Logo
image

মধ্যপ্ৰাচ্যৰ পৰা উভতিয়েই নড্ডাৰে বৈঠক সোণোৱালৰ

আমাৰ অসম, ২৬ আগষ্টঃ মধ্যপ্ৰাচ্যৰ পৰা উভতিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক বৃহস্পতিবাৰে সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ উল্লেখ্য, ২৯ আগষ্টত অসম ভ্ৰমণলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নড্ডা৷ ইৰাণ আৰু সংযুক্ত আৰব আমীৰশ্বাহীলৈ চৰকাৰী ভ্ৰমণত যোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত সাক্ষাৎ কৰি দীঘলীয়া আলোচনাত মিলিত হয়৷ বিজেপিৰ সদ্যগঠিত কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিত স্থান লাভ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে হৈছে দলৰ এই সৰ্বোচ্ছ সমিতিত দায়িত্ব পোৱা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন লোক৷ এই সাক্ষাৎকাৰত দলৰ সাংগঠনিক কাম-কাজৰ বিষয়ে সোণোৱালে নাড্ডাৰে আলোচনা কৰে৷ অসমৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো দুয়োজন নেতাই বিস্তৃতভাৱে আলোচনা কৰে৷ উল্লেখ্য, বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰো অধ্যক্ষৰ দায়িত্বত আছে জে পি নাড্ডা৷