Logo
image

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদপ্ৰত্যাশী ঋষিৰ গো-পূজা

আমাৰ অসম, ২৭ আগষ্টঃ ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ, ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনক আৰু তেওঁৰ ভাৰতীয় পত্নী অক্ষতা ছুনকে ইংলেণ্ডৰ গোপূজা কৰি বিস্ময়ৰ সৃষ্টি কৰিছে৷ দেশৰ মাটিত অৰ্থাৎ ভাৰতত গোমাতা পূজা কৰা সহজাত ঘটনা৷ যিকোনো স্থানত, মন্দিৰত গোমাতাৰ পূজা কৰা হয়৷ উৰুলি, শংখধবনি, কাঁহৰ ঘণ্টা বজাই গো-পূজা কৰাৰ দৃশ্য ভাৰতৰ অতি সুলভ৷ বিলাতত এনে দৃশ্য কস্মিনকালেও দেখা নাযায়৷ কিন্তু প্ৰধানমন্ত্ৰী পদৰ দৌৰত প্ৰায় শীৰ্ষস্থানত থকা ঋষি ছুনকে ইংলেণ্ডত গোমাতাৰ পূজা কৰি নিজকে কি ভাৰতৰ বিজেপিৰ নেতাৰ দৰে অতি-হিন্দু প্ৰমাণিত কৰাৰ চেষ্টা চলাইছে? ঋষি ছুনক আৰু তেওঁৰ পত্নী অক্ষতাৰ গো-পূজা দেখি বিলাততো সেই প্ৰশ্ন উঠিছে৷ প্ৰবাসী ভাৰতীয় মূলতঃ বিজেপিৰ সমৰ্থক৷ ঘাইকৈ গুজৰাট, ৰাজস্থান আৰু উত্তৰ ভাৰতৰ গো-বলয়ৰ যিসকল ভাৰতীয়ৰ কৰ্মস্থান আৰু বাসস্থান এতিয়া প্ৰবাস, তেওঁলোক তৰ্কাতীতভাৱে মোদীপ্ৰেমী আৰু বিজেপিৰ ঘোৰ সমৰ্থক৷ ইংলেণ্ডো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ তেনে ভোটাৰক প্ৰভাৱিত কৰাৰ বাবেই ঋষি ছুনকে এই পন্থা হাতত লোৱা বুলি চৰ্চা হৈছে৷ কনজাৰভেটিভ দলৰ  প্ৰায় ২ লাখ সদস্যৰ ভোটে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ অন্তিম ঢাপ৷ অহা ৫ ছেপ্টেম্বৰত ঘোষণা হ’ব সেই ভোটাৰৰ সমৰ্থন কাৰ প্ৰতি অধিক৷ ধাৰণা কৰা হৈছে, এই গোমাতা পূজাই প্ৰবাসী ভাৰতীয় কনজাৰভেটিভ সদস্যৰ ভোট ঋষি ছুনকমুখী কৰিব৷ ভাৰতত ৰাজনীতিৰ অলিন্দ্যত গোমাতাৰ প্ৰৱেশ ঘটিছে ২০১৪ চনৰ পৰা, মোদী আৰু বিজেপিৰ আগমনৰ পাছত৷ অনেক বিজেপি নেতা-নেত্ৰীয়ে গো-মূত্ৰ পান কৰে৷ কিছুসংখ্যকে গৰুৰ গাখীৰত সোণ থকা বুলিও দাবী কৰে৷ তথাপি ঋষি ছুনক আৰু তেওঁৰ ভাৰতীয় পত্নী অক্ষতা ছুনকৰ এই পূজাৰ আগলৈকে বিলাতত গোমাতাৰ পূজা, তাকো শীৰ্ষ ৰাজনীতিকৰ দ্বাৰা সম্পূৰ্ণ বিৰল ঘটনা হিচাপেই পৰিচিত আছিল৷ পিছে নিৰ্বাচনৰ শেষ পৰ্যায় অতিক্ৰম কৰাৰ পূৰ্বে ঋষি-অক্ষতাৰ গোমাতা পূজাই বেছ কৌতুহল, বিস্ময়ৰ সৃষ্টি কৰিছে৷ পূজাৰ ফটো আৰু ভিডিঅ’ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈছে৷ কোনে জানে, গোমাতাৰ পূজাই কিজানি ভাৰতীয় বংশোদ্ভৱ ঋষি ছুনকক এসময়ৰ প্ৰবল প্ৰতাপী ব্ৰিটিছ শাসকৰ সৰ্বোচ্ছ আসনত অধিষ্ঠিত কৰেই!