Logo
image

বিধায়ক পদ হেৰুৱাই অপসাৰিত হোৱাৰ পথত মুখ্যমন্ত্ৰী চোৰেণ

আমাৰ অসম, ২৬ আগষ্টঃ যিকোনো মুহূৰ্ততে গাদী হেৰুৱাব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে৷ অকল মুখ্যমন্ত্ৰীৰ গাদীয়েই নহয়, খাৰিজ হ’ব পাৰে তেওঁৰ বিধায়ক পদো৷ ভাৰতৰ নিৰ্বাচন আয়োগে চোৰেনৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে ঝাৰখণ্ডৰ ৰাজ্যপাললৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷ এনে অৱস্থাত ৰাজ্যপালৰ সিদ্ধান্তৰ ওপৰত ওলমি ৰৈছে মুখ্যমন্ত্ৰীজনৰ ভাগ্য৷ উল্লেখ্য, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ বিৰুদ্ধে বিজেপিয়ে কিছুদিন পূৰ্বে তেওঁ লাভজনক পদবীৰ সুবিধা লৈ থকা বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ নামত এটা শিলৰ খনি থকা বুলি অভিযোগ কৰিছিল. ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীজনে সংবিধান উলংঘা কৰাৰ অভিযোগ কৰিছিল গেৰুৱা দলটোৱে৷ এই সন্দৰ্ভত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজেপিৰ ৰঘুবৰ দাস আৰু বিজেপিৰ বিধায়িনী দলৰ নেতা বাবুলাল মাৰাণ্ডীয়ে ৰাজ্যপালক সাক্ষাৎ কৰি হেমন্ত চোৰেনৰ বিধায়ক পদ খাৰিজৰ বাবে আনুষ্ঠানিকভাৱে দাবী জনায়৷ ইয়াৰ পাছতে ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ নামত শিলৰ খনি আৱণ্টন হোৱা সন্দৰ্ভত সত্যা-সত্য জানিবলৈ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰে৷ মুখ্য সচিবৰ পৰা এই সন্দৰ্ভত পোৱা উত্তৰৰ পাছত ৰাজ্যপালে বিষয়টো নিৰ্বাচন আয়োগক অৱগত কৰাত অৱশেষত আজি আয়োগে হেমন্ত চোৰেনৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে ৰাজ্যপাললৈ প্ৰস্তাৱ প্ৰেৰণ কৰে৷

উল্লেখ্য, সংবিধান অনুসৰি কোনো জনপ্ৰতিনিধিয়ে লাভজনক পদৰ সুবিধা লাভ কৰি থকাটো সংবিধানবিৰোধী৷ এনে ক্ষেত্ৰত নিজৰ নামত শিলৰ খনি আৱণ্টন লৈ মুখ্যমন্ত্ৰী চোৰেনে সংবিধান উলংঘা কৰাৰ অভিযোগ কৰে বিজেপিয়ে৷ ইপিনে, মুখ্যমন্ত্ৰীজনে বিজেপিৰ অভিযোগ পোনচাটেই নাকচ কৰি এয়া তেওঁৰ বিৰুদ্ধে গেৰুৱা দলটোৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে৷