Logo
image

ঝাঁছিৰ পৰা দিল্লীলৈ মিলিন্দ সুমনৰ দৌৰ

প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ

আমাৰ অসম, ২৬ আগষ্টঃ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ত্ৰিৰংগা পতাকা হাতত লৈ ঝাঁছিৰ পৰা দিল্লীলৈ মাৰাথন দৌৰ সম্পন্ন কৰিলে মডেল অভিনেতা মিলিন্দ সুমনে৷ ১৫ আগষ্টত আৰম্ভ কৰা হৈছিল এই দৌৰ৷ নতুন দিল্লীত দৌৰ সমাপ্ত¸ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে অসমৰ জোঁৱাই তথা ছুপাৰ মডেল মিলিন্দে৷ এই দৌৰত তেওঁ মুঠ ৪৫১ কিলোমিটাৰ দৌৰিছিল আৰু প্ৰতিদিনে ৫৩ কিলোমিটাৰকৈ দৌৰিছিল মিলিন্দে৷ দিল্লীত উপস্থিত হৈয়ে তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু মোদীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে মিলিন্দে৷ টুইটাৰত তেওঁ লিখিছে– ‘ইউনিটী ৰাণৰ শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰোঁ৷ খেলা-ধূলা, স্বাস্থ্য আৰু ফিটনেছ সম্পৰ্কীয় প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ প্ৰতি পাৰস্পৰিক আগ্ৰহক লৈ আলাপ-আলোচনা কৰোতে সুখী অনুভৱ কৰোঁ৷ সমগ্ৰ দেশে যোগ-ব্যায়াম আৰু আয়ুৰ্বেদ প্ৰচাৰৰ কাৰণে যি কৰিছে তাৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়৷ মিলিন্দে প্ৰধানমন্ত্ৰীক এটা গোপালৰ মূৰ্তি উপহাৰ দিয়ে৷ যি মূৰ্তি অসম কন্যা তথা মিলিন্দৰ পত্নীা অংকিতাই বৃন্দাবনৰ পৰা কিনি আনিছিল৷ দিল্লীৰ লালকিল্লাত ত্ৰিৰংগা ধৰি তেওঁ কয়– ‘শৰীৰ চৰ্চাৰ কাৰণে জিম নহয়, নিয়মানুৱৰ্তিতা আৰু ইচ্ছাৰ প্ৰয়োজন৷’