মহানগৰীত একাংশ শ্বপিং মল, ক’ছিং চেণ্টাৰ, চুপাৰ মাৰ্কেট, ডিপাৰ্টমেণ্টেল ষ্টোৰৰ কতৃৰ্পক্ষই যানজঁট নিয়ন্ত্ৰণৰ বাবে যান-বাহন আৰক্ষীক হেঁচা প্ৰদান কৰি অহা বুলি উল্লেখ কৰে৷ আৰক্ষী আয়ুক্তগৰাকীয়ে আজি শ্বপিং মল, ক’ছিং চেণ্টাৰ, চুপাৰ মাৰ্কেট, ডিপাৰ্টমেণ্টেল ষ্টোৰ কতৃৰ্পক্ষই নিজাববীয়াকৈ যানজট নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিব৷ তদুপৰি এনেধৰণৰ প্ৰতিষ্ঠানসমূহৰ সন্মুখত কোনোধৰণৰ পাৰ্কিং কৰিব নোৱাৰিব৷ অন্যথা এনে শ্বপিং মল, ক’ছিং চেণ্টাৰকে ধৰি অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ট্ৰেড লাইছেঞ্চ পৰ্যন্ত বাতিল কৰিব বুলিও আৰক্ষী আয়ুক্ত হৰমিত সিঙে স্পষ্ট কৰি দিয়ে৷ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অনাহকত চাইৰেণ বজাই অতিষ্ঠ কৰা বাহনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে কয়৷