Logo
image

’৫১ নে ’৭১? ঐতিহাসিক ৰায়ৰ অপেক্ষাত ৰাজ্য

২৯ আগষ্টত সাংবিধানিক বিচাৰপীঠত শুনানি

আমাৰ অসম, ২৬ আগষ্টঃ অসমৰ পৰা অবৈধ বিদেশী বহিষ্কাৰৰ ভিত্তিবৰ্ষ কি হ’ব? অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ চন নে ১৯৭১ চন হ’ব সেয়া চূড়ান্ত কৰিব সৰ্বোচ্ছ ন্যাালয়ৰ সাংবিধানিক বিচাৰপীঠে৷ উচ্ছতম ন্যায়ালয়ৰ ৫জনীয়া সাংবিধানিক বিচাৰপীঠে ২৯ আগষ্টৰ পৰা দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ থকা দেশৰ ২৫টা গোচৰৰ শুনানি গ্ৰহণৰ দিন ধাৰ্য কৰিছে৷ সৰ্বোচ্ছ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত অসম সন্মিলিত মহাসংঘই ২০১২ চনতে ৰুজু কৰা বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰিব৷ উল্লেখ্য, অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে ৰাষ্ট˜সংঘৰ খিলঞ্জীয়ালোকৰ অধিকাৰ চনদৰ ভিত্তিত সুৰক্ষা নিশ্চিত কৰি ভাৰতৰ সংবিধান অনুসৰি অসমত বিদেশীৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ নিৰ্ধাৰণ কৰাৰ আৰ্জিৰে সন্মিলিত মহাসংঘই ডব্লিউ পি [চি]৫৬২/২০১২ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাই সাংবিধানিক বিচাৰপীঠত ক্ষীপ্ৰ শুনানিৰ বাবে মহাসংঘৰ গোচৰটোকো তালিকাভুক্ত কৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে মহাসংঘৰ এই গোচৰটোৰ ৰায়দান ওপৰতেই অসমত প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু অবৈধ বিদেশী চিনাক্তকৰণ তথা বহিষ্কৰণৰ ভিত্তিৰ তাৰিখ নিৰ্ধাৰিত হ’ব৷ সমগ্ৰ দেশতে নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ চন যদিও অসমৰ ক্ষেত্ৰত অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৫ মাৰ্চ হিচাপে ধৰা হয়৷ ইতিমধ্যে অসমত প্ৰস্তুত হোৱা এনআৰচিও ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈয়ে প্ৰস্তুত কৰা হৈছিল৷ স্বাভাৱিকতে এতিয়া এই গোচৰটোৰ ৰায়দান বিদেশী চিনাক্তকৰণ আৰু খিলঞ্জীয়াৰ সুৰক্ষাক লৈ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ উচ্ছতম ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’বলগীয়া উদয় উমেশ ললিতৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত ২৯ আৰু ৩০ আগষ্টত হ’বলগীয়া শুনানিত গোচৰীয়া মহাসংঘৰ হৈ মতিউৰ ৰহমান উপস্থিত থাকিব বুলিও জানিব পৰা গৈছে৷

সাংবিধানিক বিচাৰপীঠত শুনানি হ’ব ২৫টা গোচৰৰ

২৬ আগষ্টত দেশৰ মুখ্য ন্যায়াধীশ হিচাপে এন ভি ৰামনাই অৱসৰ গ্ৰহণ কৰিব৷ সোমবাৰৰ পৰা গ্ৰহণ কৰিবলগীয়া ‘ফাষ্ট-ট্ৰেক’ শুনানিসমূহ অতি গুৰুত্বপূৰ্ণ তথা সংবেদনশীল গোচৰৰ ওপৰত একেৰাহে চলি থাকিব৷ ‘ফাষ্ট-ট্ৰেক’ শুনানি গ্ৰহণ কৰিব লগীয়া গোচৰসমূহৰ ভিতৰত আছে বিমুদ্ৰাকৰণক প্ৰত্যাহ্বান জনোৱা আবেদন, তদন্তকাৰী সংস্থা চি বি আইৰ সাংবিধানিক বৈধতাকে ধৰি কেবাটাও ধৰ্মীয় বিষয় সম্পৰ্কীয় গোচৰ৷ ইপিনে ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভৱিষ্যতো উচ্ছতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ‘ফাষ্ট-ট্ৰেক’ শুনানিত নিৰ্ভৰ কৰি আছে৷ কাৰণ ২০১৮ চনৰ ফেব্ৰুৱাৰীত তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰহিণ্টন ফলি নাৰিমনে আছাম পাব্লিক ৱৰ্কছৰ নাগৰিকপঞ্জী সংক্ৰান্ত গোচৰৰ [২৭৪/০৯] সৈতে সন্নিবিষ্ট এটা বিষয় [অসম সন্মিলিত মহাসংঘৰ লেখ আবেদনঃ ৫৬২/১২] সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল৷ মূলত অসম চুক্তিৰ আধাৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনত প্ৰবৰ্তন কৰা ৬ [এ] অনুচ্ছেদৰ সাংবিধানিক বৈধতা চালিজাৰি চোৱাৰ বাবেই ৰঞ্জন গগৈ আৰু নাৰিমনৰ বিচাৰপীঠে মুঠ ১৩টা প্ৰশ্ন উত্থাপন কৰি সমগ্ৰ বিষয়টো সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল৷ অৰ্থাৎ নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষকলৈ সাংবিধানিক বিচাৰপীঠে গ্ৰহণ কৰিবলগীয়া ৰায়দানৰ ওপৰতেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভৱিষ্যত নিৰ্ধাৰিত হ’ব৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ে ‘ফাষ্ট-ট্ৰেক’ শুনানিৰ বাবে ২৫টা গুৰুত্বপূৰ্ণ তথা সংবেদনশীল গোচৰ চিহ্নিত কৰিছে যদিও এই মুহূৰ্তত সাংবিধানিক বিচাৰপীঠত ৪৯২টা গোচৰ বিচাৰাধীন হৈ আছে৷ ইয়াৰ ভিতৰত ৩৪২টা পাঁচজনীয়া বিচাৰপীঠত, ১৫টা সাতজনীয়া বিচাৰপীঠ আৰু ১৩৫টা নজনীয়া বিচাৰপীঠত বিচাৰাধীন হৈ আছে৷ আনহাতে উচ্ছতম ন্যায়ালয়ত এই মুহূৰ্তত ৭১, ৪১১টা গোচৰ অমীমাংসিতভাৱে পৰি ৰৈছে৷ ইয়াৰ ভিতৰত ১০, ৪৯১টা গোচৰ ১০ বছৰৰ অধিক সময় ধৰি অমীমাংসিত হৈ আছে৷