Logo
image

স্বাক্ষৰ অভিযান চলিছে মন্ত্ৰী জয়ন্তমল্ল চুপ

আমাৰ অসম, ২৬ আগষ্টঃ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে দ্বিতীয় দিনাও প্ৰতিবাদ অব্যাহত ৰাখে সংঘ পৰিবাৰে৷ বিজেপিৰ অভিভাৱক আৰ এছ এছৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এবিভিপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অৱমাননা কৰা সিদ্ধান্তৰ বিৰুদ্ধে ধাৰাবাহিক গণ স্বাক্ষৰ অভিযান অব্যাহত ৰাখিছে৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰাথমিক পৰ্যায়তো গণিত-বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত শিক্ষা দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতাৰে এবিভিপিয়ে বুধবাৰৰে পৰা শিক্ষানুষ্ঠানে-শিক্ষানুষ্ঠানে গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে৷ তিনিদিনীয়া এই গণ স্বাক্ষৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আৰ এছ এছৰ ছাত্ৰ সংগঠনটোৱে বিজেপি চৰকাৰে অসমতে অসমীয়া ভাষাক ৰসাতলে নিয়াৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও মুকলিকৈ অভিযোগ কৰিছে৷ বুধবাৰে বিজেপিৰ বহুবল্কী বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলা নলবাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে বৃহস্পতিবাৰেও ছাত্ৰ সংগঠনটোৱে প্ৰতিখন জিলাৰ লগতে মহানগৰীৰ পশ্চিম গুৱাহাটী কৰ্মাচ কলেজ আৰু প্ৰাগজ্যোতিষ কলেজৰ সন্মুখতো মাতৃভাষা সংৰক্ষণৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰে৷ তদুপৰি এবিভিপিয়ে বিশ্বনাথ, কলিয়াবৰ, তিনিচুকীয়া, ধেমাজিং, শিলচৰ, যোৰহাট, ৰঙিয়া, ধুবুৰী, কৰিমগঞ্জ, লখিমপুৰ আদি চহৰৰ শিক্ষানুষ্ঠানতো স্বাক্ষৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷ লক্ষণীয়ভাৱে এবিভিপিয়ে অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰোধিতা কৰি এটা বিবৃতি প্ৰকাশ কৰিছিল যদিও এই বিবৃতিক গ্ৰহণ কৰা নহ’ব বুলি স্পষ্ট কৰি দিছিল নিজ দলৰে চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ সততে বাটে ঘাটে সাংবাদিকক ডিঙিৰ শিৰ ফুলাই নীতি শিক্ষা দি ফুৰা বহুলবল্কী মন্ত্ৰীজনে এখোপ ওপৰলৈ গৈ আৰ এছ এছৰ ছাত্ৰ সংগঠনটোক চোৰ-ডকাইতৰ সৈতে তুলনা কৰি ৰাজহুৱাকৈ অপদস্থ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷ অৱশ্যে ছাত্ৰ সংগঠনটোৰ ৰোষত কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ষমা খুজিবলৈ বাধ্য হৈছিল যদিও সংঘাত শাম কটাৰ বাবে অধ্যয়নৰত কন্যাক সাক্ষাৎ কৰাৰ চালৰে মুম্বাইলৈ ৰাওনা হৈছিল৷ কিন্তু এবিভিপিৰ প্ৰতিবাদ দেখি এতিয়াও মুম্বাইৰ পৰা গুৱাহাটীলৈ ঘূৰি আহিবলৈ মন্ত্ৰী জয়ন্ত মল্লই সাহস গোটাব পৰা নাই বুলিও সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে৷ অৱশ্যে নিজৰ মুখ বন্ধ ৰাখি মুম্বাইত ব্যস্ত থকা দেখুৱাই জয়ন্ত মল্ল বৰুৱাই ফেচবুকত ফটোসহ বিভিন্ন প’ষ্ট দিলেও ক্ষুব্ধ এবিভিপিয়ে ইতিপূৰ্বে বিবৃতিযোগে জয়ন্ত মল্ল বৰুৱাক এবিভিপিৰ সন্দৰ্ভত জ্ঞান প্ৰদানৰ বাবে প্ৰশিক্ষণ দিয়াৰ বাবেও সাজু বুলি স্পষ্ট কৰি দিছে৷  আৰ এছ এছৰ ছাত্ৰ সংগঠনটোক অসমবাসীৰ ওচৰত চোৰ-ডকাইতৰ সৈতে তুলনা কৰি ৰাজহুৱাকৈ অপদস্থ কৰাৰ সন্দৰ্ভত ইতিমধ্যে এবিভিপিয়ে সংঘৰ নেতৃত্বকো অভিযোগ দিয়া বুলি জানিব পৰা গৈছে৷ ইয়াৰ মাজতে নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদে বিজেপিক যে অস্বস্তিত পেলাইছে সেয়া নকলেও স্পষ্ট৷ অৱশ্যে এবিভিপিক চোৰ ডকাইতৰ লগত তুলনা কৰাৰ পাছত ছাত্ৰ সংগঠনটোৱে প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অনাগত দিনত কিদৰে গ্ৰহণ কৰিব সেয়া হ’ব লক্ষণীয়৷

সাপেখাতীত এবিভিপিৰ গণস্বাক্ষৰ অভিযান

সমগ্ৰ অসমৰ লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাপেখাতী শাখাই আজি তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ গণিত আৰু বিজ্ঞানৰ পাঠদান ইংৰাজী মাধ্যমত বাধ্যতামূলক কৰাৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযান হাতত লয়৷ উক্ত কাৰ্যসূচীত সাপেখাতী মহাবিদ্যালয়, স্থানীয় শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণৰ মাজত স্বাক্ষৰ অভিযান গ্ৰহণ কৰে৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাপেখাতী শাখাৰ তৰফৰ পৰা গণস্বাক্ষৰ অভিযানত ৩০০ ৰ অধিক ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণে অংশগ্ৰহণ কৰে৷ এই কাৰ্যক্ৰমৰ যোগেদি পৰিষদে নিজৰ স্বতন্ত্ৰ ধাৰণা স্পষ্ট কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ কৰা নহ’ব বুলি ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়৷