Logo
image

দেওবাৰেও ইণ্টাৰনেট কৰ্তন

উচ্ছ ন্যায়ালয়ত আবেদন খাৰিজ

আমাৰ অসম, ২৭ আগষ্টঃ দেওবাৰ অৰ্থাৎ ২৮ আগষ্টতো বন্ধ থাকিব মোবাইলৰ ইণ্টাৰনেট সেৱা৷ অসম চৰকাৰৰ তৃতীয়বৰ্গৰ পৰীক্ষাৰ দিনটোত নিৰ্দিষ্ট সময়ৰ বাবে মোবাইল ইণ্টাৰনেট ডাটা ছাৰ্ভিচ কৰ্তনৰ ক্ষেত্ৰত সেউজ সংকেত প্ৰদান কৰিলে গুৱাহাটী উচ্ছ ন্যায়ালয়ে৷ অসম চৰকাৰৰ গৃহ বিভাগে তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাৰ দিনকেইটাত নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰনেট কৰ্তনৰ জাৰি কৰা জাননীৰ ভিত্তিতে ইতিপূৰ্বে ২১ আগষ্টত অনুষ্ঠিত হৈ যোৱা চতুৰ্থবৰ্গৰ পদৰ পৰীক্ষাৰ দিনটোত ৰাজ্যজুৰি মোবাইলৰ ইণ্টাৰনেট ডাটা কৰ্তন কৰি  দিছিল৷ পৰীক্ষাৰ দিনটোত আগবেলা দুই ঘণ্টা আৰু পাছ বেলা দুই ঘণ্টাৰ বাবে ইণ্টাৰনেট কৰ্তনৰ কথা কোৱা হৈছিল যদিও বাস্তৱত সন্ধিয়া পৰ্যন্ত কৰ্তন কৰা হৈছিল মোবাইলৰ ইণ্টাৰনেট৷ ইফালে ইণ্টাৰনেট কৰ্তনৰ ফলত অনলাইন ব্যৱসায়ৰ লগতে বেংকিং সেৱাতো যথেষ্ট প্ৰভাৱ পৰিছিল৷ উবেৰ-অ’লা তথা ৰেপিড’ আৰু অনলাইন খাদ্য যোগনীয়াৰ ব্যৱসায় স্তব্ধ হৈ পৰাত উক্ত ব্যৱসায়ৰে জড়িত যুৱক-যুৱতীসকলৰ উপাৰ্জন বন্ধ হৈ পৰে৷ যাৰ পৰিপ্ৰেক্ষিততেই ২৮ আগষ্ট আৰু ৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ দিন দুটাত মোবাইল ইণ্টাৰনেট কৰ্তনৰ বিৰোধিতাৰে ৰাজু প্ৰসাদ শৰ্মা নামৰ এজন সমাজকৰ্মীয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰে৷ উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে উক্ত আবেদনৰ দুদিন ধৰি জৰুৰী শুনানি গ্ৰহণ কৰি চৰকাৰে ইণ্টাৰনেট বন্ধ ৰখাৰ সপেক্ষে ৰায়দান কৰি গোচৰীয় পক্ষৰ আবেদন খাৰিজ কৰে৷ চৰকাৰী পক্ষই মোবাইলৰ ইণ্টাৰনেট ডাটা বাহাল থাকিলে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ আশংকাৰ যুক্তি দাঙি ধৰাত ন্যায়ালয়ে ইণ্টাৰনেট কৰ্তনত সেউজ সংকেত প্ৰদান কৰে৷ অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ দিনটোত মোবাইল ইণ্টাৰনেট বন্ধ থকাটো নিশ্চিত হৈ পৰিল৷ উল্লেখ্য, ২৮ আগষ্টত ১৪,৪৩৭টা তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত ৰাজ্যৰ ২৬খন জিলাৰ পৰীক্ষাকেন্দ্ৰত ৯ লাখ ২১ হাজাৰ ৬০৪জন প্ৰাৰ্থী অৱতীৰ্ণ হ’ব৷ ইফালে ২১ আগষ্টত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ বৰ্গৰ ১৩,১৪১টা পদৰ পৰীক্ষাতো প্ৰায় পাঁচ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ অৱশ্যে যান-জঁটৰ বাবে শিলচৰত প্ৰায় পাঁচ হাজাৰ প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছিল৷ ইফালে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ৰায়দানৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কয়– ‘‘অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ছেবাক দায়িত্ব দিছিল৷ কিন্তু ছেবাৰ পৰা চৰকাৰলৈ প্ৰস্তাৱ আহিছিল যে– পূৰ্বৰ কেইবাটাও পৰীক্ষাত হোৱাট্‌ছএপ তথা ছ’চিয়েল মিডিয়াযোগে প্ৰশ্ন কাকত ফাদিল হৈছিল৷ সেয়েহে তেওঁলোকে পৰীক্ষাৰ সময়ছোৱাত মোবাইলৰ ইণ্টাৰনেট কৰ্তন কৰাটো পোষকতা কৰে৷ ইয়াৰ পূৰ্বে এছ আই পৰীক্ষা, এ পি ডি এলৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল৷ কনিষ্টবলৰ পৰীক্ষাতো প্ৰশ্নকাকত ফাদিল হৈছিল৷ কিন্তু উক্ত পৰীক্ষাৰ পাছত এই ঘটনা হোৱা বাবে কনিষ্টবলৰ পৰীক্ষাটো বাহাল ৰাখিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিততে অসম চৰকাৰে তৃতীয়-চতুৰ্থ পৰীক্ষাৰ ক্ষেত্ৰত পৰীক্ষাকেন্দ্ৰৰ এশ মিটাৰ ব্যাসাৰ্ধত মোবাইলৰ ইণ্টাৰনেট নেটৱৰ্ক কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ২০১৭ চনত কেন্দ্ৰীয় চৰকাৰৰ ছাচপেন্সন অৱ মোবাইল ছাৰ্ভিচ ৰোলৰ ভিত্তিত অসম চৰকাৰৰ গৃহ বিভাগে মোবাইলৰ ইণ্টাৰনেট কৰ্তনৰ জাননী কৰে৷ কিন্তু ৰাজু প্ৰকাশ শৰ্মা নামৰ এজন সমাজকৰ্মীয়ে ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বৰ্গৰ পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তনৰ বিৰোধিতা কৰি লেখ আবেদন দাখিল কৰিছিল৷ উক্ত গোচৰটোৰ দুয়োপক্ষৰ যুক্তি শুনাৰ পাছত শুকুৰবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ সুমন শ্যামৰ বিচাৰপীঠে ইণ্টাৰনেট কৰ্তনৰ বিৰোধিতাৰে দাখিল কৰা আবেদনখন খাৰিজ কৰে৷ অৰ্থাৎ দেওবাৰে তৃতীয়বৰ্গৰ পৰীক্ষাৰ সময়ত ২৬খন জিলাত মোবাইল ডাটাৰ ইণ্টাৰনেট বন্ধ হৈ থাকিব৷